কুখ্যাত এ পি এছ চিৰ কেলেংকাৰি তদন্ত কৰি থকা আৰক্ষীয়ে আন কেইবাজনো দালালৰ সন্ধান পোৱা বুলি জানিব পৰা গৈছে। তদন্তকাৰী আৰক্ষীৰ এটা সূত্ৰই জনোৱামত, নিচেই কমেও আন ৩জন দালালক চিনাক্ত কৰি উলিওৱা হৈছে।
আৰক্ষীয়ে জনোৱামতে, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান কাৰাগাৰ নিৱাসী ৰাকেশ পালৰ নেতৃত্বত এ পি এছ চিৰ বিয়াগোম কেলেংকাৰিত জড়িত হৈ আছিল বহু কেইজন হাই প্ৰফাইল দালাল। ইয়াৰে কেইবাজনকো ইতিপূৰ্বে তদন্তকাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।
উল্লেখযোগ্য যে এ পি এছ চি কেলেংকাৰিৰ তদন্ত কৰি থকা ডিব্ৰুগড় আৰক্ষীয়ে ২২ জুলাইৰ দিনা অভিযান চলাই গুৱাহাটী মহানগৰীৰ পৰা কেলেংকাৰিটোত জড়িত থকা দুজন দালালক আটক কৰিছিল। ইয়াৰে এজন হৈছে সুৰজিত চৌধুৰী। সুৰজিত চৌধুৰী ব্যৱসায়ত এজন বিল্ডাৰ যদিও ৰাকেশ পালৰ সৈতে থকা ঘনিষ্ঠ সম্পৰ্কৰ সুবাদত মধ্যস্থতাকাৰীৰ ভূমিকা লৈও টকা ঘটিছিল। এই দালালজনে ফ্লেট বিক্ৰীৰ নামতো গ্ৰাহকৰ পৰা বহু ধন আত্মসাৎ কৰি পিছত তেওঁলোককক প্ৰৱঞ্চনা কৰিছিল।
আনহাতে, ৰাকেশ পালৰ আন এজন ঘনিষ্ঠ সহযোগী দালাল শৈলেন শৰ্মা বৰুৱাক আৰক্ষীয়ে দৰং জিলাৰ ছিপাঝাৰৰ পৰা আটক কৰিছিল। শৰ্মা বৰুৱা দৰং জিলা বিজেপিৰ উপ-সভাপতি তথা দৰং বাৰ এচ’ছিয়েছনৰ সম্পাদক।
আশ্চৰ্য্যকৰভাৱে এওঁলোক দুয়োজনে জামিনৰ বাবে গুৱাহাটীৰ ন্যায়াধীশকো মেনেজ কৰাৰ চেষ্টা কৰিছিল। তাৰ সম্ভেদ পাইছিল আৰক্ষীয়ে।
আৰক্ষীৰ সূত্ৰটোৱে কোৱা মতে, অচিৰেই তদন্তকাৰী আৰক্ষীয়ে আন কেইবাজনো দালালক আটক কৰিব। লগতে অসম লোকসেৱা আয়োগৰ ভিতৰতো কেইবাজনো কৰ্মচাৰী পুনৰ জেৰাৰ সন্মুখীন হ’ব পাৰে বুলিও সূত্ৰটোৱে কয়। এই কৰ্মচাৰীকেইজনৰ বিৰুদ্ধে ৰাকেশ পালক দুৰ্নীতিত সহায় কৰাৰ প্ৰমাণ পোৱা গৈছে।