• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

তামুলপুৰৰ শুৱাগপুৰত কনকলতা মহিলা সবলীকৰণ যোজনাৰ সজাগতা সভা

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
July 6, 2018 10:58 pm
Tamulpur, self help group
198
VIEWS
Share on FacebookShare on Twitter

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ গোৰেশ্বৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ১ নং শুৱাগপুৰ ডাইমণ্ড ক্লাবৰ উদ্যোগত স্থানীয় প্ৰাথমিক বিদ্যালয়ত আজি কনকলতা মহিলা সবলীকৰণ যোজনাৰ এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ স্থানীয় যুৱক বাবুল পাটোৱাৰীৰ সঞ্চালনাত অনুষ্ঠিত সভাখনত তামুলপুৰ বিধান সভা সমষ্টিৰ চাৰিখন ভি চি ডি চিৰ মহিলা আত্মসহায়ক গোটসমূহৰ শতাধিক সদস্য উপস্থিত থাকে।

সভাত গোৰেশ্বৰ উন্নয়নখণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰবীন বৰুৱাই ৰাষ্ট্ৰীয় গ্ৰাম্য জীৱীকা অভিযানৰ আঁচনি সম্পৰ্কে বহলাই বাখ্যা কৰি ইয়াৰ দ্বাৰা মহিলাসকল কিদৰে আত্মনির্ভৰশীল হ’ব পাৰে তাক বুজাই কয়।

বি টি চিৰ কাৰ্যবাহী সদস্য দেৱেন বড়োই সভাত উপস্থিত থাকি নিজ ভাষণত দ্ৰৰিদ্ৰ সীমাৰেখাৰ তলত বসবাস কৰা লোকসকলৰ বাবে চৰকাৰে গ্ৰহণ কৰা আঁচনি সমূহৰ বিষয়ে অৱগত কৰে। তদুপৰি বিধায়ক ইমানুৱেল মুছাহাৰীয়ে সভাত উপস্থিত থাকি এহেজাৰ আত্মসহায়ক গোটক ১০,০০০ টকাকৈ দিয়া হ’ব বুলি সদৰী কৰে।

মহিলাসকলক সমাজৰ নেতৃত্ব ল’বলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়। আনহাতে, তামুলপুৰ আৰু গোৰেশ্বৰ ব্লকক ইনটেনছিভ ব্লক বুলি সদৰী কৰি ৰাজ্যৰ সকলো ব্লকক পৰবৰ্তী সময়ত এই আঁচনিৰ অধীনত সামৰি লোৱা হ’ব বুলি তেওঁ প্ৰকাশ কৰে।

আজিৰ সভাত চাৰিখন ভি চি ডি চিৰ চাৰিটা আত্মসহায়ক গোটৰ মাজত অনুদানৰ অনুমোদন পত্ৰ আনুষ্ঠানিক ভাৱে বিতৰন কৰা হয়। সভাত যুৱ বি পি এফ দলৰ সাধাৰণ সম্পাদক সোমনাথ বসুমতাৰী, তামুলপুৰ জিলা বি পি এফৰ সাধাৰণ সম্পাদক উপেন বসুমতাৰী, কেইবাগৰাকী স্থানীয় বি পি এফ নেতা, নাগ্ৰীজুলী টি চি চি এল চিৰ অধ্যক্ষ ক্ৰমে সুভাষ বসুমতাৰী, অজিত বসুমতাৰী প্ৰমুখ্যে ডাইমন্ড সংঘৰ সভাপতি অঞ্চ দাসসহ আন সদস্য সকল উপস্থিত আছিল ৷

Recent News

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

উটৰ এটোপাল চকুলোৱে নিষ্ক্ৰিয় কৰিব পাৰে ২৬টা বিষাক্ত সাপৰ বিষ! গৱেষণাত দিছে আশ্চৰ্যজনক তথ্য

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

আপুনি মোৰ ভাগ্য এনেকৈ লিখিলে নেকি? ভগৱানলৈ আৱেগিক চিঠি লিখি আত্মঘাতী হ’ল তেলেংগানাৰ যুৱক

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

শান্তিৰ দূত হৈ পৰিছে অশান্তিৰ কাৰণ! জন স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি মুম্বাইত পাৰ চৰাইক খাদ্য প্ৰদান কৰা ৫১টা ফিডিং জ’ন বন্ধ কৰাৰ নিৰ্দেশ

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

অৰাজক বিহাৰ! গাঁৱৰ ৰাইজে মিলি মাৰধৰ কৰি জ্বলাই দি হত্যা কৰিলে একেটা পৰিয়ালৰে ৫ জনক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd