• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, June 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসমীয়া উপন্যাস সাহিত্যলৈ সুখবৰ : জয়ন্ত মাধৱ বৰাৰ ‘মৰিয়াহোলা’লৈ সাহিত্য অকাডেমি বঁটা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2017 5:35 pm
110
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমীয়া সাহিত্যত নিজা কথন শৈলী আৰু কাহিনী নিৰ্মাণৰ দক্ষতাৰে বিশেষ স্থান দখল কৰি লোৱা ঔপন্যাসিক, গল্পকাৰ জয়ন্ত মাধৱ বৰাই অসমীয়া ভাষাত ২০১৭ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা লাভ কৰিছে। বিশিষ্ট ঔপন্যাসিকগৰাকীয়ে তেওঁৰ জনপ্ৰিয় উপন্যাস ‘মৰিয়াহোলা’ৰ বাবে এই বঁটা লাভ কৰিছে। দহখনতকৈও অধিক উপন্যাস লিখা লেখকগৰাকীলৈ এই বঁটা তেওঁৰ সাহিত্য চৰ্চা আৰু গুণগত মানৰ প্ৰতি এক ডাঙৰ স্বীকৃতি বুলিব পাৰি। গোলাঘাট জিলাৰ দেৰগাৱঁত জন্ম গ্ৰহণ কৰা শ্ৰীযুত বৰাই যোৰহাট বিজ্ঞান মহাবিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত স্নাতক ডিগ্ৰী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লৈছিল। অসম সচিবালয়ত শিক্ষা বিভাগৰ এজন বিষয়া হিচাপে কৰ্মৰত শ্ৰী বৰা বৰ্তমান পাঞ্জাবাৰীৰ বাসিন্দা।

সাহিত্য অকাডেমি বঁটা প্ৰাপক ঔপন্যাসিক জয়ন্ত মাধৱ বৰা।

মৰিয়াহোলাৰ মূল বিষয়বস্তু হ’ল জয়ধ্বজ সিংহৰ দিনত মোগলৰ সৈতে হোৱা যুদ্ধত বন্দী হিচাপে অসমত থাকি যোৱা মুচলমান যুদ্ধবন্দীসকলক ৰখা এখন ঠাই আৰু তাত তেওঁলোকৰ সংগ্ৰাম তথা তেওঁলোকৰ নামেৰে হোৱা ঠাইখনৰ ব্ৰহ্মপুত্ৰত জাহ যোৱাৰ কাহিনী। অসম বুৰঞ্জীৰস মতে ধনশিৰি উপত্যকাৰ নামদৈয়াঙত ৰখা ৯০০ মুচলমান যুদ্ধবন্দীক কাঁহ-পিতলৰ কাম কৰিবলৈ দিয়া হৈছিল। কাঁহ-পিতলৰ নিৰ্মাণকাৰ্য্যত মৰিয়াই মৰিয়াই কাম কৰিব লগা হৈছিল। সেয়ে তেওঁলোকক মৰিয়া নামেৰে জনা গ’ল। এই মৰিয়াসকলক এদিন ধানখেতিৰ কামত লগা হ’ল। কিন্তু তেওঁলোকে ধানখেতি কেতিয়াও কৰি পোৱা নাছিল আনকি বোকা-পানীত একো কামেই কৰিব নাজানিছিল। কিন্তু ৰজাৰ হুকুম মানি তেওঁলোকে খেতি কৰিবলৈ লাগে। তেওঁলোকে আন খেতিয়কে পথাৰ বোকা কৰা দেখি, নিজৰ সেই কলা নোহোৱা হেতু আৰু হালৰ গৰু নোহোৱা হেতু ৯০০ মৰিয়াই ব্ৰহ্মপুত্ৰ বুকুৰ পৰা বোকা আনি পথাৰত সেইবোৰ পেলাই ধান খেতি কৰিছিল। পিছে তেনেকৈ কৰা খেতিৰ পৰা ৬০০টাহে ডাঙৰি পায়। তেতিয়াৰ পৰাই ‘নশ মৰিয়াৰ ছশ ডাঙৰি’ বুলি এটা অসমীয়া প্ৰৱচনো প্ৰচলিত হ’ল। তাৰ পিছৰ পৰা মৰিয়াসকল তাতে থাকিবলৈ ল’লে আৰু তেওঁলোকে মাটি খান্দি বোকা অনা ঠাইখনৰ নাম মৰিয়াহোলা হ’ল। এই ঠাইখন আৰু তাৰ মানুহখিনিৰ কাহিনীকে মূল বিষয়বস্তু হিচাপে লৈ বৰাৰ উপন্যাস খনৰ কাহিনী আগ বাঢ়িছে। উপন্যাসখন প্ৰকাশ হোৱাৰ পিছৰ পৰাই পাঠক সমাজত বেচ সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। মৰিয়াহোলাৰ উপৰি তেওঁ আজান-ফকীৰ, নামত মাজুলী কহয় সৱে আদিকে ধৰি দহখনৰো অধিক উপন্যাস লিখিছে। উপন্যাসৰ উপৰি তেওঁৰ গল্প সাহিত্যতো সুনাম আছে আৰু ৮ খনকৈ গল্প সংকলন ইতিপূৰ্বে প্ৰকাশ হৈছে। ইয়াৰে ‘জাকৈয়া ছোৱালী’ গল্প সংকলনৰ বাবে তেওঁ অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা পাইছিল। শ্ৰীযুত জয়ন্ত মাধৱ বৰালৈ আগ বঢ়োৱা সাহিত্য অকাডেমি বঁটাই স্বাভাৱিকতে জয়ন্ত মাধৱ বৰাৰ সাহিত্য ভাল পোৱা পাঠকসকলৰ লগতে অসমীয়া সাহিত্যৰ সকলো শুভাকাংক্ষীলৈ আনন্দৰ বতৰা কঢ়িয়াই আনিছে।

Apply Now
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

June 11, 2026 8:27 pm
পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

June 11, 2026 7:53 pm
কেন্সাৰৰ ঔষধক লৈ ডাঙৰ উদ্বেগ! মূল্য বৃদ্ধিত অনুমোদন কেন্দ্ৰৰ, সংকটত কেমোথেৰাপি ৰোগী

কেন্সাৰৰ ঔষধক লৈ ডাঙৰ উদ্বেগ! মূল্য বৃদ্ধিত অনুমোদন কেন্দ্ৰৰ, সংকটত কেমোথেৰাপি ৰোগী

June 11, 2026 6:56 pm
বিদ্যালয়ত গৰুৰ মাংস! হিন্দু বন্ধুক জোৰকৈ খুওৱাৰ চেষ্টা মুছলমান ছাত্ৰৰ, তাৰ পিছত…

বিদ্যালয়ত গৰুৰ মাংস! হিন্দু বন্ধুক জোৰকৈ খুওৱাৰ চেষ্টা মুছলমান ছাত্ৰৰ, তাৰ পিছত…

June 11, 2026 5:49 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

উত্তৰাধিকাৰ! ৰাষ্ট্ৰীয় দলৰ বাবে আমন্ত্ৰণ লাভ কৰিলে ৰাহুল দ্ৰাবিড়ৰ পুত্ৰ অনভয়ে

June 11, 2026 8:27 pm
পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

পুনৰ পাকিস্তানী সেনাৰ বৰ্বৰতা! নিৰস্ত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ গুলীচালনা; পাক অধিকৃত কাশ্মীৰত কমেও ১৬ জন নিহত

June 11, 2026 7:53 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd