পশ্চিমবংগ ৰাজ্য বিধানসভাত বিৰোধী দলপতি পদৰ স্বীকৃতিক লৈ আইনী জটিলতাই এক নতুন মোৰ লৈছে। শুকুৰবাৰে কলকাতা উচ্চ ন্যায়ালয়ে বিধানসভাৰ অধ্যক্ষ ৰথিন্দ্ৰ বসুৱে ৩ জুনত ঋতব্ৰত বেনাৰ্জীক বিৰোধী দলপতি হিচাপে স্বীকৃতি দিয়াৰ সিদ্ধান্ত বাতিল কৰে। আজি ন্যায়াধীশ কৃষ্ণ ৰাওৰ একক বিচাৰপীঠে নিৰ্দেশ দিয়ে যে অহা ১০ দিনৰ ভিতৰত অধ্যক্ষই এই বিষয়ত নতুন সিদ্ধান্ত ল’ব লাগিব।
শেহতীয়া বিধানসভা নিৰ্বাচনত ৮০খন আসন লাভ কৰি তৃণমূল কংগ্ৰেছে ৰাজ্যৰ প্ৰধান বিৰোধী দল হিচাপে পৰিগণিত হয়। তাৰ আধাৰত দলৰ অধ্যক্ষ মমতা বেনাৰ্জীয়ে জ্যেষ্ঠ বিধায়ক শোভনদেব চেটাৰ্জীক বিৰোধী দলপতি হিচাপে মনোনীত কৰে আৰু ৯ মে’ত তৃণমূলে এই বিষয়ে অধ্যক্ষক পত্ৰযোগে অৱগত কৰে। কিন্তু অভিযোগ উঠিছিল যে অধ্যক্ষই সেই পত্ৰৰ ভিত্তিত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল; বৰঞ্চ পত্ৰখনত বিধায়কসকলৰ স্বাক্ষৰ জাল বুলি ওলোটাই অভিযোগ উত্থাপন কৰা হৈছিল।
তাৰ পাছত ১ জুনত তৃণমূলে ঋতব্ৰত বেনাৰ্জী আৰু এণ্টালীৰ বিধায়ক সন্দীপন সাহাক দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত দলৰ পৰা বহিষ্কাৰ কৰে। তাৰ ঠিক দুদিন পিছত ৩ জুনত তৃণমূলৰ বিদ্ৰোহী বিধায়কসকলৰ এটা অংশই বহিষ্কৃত ঋতব্ৰতক নেতা হিচাপে বাছি লৈ অধ্যক্ষলৈ সুকীয়া চিঠি প্ৰেৰণ কৰে। সেই পত্ৰৰ আধাৰত অধ্যক্ষই ঋতব্ৰতক বিৰোধী দলৰ নেতা হিচাপে স্বীকৃতি দিয়ে, যাক উচ্চ ন্যায়ালয়ত প্ৰত্যাহ্বান জনায় শোভনদেব চেটাৰ্জীয়ে।
গোচৰৰ শুনানিৰ সময়ত আদালতে অধ্যক্ষৰ সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াক লৈ কেইবাটাও প্ৰশ্ন উত্থাপন হয়। ১৬ নৱেম্বৰৰ শুনানিৰ সময়ত ন্যায়াধীশ ৰাওৱে জানিব বিচাৰিছিল যে ৭৮ জন বিধায়কৰ দাবীক আওকাণ কৰি ৫৪ বা ৫৬ বিধায়কৰ বক্তব্যক কিয় অগ্ৰাধিকাৰ দিয়া হৈছিল আৰু আন পক্ষৰ বক্তব্য শুনাটো কিয় প্ৰয়োজনীয় বুলি বিবেচিত হোৱা নাছিল? কোনো ৰাজনৈতিক দলৰ সংবিধান আৰু দলীয় সিদ্ধান্তক অধ্যক্ষই আওকাণ কৰিব পাৰে নেকি বুলিও প্ৰশ্ন উত্থাপন হয়।
ৰাজ্যৰ হৈ অধিবক্তা সুৰ্যনীল দাস আৰু অতিৰিক্ত মহাধিবক্তা বিল্বদল ভট্টাচাৰ্যই যুক্তি আগবঢ়ায় যে অধ্যক্ষই ১৫ মে’ত দায়িত্ব গ্ৰহণ কৰিছিল আৰু ১৯ মে’ৰ পৰা ২৪ মে’লৈ চহৰৰ বাহিৰত আছিল। ১৯ মে’ত তৃণমূল কংগ্ৰেছে এটা প্ৰস্তাৱ দাখিল কৰিছিল আৰু পিছত জালিয়াতি আৰু এফআইআৰৰ অভিযোগৰ বাবে সিদ্ধান্তত পলম হৈছিল। কিন্তু ৰাজ্যৰ এই যুক্তিত আদালত সন্তুষ্ট হ’ব পৰা নাছিল।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ১৮ আগষ্টত এই গোচৰত উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে স্পষ্টকৈ উল্লেখ কৰিছিল যে বিধানসভাৰ অধ্যক্ষ কোনো ৰাজনৈতিক দলৰ সদস্য হ’লেও সাংবিধানিক পদত অধিষ্ঠিত হৈ তেওঁ সম্পূৰ্ণ নিৰপেক্ষ হৈ থাকিব লাগিব।
তদুপৰি বিৰোধী দলৰ নেতা বা মুখ্য সচেতক নিযুক্তিৰ ক্ষেত্ৰত কেৱল সংখ্যাগৰিষ্ঠ বিধায়কক চালেই যথেষ্ট নহয়, সংশ্লিষ্ট ৰাজনৈতিক দলৰ আনুষ্ঠানিক সিদ্ধান্তকো গুৰুত্ব দিয়া উচিত। সেই নিৰ্দেশৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া একক বিচাৰপীঠে অধ্যক্ষৰ পূৰ্বৰ সিদ্ধান্ত নাকচ কৰি ১০ দিনৰ সময়সীমা নিৰ্ধাৰণ কৰিছে।





