স্বদেশ অধ্যয়ন নামৰ অসমৰ ইতিহাস আৰু ভুগোল ভিত্তিক এটা নতুন পাঠ্যক্ৰমৰ সৃষ্টি কৰাৰ কথা বিৱেচনা কৰি আছে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে। এই অসমত এই নতুন বিষয়টো হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰৱৰ্তী পৰ্যায়ৰ পাছৰ এটা গুৰু পাঠ্যক্ৰম হ’ব।
এই সন্দৰ্ভত নামনি অসমৰ টংলা চহৰত এখন সভা অনুষ্ঠিত হৈ যায়। এই সভাখনত অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধ্যক্ষ দয়ানন্দ বৰগোহাঞি আৰু সচিব সংদৰ সচিব কমলজ্যোতি গগৈয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে এই নতুন বিষয়টোক অসমত জনপ্ৰিয় কৰাৰ বাবে উপায় উদ্ভাৱনৰ চিন্তা কৰে।
স্বদেশ অধ্যয়নে শিক্ষাৰ্থীসকলক অসমৰ ইতিহাস আৰু ভূগোলৰ এটা পুৰ্ণাংগ ধাৰণা লাভ কৰাত সহায় কৰিব। এই পাঠ্যক্ৰমৰ বিষয়সূচীত অসমৰ ঐশ্বৰ্যময় আধ্যাত্মিক আৰু সাংস্কৃতিক ঐতিহ্যৰ লগতে অসমত বৌদ্ধিক উত্থানক লিপিবদ্ধ কৰা হৈছে। গগৈয়ে আৰু কয় যে এই পাঠ্যক্ৰমটোৱে শিক্ষাৰ্থীসকলক প্ৰতিযোগিতামূলক পৰীক্ষাতো সহায় কৰিব।
তেওঁ আৰু কয় যে এই বছৰৰ পৰা একাদশ মানত অন্তৰ্ভুক্ত কৰা এই বিষয়টোৱে শিক্ষাৰ্থীসকলক নিজৰ ৰাজ্যখনৰ বিষয়ে শিকাব পৰা পাঠ্যক্ৰম এটাৰ বহু দিনীয়া অভাৱ এটা পূৰ্ণ কৰিব।
টাইমছ অব ইণ্ডিয়াত প্ৰকাশিত এটা প্ৰতিৱেদন অনুসৰি বিশ্ববিদ্যালয়ত এই বিষয়টোক স্বীকৃতি দিয়াৰ সিদ্ধান্ত গৃহীত হৈছে আৰু ইয়ে এই বিষয়টো মহাবিদ্যালয়সমূহত স্নাতক পৰ্যায়লৈ অধ্যয়ন কৰিব পৰাৰ বাট মুকলি হৈছে।
তেওঁ আৰু কৈছে যে ইয়ে এই বিষয়টো উচ্চতৰ মাধ্যমিক পৰ্যায়ত পঠাৰ বাবে উৎসাহিত কৰিব।
বিষয়টো শিক্ষানুষ্ঠানসমূহত জনপ্ৰিয় কৰি তোলাৰ বাবে সমগ্ৰ ৰাজ্যজুৰি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ শীৰ্ষ বিষয়াসকলে এটা ভ্ৰমণ আৰম্ভ কৰিছে। যদিওবা হিন্দুত্ববাদী দল এটাৰ চৰকাৰৰ আমোলত এটা তীব্ৰ আধ্যাত্মিক ব্যঞ্জনা থকা এটা বিষয়ৰ সূচনা কৰাক লৈ বিভিন্ন মহলৰ পৰা প্ৰশ্নৰ অৱতাৰণা কৰা হৈছে, ৰাজনৈতিক চিন্তা বা মতাদৰ্শৰ দ্বাৰা প্ৰভাৱিত হৈ এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি উঠা অভিযোগ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ ফালৰ পৰা খণ্ডন কৰা হৈছে।