নিজৰ জীয়েকৰ নাম এ পি এছ চিৰ কেলেংকাৰিত সাঙোৰ খাই পৰাৰ পিছত তেজপুৰৰ সাংসদ আৰ পি শৰ্মাই আজি সংবাদমেলত চাফাই গোৱাৰ চেষ্টা কৰে। তেওঁৰ জীয়েক পল্লৱী শৰ্মাক হস্তাক্ষৰ নমুনাৰ বাবে এ পি এছ চিৰ কেলেংকাৰিটোৰ তদন্তকাৰী আৰক্ষীয়ে চমন জাৰি কৰাটোক ৰাজনৈতিক ষড়যন্ত্ৰৰ অংশ বুলি দাবী কৰে।
তেওঁৰ বিৰুদ্ধে অসম বিজেপিত এজন-দুজন অতি প্ৰভাৱশালী নেতাই যোৱা কিছু দিনৰ পৰা ষড়যন্ত্ৰত লিপ্ত হৈ আহিছে বুলি জানিবলৈ দিয়ে।
কিন্তু তাৎপৰ্য্যপূৰ্ণভাৱে এই ষড়যন্ত্ৰত মুখ্য মন্ত্ৰী সোণোৱাল নাই বুলিও স্বীকাৰ কৰে। কেৱল সেয়ে নহয়, মুখ্য মন্ত্ৰীৰ মংগল কামনাৰে প্ৰতিদিনে পুৱা ভগৱানৰ ওচৰত এপাহ ফুল দিয়ে সাংসদগৰাকীয়ে।
তেওঁ নিজৰ জীয়েকক বচাবলৈ মুখ্য মন্ত্ৰীৰ কাষ চাপিছে বুলি উঠা অভিযোগৰ উত্তৰ দিবলৈ গৈ এইদৰে কয়। আনহাতে মুখ্য মন্ত্ৰীক অনুৰোধ কৰি এ পি এছ চিৰ কেলেংকাৰিৰ তদন্ত লেহেমীয়া কৰাৰ চেষ্টা কৰা বুলি উঠা অভিযোহ সন্দৰ্ভত কয়, “অখিল গগৈয়ে এই কথাটোৰ প্ৰমাণ দিয়ক। প্ৰমাণ দিব পাৰিলে মই ৰাজনীতি ত্যাগ কৰিম, আজিয়েই সাংসদ পদো ত্যাগ কৰিম।”