• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাৰী ব্যৱসায়ী চক্ৰৰ কবলৰ পৰা ১২ বছৰ পাছত নাটকীয়ভাৱে স্বগৃহত উপস্থিত ওদালগুৰিৰ যুৱতী

ছাজিদ খান by ছাজিদ খান
August 3, 2018 4:51 pm
udalguri-trafficker-570x320
190
VIEWS
Share on FacebookShare on Twitter

যোৱা জুলাইৰ ২৩ তাৰিখে সুদীৰ্ঘ ১২ বছৰৰ অন্তত আপোন ঘৰত উপস্থিত হৈছেহি অসমৰ এগৰাকী ২৪ বছৰীয়া যুৱতী। যুৱতীগৰাকী হৈছে ওদালগুৰি জিলাৰ কলাইগাঁৱৰ ভকতপাৰা পুনিয়াগাঁও নিবাসী মাৰ্জিনা বেগম (নামটো সলাই দিয়া হৈছে)। ১২ বছৰ বয়সতে মাৰ্জিনা মানৱ সৰবৰাহকাৰীৰ হাতত পৰিছিল আৰু তেওঁক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে এজন ৫০ বছৰীয়া ব্যক্তিৰ সৈতে জোৰকৈ বিয়া পাতি দিয়া হৈছিল।

বিয়াৰ পাছত তেওঁৰ ওপৰত দিনৰ পাছত দিন ধৰি চলি গৈছিল শাৰীৰিক মানসিক নিৰ্যাতন।

জানিব পৰা মতে ওদালগুৰি জিলাৰ কলাইগাঁওৰ ওচৰৰ নাপ্তিপাৰাৰ হাছিমুদ্দিন আলী ওৰফে হাছুৱে মাৰ্জিনাক এটা চাকৰি দিয়াৰ প্ৰলোভনেৰে লৈ গৈ সেই সময়ৰ ১২ বছৰীয়া নাবালিকা মাৰ্জিনাক সতপাল সিঙৰ ওচৰত ১লাখ টকাত বিক্ৰী কৰি দিছিল। সতপালে মাৰ্জিনাক এটা গুৰুদ্বাৰত জোৰকৈ বিবাহ কৰায়।

এই বিবাহৰ ফল স্বৰূপে মাৰ্জিনা দুটা সন্তানৰ মাতৃ হয়— এটা ৮বছৰীয়া আৰু আনটো ৬ বছৰীয়া।

আজিৰ পৰা পাঁচ বছৰ পূৰ্বে বৃদ্ধ বেমাৰী সতপাল সিঙৰ মৃত্যু হয় আৰু ইয়ে মাৰ্জিনাৰ দুৰ্বিষহ জীৱনটো আৰু সহ্যাতীত কৰি তোলে। এইবাৰ তেওঁৰ ওপৰত আৰম্ভ হয় শাহু-শহুৰৰ অত্যাচাৰৰ পৰ্ব।

শহুৰ-শাহুৰ পৰা সহ্যাতীতভাৱে নিৰ্যাতিত হৈ আজিৰ পৰা পাঁচ বছৰ পূৰ্বে মাৰ্জিনাই স্বামীগৃহ ত্যাগ কৰে। তাৰ পাছতেই নিজক আৰু সন্তান দুটিক জীয়াই ৰাখিবলৈ মাৰ্জিনাই ভিক্ষাবৃত্তি গ্ৰহণ কৰি অঘৰীৰ জীৱন যাপন কৰিবলৈ লৈছিল।

এদিন মাৰ্জিনাই নিজৰ আঙুলিৰ ৰূপৰ আঙঠিটো বিক্ৰী কৰি পশ্চিম বংগৰ পৰা গুৱাহাটীলৈ অহা ৰেইলত এটা টিকট সংগ্ৰহ কৰে আৰু তেওঁ আহি এনেদৰে জন্মভূমিত উপস্থিত হয়।

নিজৰ জন্মভূমিৰ ঠিকনা পাহৰি যোৱা মাৰ্জিনাই সৌভাগ্যক্ৰমে দুজন লোকক ল’গ পায়, যিয়ে তেওঁৰ গাঁৱৰ ঠিকনা জানে। এই ঘটনা সন্দৰ্ভত বিতং তথ্য যোগান ধৰা নাম প্ৰকাশত অনিচ্ছুক আৰক্ষী বিষয়াগৰাকীয়ে নৰ্থ-ইষ্ট নাওক জনোৱা মতে অকস্মাতে ঘৰত আহি উপস্থিত হোৱা মাৰ্জিনাক তেওঁৰ মাতৃয়ে চিনিবই পৰা নাছিল।

নিজৰ আপোন গাঁৱত উপস্থিত হৈ মাৰ্জিনাই তেওঁৰ মাক-দেউতাকক লগ পায় যদিও প্ৰথমতে তেওঁলোকে মাৰ্জিনাক চিনিবই পৰা নাছিল। লাহে লাহে সব কথা পৰিষ্কাৰ হৈ পৰে আৰু মাৰ্জিনাক সতপাল সিঙৰ ওচৰত বিক্ৰী কৰি দিয়া হাছিমুদ্দিনৰ বিৰুদ্ধে এখন এজাহাৰ দিয়ে। দৰং জিলাৰ মঙলদৈ জলসিঞ্চন বিভাগত চাকৰি কৰি থকা হাছিমুদ্দিনক কলাইগাঁও আৰক্ষীয়ে লগে লগে গ্ৰেপ্তাৰ কৰে।

কলাইগাঁও থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ দাসে কৈছে যে কলাইগাঁও থানাত নিৰ্যাতিতা যুৱতীগৰাকীৰ ভাষ্য নথিভু্ক্ত কৰা হৈছে আৰু অভিযুক্ত হাছিমুদ্দিনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭০/৩৭১ ধাৰাৰ অধীনত কলাইগাঁও থানাত ৮৫/১৮ নমেবৰত এটা গোচৰ ৰুজু কৰা হৈছে।

আজি অভিযুক্ত হাছিমুদ্দিনক ওদালগুৰি জিলা আদালতত হাজিৰ কৰোৱা হয়। এই লোকজন আৰু এনেধৰণৰ কামত জড়িত আছে নেকি জানিবলৈ আৰক্ষীয়ে এটা বিভাগীয় তদন্ত আৰম্ভ কৰিছে।

Recent News

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

পৰ্যটকৰ ট্ৰেকিংৰ সময়ত গাইড থাকিবই লাগিব; ৰাজা হত্যাকাণ্ডৰ পিছত মেঘালয় চৰকাৰৰ নিৰ্দশনা

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd