অসমৰ বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা মঞ্জু বৰাৰ ছবি ‘ৰূপতীৰ্থৰ যাত্ৰী’ ইংৰাজী নাম: ‘পিলগ্ৰিমছ অৱ বিউটি’ অহা ১৬ৰ পৰা ২৩ ডিচেম্বৰলৈ কলকাতাত অনুষ্ঠিত হ’বলগীয়া ৩২সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ বাবে আনুষ্ঠানিকভাৱে নিৰ্বাচিত হৈছে। ছবিখনে মহোৎসৱৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতা শাখাত স্থান লাভ কৰিছে।
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত প্ৰখ্যাত অসমীয়া সাহিত্যিক চৈয়দ আব্দুল মালিকে ৰচনা কৰা জনপ্ৰিয় জীৱনীমূলক উপন্যাসৰ পৰা অনুপ্ৰাণিত এই ছবিখনত সাংস্কৃতিক পুৰোধাগৰাকীৰ সৃষ্টিশীল যাত্ৰাৰ গুৰুত্বপূৰ্ণ বছৰসমূহ, তেওঁৰ শিল্পীসুলভ আকাংক্ষা আৰু স্বাধীনতা আন্দোলনৰ প্ৰতি থকা দায়বদ্ধতা তুলি ধৰা হৈছে।
জ্যোতিপ্ৰসাদৰ জীৱনৰ কালানুক্ৰমিক বিৱৰণ দাঙি ধৰাৰ সলনি ‘ৰূপতীৰ্থৰ যাত্ৰী’ত জাৰ্মানীত চলচ্চিত্ৰ নিৰ্মাণৰ শিক্ষা গ্ৰহণ কৰি ইউৰোপৰ পৰা উভতি অহাৰ পাছৰ সময়ছোৱাক কেন্দ্ৰবিন্দু কৰা হৈছে। অসমত চলচ্চিত্ৰ নিৰ্মাণৰ কোনো আন্তঃগাঁথনি নথকা অৱস্থাত তথা পৰিয়ালৰ বিৰোধিতাৰ মাজতো ‘জয়মতী’ নিৰ্মাণৰ সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ চলোৱা সংগ্ৰাম ছবিখনত স্পষ্টকৈ ফুটি উঠিছে। ইয়াৰ লগতে তেওঁৰ জীৱন গঢ়াত ভূমিকা লোৱা নাৰীসকল, শিল্পৰ বাবে তেওঁ কৰা ব্যক্তিগত ত্যাগ আৰু পৰৱৰ্তী সময়ত স্বাধীনতা আন্দোলনত জঁপিয়াই পৰি প্ৰতিবাদী গীত ৰচনা কৰা তথা আত্মগোপন কৰি থকা অধ্যায়সমূহো ইয়াত প্ৰতিফলিত হৈছে। চৈয়দ আব্দুল মালিকৰ সাহিত্যিক ব্যাখ্যাৰ আধাৰত নিৰ্মিত ছবিখনত জ্যোতিপ্ৰসাদৰ আদৰ্শ, সংগ্ৰাম আৰু শিল্পদৃষ্টি পৰ্দাত ফুটাই তুলিবলৈ পৰিমিত নাটকীয় স্বাধীনতা গ্ৰহণ কৰা হৈছে।
ছবিখনৰ নিৰ্বাচন সন্দৰ্ভত অনুভৱ ব্যক্ত কৰি পৰিচালক মঞ্জু বৰাই কয়, “অসমীয়া সাহিত্যত শিপা পোতা এটা কাহিনী কেআইএফএফৰ দৰে মহোৎসৱলৈ লৈ যোৱাটো এক উৎসাহজনক সুযোগ। ইয়াৰ জৰিয়তে ছবিখন আৰু ই প্ৰতিনিধিত্ব কৰা জগতখনে আমাৰ সাংস্কৃতিক তথা ভাষিক সীমাৰ বাহিৰৰ দৰ্শকৰ ওচৰলৈ যোৱাৰ বাট মুকলি কৰিব।”
বৰাই লগতে কয় যে জ্যোতিপ্ৰসাদক কেৱল এগৰাকী বৰেণ্য সাংস্কৃতিক ব্যক্তিত্ব হিচাপেই নহয়, বৰং সৃষ্টিশীল সাধনা, আদৰ্শ আৰু ব্যক্তিগত সংগ্ৰাম ওতপ্ৰোতভাৱে জড়িত থকা এগৰাকী শিল্পী হিচাপে নতুনকৈ চোৱাৰ প্ৰয়াসেই হৈছে এই ছবি। তেওঁ কয়, “শিল্প যে সমাজ আৰু সমাজৰ আকাংক্ষাৰ এক শক্তিশালী প্ৰকাশ হ’ব পাৰে- সেই দৃঢ় বিশ্বাসেই জ্যোতিপ্ৰসাদৰ জীৱন গঢ় দিছিল। ছবিখনৰ জৰিয়তে মই সেই চেতনা অন্বেষণ কৰাৰ লগতে প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি অহা সেই ঐতিহ্যৰ আঁৰৰ যাত্ৰাটো চাব বিচাৰিছিলোঁ।”
উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় মঞ্চত সমাদৃত ছবি নিৰ্মাণেৰে মঞ্জু বৰাই অসমীয়া চলচ্চিত্ৰ জগতত এক সুকীয়া স্থান অধিকাৰ কৰিছে। বিচিত্ৰ সংস্কৃতি, ভাষা আৰু সামাজিক বাস্তৱতাক ৰূপালী পৰ্দাত ধৰি ৰখা বৰাৰ ‘আকাশীতৰাৰ কথাৰে’ ছবিখনে শ্ৰেষ্ঠ অসমীয়া কাহিনী চিত্ৰৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল। একেদৰে মিচিং ভাষাত নিৰ্মিত তেওঁৰ ‘কঃয়াদ’ ছবিখনেও ৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জন কৰিছিল আৰু বড়ো ভাষাৰ ছবি ‘দাও হুদুনি মেথাই’-এ ২০১৫ চনত ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল।
ইয়াৰ উপৰি য়েছে দৰজে ঠংছিৰ প্ৰখ্যাত উপন্যাস ‘বিষকন্যাৰ দেশত’ৰ আধাৰত নিৰ্মিত মঞ্জু বৰাৰ আন এখন ছবি ‘পইজন উইমেন’ এ আন্তঃৰাষ্ট্ৰীয় পুৰাতাত্ত্বিক আৰু সাংস্কৃতিক মহলত ব্যাপক প্ৰশংসা লাভ কৰিছিল। ৰাষ্ট্ৰীয় বঁটা বিজয়ী তথা ২০১৯ চনত ইণ্ডিয়ান পেনোৰামালৈ নিৰ্বাচিত এই ছবিখন ভাৰত-চীন সীমান্তৰ সমীপৱৰ্তী অৰুণাচল প্ৰদেশৰ জেমিথাঙৰ এটা ক্ষুদ্ৰ জনগোষ্ঠীয়ে কোৱা বিৰল ‘পানচেংপা’ ভাষাত নিৰ্মাণ কৰা হৈছিল।
১৯৯৫ চনত প্ৰতিষ্ঠিত কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ভাৰতৰ অন্যতম আগশাৰীৰ চলচ্চিত্ৰ মহোৎসৱ, যিয়ে বিশ্বৰ বিভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতা, ছবি আৰু দৰ্শকক একত্ৰিত কৰে। মহোৎসৱৰ ৩২সংখ্যক সংস্কৰণত বিভিন্ন ধাৰা, ভাষা আৰু চলচ্চিত্ৰীয় পৰম্পৰাৰ বৈচিত্ৰ্যময় ছবিসমূহ প্ৰদৰ্শিত হ’ব।





