• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পাৰ্বত্য পৰিষদ ভংগৰ লগতে মুখ্য কাৰ্যবাহী গাৰ্ল’চাক গ্ৰেপ্তাৰৰ দাবী ডিমা হাচাও কংগ্ৰেছৰ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
August 11, 2018 8:51 am
Congress PC

হাফলঙত শুকুৰবাৰে অনুষ্ঠিত ডিমা হাচাও জিলা কংগ্ৰেছৰ সংবাদমেল। ফটো : পংকজ কুমাৰ দেব

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাফলঙৰ সত্ৰ ন্যায়াধীশৰ আদালতত ডিএইচডি জুৱেল গোটৰ প্ৰাক্তন সদস্য মুপিট ৰাজিয়ুঙ ওৰফে একশ্যন ডিমাচায় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য তথা কংগ্ৰেছ নেতা পূৰ্ণেন্দু লাংথাচা আৰু  কাৰ্যবাহী সদস্য নিন্দু লাংথাচাৰ হত্যাকাণ্ড সন্দৰ্ভত দিয়া জবানবন্দীয়ে ডিমা হাচাও জিলাত চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে।

একশ্যন ডিমাচায় আদালতত দিয়া সাক্ষ্যত কৈছে যে বিজেপি শাসিত পাৰ্বত্য পৰিষদৰ বৰ্তমান মুখ্য কাৰ্যবাহী দেব’লাল গাৰ্ল’চা ওৰফে ড্যানিয়াল ডিমাচায় কাৰ্যবাহী সদস্য নিন্দু লাংথাচাক হত্যা কৰিছিল। আনহাতে, গালামলা নামৰ ডিএইচডি কেডাৰে হত্যা কৰে পূৰ্ণেন্দুক। ইয়াৰ প্ৰত্যক্ষদৰ্শী আছিলে একশ্যন। আদালতত একশ্যনৰ এই সাক্ষ্যৰ প্ৰতিলিপি ৰাজহুৱা হোৱাৰ লগে লগে পাৰ্বত্য জিলাৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে।

Apply Now

শুকুৰবাৰে হাফলংত ডিমা হাচাও জিলা কংগ্ৰেছে এক সংবাদ মেল পাতি বিজেপি শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লচাক গ্ৰেপ্তাৰ কৰাৰ লগতে পৰিষদখন ভংগ কৰাৰ দাবী জনায় কংগ্ৰেছ নেতা কালিজয় চেংগুইনৰ লগতে হামজানন লাংথাচায়।

কালিজয় চেংগুইনে কয় যে একশ্যন ডিমাচা ওৰফে মুপিট ৰাজিয়ুঙ পূৰ্ণেন্দু-নিন্দু হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী আছিল বুলি আদালতত স্বীকাৰোক্তি দিছে। একশ্যনৰ সাক্ষ্য মতে নিন্দুক ড্যানিয়াল ডিমাচা ওৰফে দেবলাল গাৰ্লচায় হত্যা কৰিছে। চেংগুইনে অনতিপলমে বিজেপি শাসিত পৰিষদ ভংগ কৰি নিৰ্বাচন নোহোৱালৈকে ৰাজ্যপালৰ শাসনৰ দাবী জনায়।

সংবাদমেলত কালিজয় চেংগুইনৰ লগতে নিন্দু লাংথাচাৰ পুত্ৰ বৰ্তমান যুব কংগ্ৰেছৰ নেতা ড্যানিয়াল লাংছাচাই ২০০৭ চনৰ অভিশপ্ত  ৪ জুনৰ কথা উল্লেখ কৰি কয় যে এঘাৰ বছৰ ধৰি আমাৰ পৰিয়ালে ন্যায়ৰ বাবে বাট চাই আছিলো। ইমান দিন আমি ন্যায়ৰ কথা ভাবিব পৰা নাছিলো। কিন্তু এতিয়া ন্যায় পাম বুলি আমি আশাবাদী।

তেওঁ লগতে কয়, ‘ ২০০৭ চনৰ ৪ জুন দেহাঙ্গীৰ লাঙলাই হাছনু গাঁওত মোৰ দেউতা নিন্দু আৰু তেতিয়াৰ মুখ্য কাৰ্যবাহী পূৰ্ণেন্দু লাঙঠাচাক ডিএইচডি জুৱেল গোটে হত্যা কৰিছিল। একশ্যন ডিমাচা ওৰফে মুপিট ৰাজিয়ুঙ সেই হত্যাকাণ্ডৰ সময়ত তাত উপস্থিত আছিল। তেওঁৰ নিজ চকুৰ সমুখতে গোটেই ঘটনা সংঘটিত হৈছিল। তেতিয়া ড্যানিয়াল ডিমাচা ওৰফে দেবলাল গাৰ্লচা সংগঠনটোৰ উমৰাঙচু জোনৰ কমাণ্ডিং অফিচাৰ আছিল।‘

নিন্দুৰ পুত্ৰ ড্যানিয়াল লাংথাচাই কয় যে মই আৰু মোৰ পৰিয়ালৰ লোকে দেবলালক ক্ষমা কৰি দিছো। কিন্তু তেওঁ নিজে নিজৰ অপৰাধ স্বীকাৰ কৰিব পাৰিবনে ? ড্যানিয়ালে কয়, ‘’মই মোৰ দেউতাৰ কাৰনে অকলে ন্যায় বিচৰা নাই। মই সকলোৰে কাৰণে ন্যায় বিচাৰিছো।‘’

কংগ্ৰেছ নেতা হামজানন লাংথাচাই পৰিষদ ভংগৰ দাবী উপৰি হত্যাকাণ্ডৰ লগত জড়িত সকলোক গ্ৰেপ্তাৰৰ দাবী জনায়। হামজাননে কয়, ‘’তেতিয়াৰ পৰিষদৰ সদস্য প্ৰফুল্ল ফংলোয় নিজৰ ব্যক্তিগত দেহৰক্ষীৰে নগদ পঞ্চাশ লাখ টকা লৈ গেৰা গাঁওত উপস্থিত হৈছিল। কিন্তু টকা লৈও কিয় ফংলোৰ দেহৰক্ষীৰ বাহিৰে পাছত নিন্দু-পূৰ্ণেন্দুক হত্যা কৰা হ’ল? কাৰণ একশ্যনে তাৰ জবানবন্দীত উল্লেখ কৰে যে দুই কোটি টকা বিচৰা হৈছিল।‘’

হামজাননে চিবিআই তদন্তৰ দাবী উত্থাপন কৰে। তেওঁ লগতে কয় যে বিজেপি দলে নিকা ভাবমুৰ্তিৰ চৰকাৰৰ কথা ক’লেও বাস্তৱত কিন্তু বিজেপি দলে এনে হত্যাৰ অভিযোগ থকা ব্যক্তিক কিয় ক্ষমতাত বহুৱাইছে সেয়া এক কোটি টকীয়া প্ৰশ্ন।

উল্লেখ যোগ্য যে ২০০৭ চনৰ ৪ জুন তাৰিখে পূৰ্ণেন্দু লাংথাচা আৰু নিন্দু লাংথাচাক দেহাঙ্গীৰ লাঙলাই হাছনু গাওঁত এখন নিৰ্বাচনী সভাৰ পৰা মাতি আনি উগ্ৰপন্থী গোটে হত্যা কৰিছিল।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

অবিশ্বাস্য! এমবাপেকো নিষ্প্ৰভ কৰি ডেম্বলেৰ দুৰ্দান্ত হেট্ৰিক; নৰৱেক ৪-১ গ’লত পৰাস্ত কৰিলে ফ্ৰান্সে

June 27, 2026 8:10 am
গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত তথ্য বিজ্ঞানৰ নতুন পাঠ্যক্ৰম আৰু চতুৰ্থ বৰ্ষত পোনপটীয়া নামভৰ্তিৰ সুযোগ

June 27, 2026 7:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd