‘মিছন অপৰাজেয়’ৰ বেনাৰত মুম্বাইৰ পৰা আৰম্ভ হোৱা এই সাগৰীয় অভিযানটো গোৱা হৈ কৰ্ণাটকৰ উপকূলত সামৰণি পৰে। সামাজিক মাধ্যমযোগে এই কৃতিত্বৰ কথা প্ৰকাশ কৰি এলভিছ আলী হাজৰিকাই কয় যে ইমান দীৰ্ঘ দূৰত্বৰ সাগৰীয় ৰিলে সাঁতোৰ সম্পূৰ্ণ কৰা তেৱেঁই প্ৰথমগৰাকী অসমীয়া।
অভিযানটোৰ সময়ত সন্মুখীন হোৱা প্ৰতিকূল পৰিস্থিতিৰ বৰ্ণনা দি হাজৰিকাই জনায় যে দলটোৱে প্ৰবল সোঁত, বিশাল ঢৌ, অশান্ত সাগৰ আৰু তীব্ৰ গৰমৰ মাজেৰে আগবাঢ়িবলগীয়া হৈছিল। সমগ্ৰ যাত্ৰাটোত সাঁতোৰবিদসকলে তীব্ৰ সাগৰীয় অসুস্থতা (ছি-ছিকনেছ), নিৰন্তৰ ভাগৰ আৰু দীৰ্ঘ সময় ধৰি ৰ’দৰ প্ৰকোপ সহ্য কৰিবলগীয়া হৈছিল। তদুপৰি জেলিফিছ আৰু বৃহৎ সামুদ্ৰিক প্ৰাণীৰ সৈতে মুখামুখি হোৱাটোৱে অভিযানটোৰ প্ৰত্যাহ্বান অধিক জটিল কৰি তুলিছিল। কঠোৰ সময়সূচীৰ বাবে দলটোৱে শুবলৈ বা ভালদৰে আহাৰ গ্ৰহণ কৰিবলৈও অতি কম সময়হে লাভ কৰিছিল।
অভিযানটোৰ প্ৰত্যাহ্বানপূৰ্ণ অভিজ্ঞতা সুঁৱৰি হাজৰিকাই কয়, “এনে বহু মুহূৰ্ত আহিছিল, যেতিয়া পৰিস্থিতি ইমানেই কঠিন হৈ পৰিছিল যে মই নিজেই বুজি পোৱা নাছিলোঁ কেনেকৈ আগবাঢ়ি আছোঁ।” তেওঁ উল্লেখ কৰে যে এই অভিযানে দলটোৰ শাৰীৰিক সহনশীলতা আৰু মানসিক শক্তিৰ চূড়ান্ত পৰীক্ষা লৈছিল; শাৰীৰিক যন্ত্ৰণা, অৱসাদ আৰু বহু বিনিদ্ৰ ঘণ্টা পাৰ কৰিহে তেওঁলোকে এই দূৰত্ব সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছে।
এই ঐতিহাসিক সাফল্যৰ শ্ৰেয় অসমবাসীৰ সমৰ্থন আৰু উৎসাহক দি এলভিছ আলী হাজৰিকাই কৃতিত্বটো ৰাজ্যখনলৈ উৎসৰ্গা কৰে। এই অভিযান দৃঢ় সংকল্প, সাহস আৰু ত্যাগৰ প্ৰতীক বুলি উল্লেখ কৰি তেওঁ কয় যে অসম তথা ভাৰতবৰ্ষলৈ স্বীকৃতি কঢ়িয়াই অনাই আছিল ইয়াৰ মূল লক্ষ্য। ১৫ দিনীয়া অভিযানৰ অন্তত শাৰীৰিকভাৱে যথেষ্ট ক্লান্ত হৈ পৰিলেও নিজৰ মনোবল অটুট আছে বুলি তেওঁ জানিবলৈ দিয়ে। সমগ্ৰ সাঁতোৰ জীৱনত সমৰ্থন আগবঢ়োৱা সকলোলৈ ধন্যবাদ জ্ঞাপন কৰি তেওঁ এই কৃতিত্ব ৰাইজৰ মাজত বিয়পাই দিবলৈ সংবাদ মাধ্যম তথা জনসাধাৰণক আহ্বান জনায়।





