• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১০০ শতাংশ ট্ৰেক্টৰ বিজেপি কৰ্মীৰ বাবে : মন্ত্ৰী পীযুষৰ মন্তব্যত জাঙুৰ খাই উঠিছে জাগীৰোডৰ কৃষক

অনিৰ্বাণ পাঠক by অনিৰ্বাণ পাঠক
July 5, 2018 8:11 am
পীযুষ হাজৰিকা

মন্ত্ৰী পীযুষ হাজৰিকা। ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে বিজেপিৰ যুৱমৰ্চাৰ সভাত মন্ত্ৰী পীযুষ হাজৰিকাই কৰা এক মন্তব্যক কেন্দ্ৰ কৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে মন্ত্ৰীজনৰ নিজ সমষ্টি জাগীৰোডৰ লগতে মৰিগাওঁ জিলাত। মন্ত্রীগৰাকীৰ মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰিছে সমষ্টিটোৰ কেইবাগৰাকীও কৃষকে।

উল্লেখ্য যে, ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ২৬ হাজাৰ ৰাজহ গাঁৱক প্ৰদান কৰিবলগীয়া ট্ৰেক্টৰসমুহ বিজেপিৰ ৬১ জন বিধায়কৰ নিজ নিজ সমষ্টিত ৯৯ শতাংশই বিজেপি কৰ্মীয়ে পাব বুলি কৈছিল। লগতে তেওঁৰ সমষ্টি জাগীৰোডত এই আঁচনিৰ বিতৰণ প্ৰসংগত তেওঁ কয়, ‘মইটো গেৰেণ্টী দিছো জাগীৰোডত ১০০ শতাংশ ট্ৰেক্টৰেই বিজেপি দলৰ কৰ্মীয়ে পাব।‘

Apply Now

কৃষকৰ প্ৰাপ্যক লৈ ৰাজনীতি কৰিব বিচৰা মন্ত্ৰী পীযুষ হাজৰিকাৰ এই মন্তব্যৰ পাছতে জাঙুৰ খাই উঠিছে জাগীৰোডৰ কেবাগৰাকীও কৃষক। নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত মন্ত্ৰীৰ এই বক্তব্যৰ বিৰুদ্ধে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি জাগীৰোড সমষ্টিৰ মনহাৰ জিতু ডেকা নামৰ কৃষকজনে কয়, ‘কৃষকৰ বাবে থকা সুবিধা প্ৰকৃত কৃষকেই পাব লাগিব। ইয়াত কোনো ৰাজনৈতিক দলৰ কথা আহিবই নোৱাৰে। কেৱল বিজেপিৰ মানুহেই খেতি নকৰে। সকলো খেতিয়কৰ বাবে ইয়াত সমান অধিকাৰ থাকিবই লাগিব। এই কথা আমি জাগীৰোডত কেতিয়াও হ’বলৈ নিদিও।‘

একেদৰে সমষ্টিটোৰ ঝাৰগাওঁ গাওঁ পঞ্চায়তৰ অন্তৰ্গত বঢ়মপুৰ গাঁৱৰ যতীন দাস নামৰ খেতিয়কজনে পীযুষ হাজৰিকাৰ এই মন্তব্যৰ গৰিহণা দিয়ে। তেওঁ কয়, ‘মন্ত্ৰী এজন ৰাইজৰ প্ৰতিনিধি গতিকে তেওঁ সকলো ৰাইজৰ কথা সমানে চিন্তা কৰিব লাগে। কিন্তু তাৰ সলনি তেওঁ এনেধৰণেৰে চৰকাৰী সুবিধাসমুহ দলীয়কৰণ কৰিব বিচাৰিলে আমি কেতিয়াও মানি ল’ব নোৱাৰো।‘

এই সন্দৰ্ভত মায়ঙৰ লোনমাটি গাঁৱৰ ৰাতুল হাজৰিকা নামৰ কৃষকজনেও কৃষকৰ বাবে আৱণ্টিত আঁচনিৰ সুবিধা কেৱল কৃষকেই লাভ কৰিব লাগে বুলি মন্তব্য কৰে। তেওঁ কয়, ‘পীযুষ হাজৰিকাই এই মন্তব্যৰে মুৰ্খামিৰ পৰিচয় দিছে। বিজেপিয়ে এনেধৰণৰ চিন্তা পৰিহাৰ নকৰিলে অসমৰ ৰাইজে তেওঁলোকক ক্ষমা নকৰিব। চৰকাৰী সুবিধাক ৰাজনীতিকৰণ কৰি প্ৰকৃত কৃষকক বঞ্চিত কৰাৰ সিদ্ধান্ত কেতিয়াও গ্ৰহণযোগ্য নহয়।‘

ইপিনে মন্ত্ৰী পীযুষ হাজৰিকাৰ এই ভাষণৰ পাছতে তীব্ৰ ক্ষোভ ব্যক্ত কৰে বিভিন্ন দল-সংগঠনে। মন্ত্ৰী হাজৰিকাৰ বক্তব্যত দুখ প্ৰকাশ কৰে সদৌ অসম কৃষক সংঘৰ কাৰ্যকৰী সভাপতি তুলসী ডেকাই। তেওঁ কয়, ‘এইয়া অসম চৰকাৰৰ এজন মন্ত্ৰীৰ এক অসম বিৰোধী মন্তব্য। ইয়াৰ জৰিয়তে তেওঁ সমগ্ৰ অসমৰ কৃষকসকলক অপমান কৰিছে।‘ তেওঁ লগতে পীযুষ হাজৰিকাক মৰিগাওঁ জিলাৰ বাবেই ক্ষতিকাৰক বুলি আখ্যা দিয়ে।

মন্ত্ৰী হাজৰিকাৰৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতা কৰি মৰিগাঁও মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক দেৱজিত পাটৰে কয়, ‘এইখন চৰকাৰে নিৰ্বাচনৰ আগত সকলোৰে বিকাশৰ কথা কৈছিল কিন্তু এতিয়া কেৱল নিজ দলৰ কৰ্মীৰ স্বাৰ্থত কাম কৰি আছে। পীযুষ হাজৰিকাৰ বক্তব্যত সেয়া জলজল পটপটকৈ ওলাই পৰিছে। তেওঁৰ এই চিন্তা সম্পূৰ্ণ অগণতান্ত্ৰিক।‘

মন্ত্ৰী হাজৰিকাই কোৱাৰ নিচিনাকৈ জাগীৰোড সমষ্টিত এই কথা কাৰ্যকৰী কৰিবলৈ গ’লে ৰাইজৰ ৰোষৰ সন্মুখীন হ’ব লাগিব বুলিও তেওঁ লগতে সকীয়াই দিয়ে। ইয়াৰ উপৰিও তেওঁ কয়, ‘এসময়ত চিণ্ডিকেটৰ লগত জড়িত পীযুষ হাজৰিকাই কংগ্ৰেছৰ পৰা বিজেপিলৈ আহি বেছি বিজেপি দেখুৱাবলৈ এইবিলাক মন্তব্য কৰি আছে।‘

একেদৰে তিৱা ছাত্ৰ সন্থাৰ উপদেষ্টা তথা মৰিগাওঁ জিলা ট্ৰাইবেল সংঘৰ সভাপতি প্ৰণৱজ্যোতি মচৰঙে কয়, ‘পীযুষ হাজৰিকাই অসমৰ জনগণৰ প্ৰতিনিধি বুলি পাহৰি গৈছে। তেওঁৰ এনে চিন্তা সমাজ আৰু গণতন্ত্ৰৰ বিৰোধী। এই ধৰণৰ চিন্তাই সমাজত বৈষম্যৰ সৃষ্টি কৰে। অসমৰ অধিকাংশ মানুহেই কৃষিজীৱী, ইয়াত কোনো দল-সংগঠন বুলি কথা আহিবই নোৱাৰে।‘

একেদৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মৰিগাঁও জিলা সমিতিৰ সভাপতি ললিত চন্দ্ৰ পাঁচনিয়ে কয়, ‘অসমৰ জনসাধাৰণে হিলদল ভাঙি ভোট দিয়াৰ পাছত এতিয়া বিজেপিয়ে তেওঁলোকৰ কৰ্মী বিচাৰি বিচাৰি চৰকাৰী সুবিধা প্ৰদান কৰাৰ চিন্তা কৰি আছে। তেওঁলোকে কৃষকৰ মাজতো ৰাজনীতি কৰি নিজৰ স্বাৰ্থ সিদ্ধিৰ চিন্তা কৰিছে। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা একো হ’ব নোৱাৰে।‘

অনিৰ্বাণ পাঠক

অনিৰ্বাণ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd