ঘৰৰ মাটিত ঐতিহাসিক বিজয় অৰ্জন কৰিছে পুয়েৰ্টো ৰিকোৰ জেনিফাৰ বেৰেট্টোৱে। ৭৫ সংখ্যক মিছ ইউনিভাৰ্ছ ২০২৬ প্ৰতিযোগিতাৰ গ্ৰেণ্ড ফিনালেত বিজয়ীৰ মুকুট পিন্ধিলে ২৭ বছৰীয়া যুৱতীগৰাকীয়ে। ২৪ নৱেম্বৰত পুয়েৰ্টো ৰিকোৰ ছান জুয়ানৰ জোচে মিগেল এগ্ৰেল’ট কলিজিয়ামত বিদায়ী মিছ ইউনিভাৰ্ছ মেক্সিকোৰ ফাতিমা বছে নতুন বিজয়ীৰ শিৰত মুকুট পিন্ধায়।
এই জয়ৰ জৰিয়তে পুয়েৰ্টো ৰিকোৱে কেৱল ষষ্ঠবাৰৰ বাবে মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰাই নহয়, ২০২৩ চনত বিবাহিত মহিলা আৰু মাতৃক অংশগ্ৰহণৰ অনুমতি দিয়াৰ নিয়মৰ পিছত মিছ ইউনিভাৰ্ছ জয় কৰা প্ৰথমগৰাকী মাতৃ হিচাপেও জেনিফাৰে ইতিহাস ৰচনা কৰে।
প্ৰতিযোগিতাখনত প্ৰথম ৰানাৰ্ছ আপ ডমিনিকান ৰিপাব্লিকৰ মেলিছা নুনেজ আৰু দ্বিতীয় ৰানাৰ্ছ আপ ভেনিজুৱেলাৰ ক্লাৰা ভেগাছ গ’জে। ইয়াৰ উপৰিও ফিলিপাইনছৰ বিয়া মিলান-উইণ্ডাৰস্কি আৰু নিউজিলেণ্ডৰ জৰ্জিয়া ৱাডিংটন শীৰ্ষ পাঁচটা স্থানত ক্ৰমে চতুৰ্থ আৰু পঞ্চম স্থানত আছে। বিশেষ চূড়ান্ত অনুষ্ঠানটো সঞ্চালনা কৰিছিল মাৰিঅ’ লোপেজ আৰু ২০২২ চনৰ প্ৰাক্তন মিছ ইউনিভাৰ্ছ আৰ’বনি গেব্ৰিয়েলে।
চূড়ান্ত প্ৰশ্নোত্তৰ ছেছনত শীৰ্ষ পাঁচগৰাকী প্ৰতিযোগীকে সোধা হৈছিল, “এতিয়া বিশ্বৰ নেতাসকলৰ পৰা আপোনাক কি বেছি প্ৰয়োজন?” সহানুভূতি, দায়বদ্ধতা আৰু নিজে আদৰ্শ দাঙি ধৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰি জেনিফাৰে উত্তৰ দিয়ে, “মই বিশ্বাস কৰোঁ যে বিশ্বক এনে এজন নেতাৰ প্ৰয়োজন যি পেছাগতভাৱে সহানুভুতিশীল। আমি এনে এখন পৃথিৱীত বাস কৰোঁ য’ত আমি প্ৰায়ে আনক বিচাৰ বা প্ৰশ্ন কৰো, কিন্তু এজন নেতাই নিজৰ মূল্যবোধৰ পক্ষত থিয় দিব লাগে, আদৰ্শ দাঙি ধৰিব লাগে আৰু মানদণ্ড অধিক উন্নীত কৰিব লাগে।’
২০০৬ চনত জুলেকা ৰিভেৰাৰ পিছত ২০ বছৰীয়া অনুপস্থিতিৰ বিৰতিত মিছ ইউনিভাৰ্ছৰ মুকুট পুয়েৰ্টো ৰিকোলৈ ঘূৰি আহে। ইয়াৰ পূৰ্বে ১৯৭০ চনত (মেৰিছল মালাৰেট), ১৯৮৫ চনত (ডেবৰা কাৰ্থী-ডিউ), ১৯৯৩ চনত (ডায়ানাৰা টৰেছ), ২০০১ চনত (ডেনিছ কুইনোনেছ) আৰু ২০০৬ চনত দ্বীপ ৰাষ্ট্ৰখনে এই খিতাপ দখল কৰিছিল। ২০০১ চনত পুয়েৰ্টো ৰিকোৱে মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাও আয়োজন কৰিছিল। ঠিক ২৫ বছৰৰ পিছত তেওঁলোকে ঘৰুৱা মাটিত আয়োজক দেশ হিচাপে খিতাপ দখল কৰে।
১৯৫২ চনৰ পৰা আৰম্ভ হোৱা মিছ ইউনিভাৰ্ছৰ ৭৫ বছৰীয়া জয়ন্তী বা হীৰক জয়ন্তী উপলক্ষে এইবাৰ উন্মোচন কৰা হয় নতুন মুকুট। ছান জুয়ানৰ চূড়ান্ত মঞ্চত ঘোষণা কৰা হয় পৰৱৰ্তী সংস্কৰণৰ আয়োজক। ২০২৭ চনত কোষ্টা ৰিকাত অনুষ্ঠিত হ’ব ৭৬ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা।





