• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনসম্পৰ্ক অভিযানত মন্ত্ৰী ভৱেশ কলিতা : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা শংকৰ সংঘৰ পদাধিকাৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 17, 2018 12:47 pm
ভৱেশ কলিতা

মন্ত্ৰী তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতা। ফাইল ফটো

153
VIEWS
Share on FacebookShare on Twitter

বিজেপিয়ে সমগ্ৰ ৰাজ্যত আৰম্ভ কৰাৰ সমান্তৰালকৈ ৰঙিয়াতো দলটোৱে  জনসম্পৰ্ক অভিযান আৰম্ভ কৰিছে। দেওবাৰৰ পৰা ৰাজ্যিক মন্ত্ৰী তথা স্থানীয় বিধায়ক ভৱেশ কলিতাই দলটোৰ কাম-কাজৰ খতিয়ান দাঙি ধৰাৰ লগতে বিশিষ্ট ব্যক্তিসকলৰ দিহা-পৰামৰ্শ ল’বলৈ সমষ্টিটোত এই অভিযান আৰম্ভ কৰিছে।

এই অভিযানৰ অংশ হিচাপে দেওবাৰে নিশা মন্ত্ৰী কলিতাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তথা শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ভবেন্দ্ৰ নাথ ডেকাৰ গৰকাস্থিত বাসগৃহত উপস্থিত হয়। মন্ত্ৰীগৰাকীয়ে পদাধিকাৰগৰাকীক ফুলাম গামোচাৰ সম্বৰ্ধনা জনোৱাৰ লগতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনি আৰু কাম-কাজৰ বিষয়ে প্ৰকাশিত পুস্তিকা প্ৰদান কৰে।

তেওঁ লগতে বৰ্তমান চৰকাৰখনে জনগণৰ স্বাৰ্থত গ্ৰহণ কৰা উন্নয়নমূল কাৰ্যসূচীসমূহৰ বিষয়েও পদাধিকাৰগৰাকীক অৱগত কৰে।

আনহাতে, পদাধিকাৰগৰাকীয়ে সোণোৱাল চৰকাৰে দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা পদক্ষেপক আদৰণি জনায় যদিও নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ সম্পূৰ্ণ বিৰোধিতা কৰে। ভাৰতৰ সংবিধানৰ ধৰ্মনিৰপেক্ষ চৰিত্ৰৰ পৰিপন্থী এনে বিধেয়ক কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি তেওঁ স্পষ্ট কৰি দিয়ে। বিজেপিৰ মন্ত্ৰীগৰাকীৰ সন্মুখতে বিধেয়কখনৰ বিৰোধিতা কৰাত মন্ত্ৰীক অস্বস্তিত পৰা দেখা যায়।

এই অভিযানত বিজেপিৰ জিলা সম্পাদক সুবল পাল, নগৰ মণ্ডলৰ সভাপতি দ্বীপেন চক্ৰৱৰ্তী, প্ৰদীপ কাকতি, উত্তম পাল, ৰঞ্জন উপাধ্যায় আদি উপস্থিত থাকে।

মন্ত্ৰী কলিতাই লগতে অৱসৰপ্ৰাপ্ত শিক্ষক কল্প ডেকা, গ্ৰাম স্বৰাজৰ সভাপতি নিৰঞ্জন কলিতা, কৃষক গোলোক শালৈ, সাংস্কৃতিক কৰ্মী অসীম শৰ্মা, ব্যৱসায়ী ৰাজু ছেৰাউগী আদি ব্যক্তিৰ ঘৰলৈ গৈ চৰকাৰৰ কাম কাজ সন্দৰ্ভত অৱগত কৰে।

Recent News

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd