যোৱা ১৯ ডিচেম্বৰত গোলাঘাট জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মকৰ্তাৰ ওপৰত আৰক্ষীয়ে বৰ্বৰতাৰে লাঠীচালনা চলোৱা কাৰ্যসূচীক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিতিয়ে কঠোৰ ভাষাৰে নিন্দা কৰিছে। এক বিবৃতি যোগে কয় যে চৰম নৃশংসতাৰ প্ৰমাণ দি গোলাঘাট আৰক্ষীয়ে মঙলবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বগীধলা বাগানত মালিক পক্ষই শ্ৰমিকৰ ওপৰত কৰা বৰ্বৰ আক্ৰমণৰ ঘটনাৰ বাবে গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক আৰক্ষীয়ে নিৰ্মম ভাবে প্ৰহাৰ কৰে। যাৰ ফলত সংগঠনটোৰ চাৰিজনকৈ নেতা গুৰুতৰভাৱে আহত হৈছিল। এই কাণ্ডক গৰিহনা দিয়াৰ উপৰি পুলিচে গুণ্ডামি কৰা বুলি অভিহিত কৰে।
শান্তিপূৰ্ণ আন্দোলনকাৰীৰ ওপৰত পুলিচ বাহিনীয়ে পেচাদাৰী গুণ্ডাৰ দৰে চলোৱা বৰ্বৰতাক ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনৰ অসম ৰাজ্যিক কমিতিয়ে গণতান্ত্ৰীক ব্যৱস্থাৰ পৰিপন্থী বুলি ক্ষোভ উজাৰে। গোলাঘাট আৰক্ষীৰ এনে অপ্ৰৰোচিত লাঠীচালনা তথা অশ্ৰাব্য গালি-গালাজৰ মাজেৰে অসম চৰকাৰৰ অগণতান্ত্ৰীক প্ৰৱণতাই পুনৰ উদঙাই দিলে। চৰকাৰৰ এনে কৰ্ম কাণ্ডৰ বিৰুদ্ধে অসমৰ ৰাইজক ঐক্যবদ্ধ ভাবে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেচনে আহ্বান জনায়।