হাফলঙৰ সত্ৰ ন্যায়াধীশৰ আদালতত ডিএইচডি জুৱেল গোটৰ প্ৰাক্তন সদস্য মুপিট ৰাজিয়ুঙ ওৰফে একশ্যন ডিমাচায় উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য তথা কংগ্ৰেছ নেতা পূৰ্ণেন্দু লাংথাচা আৰু কাৰ্যবাহী সদস্য নিন্দু লাংথাচাৰ হত্যাকাণ্ড সন্দৰ্ভত দিয়া জবানবন্দীয়ে ডিমা হাচাও জিলাত চাঞ্চ্যল্যৰ সৃষ্টি কৰিছে।
একশ্যন ডিমাচায় আদালতত দিয়া সাক্ষ্যত কৈছে যে বিজেপি শাসিত পাৰ্বত্য পৰিষদৰ বৰ্তমান মুখ্য কাৰ্যবাহী দেব’লাল গাৰ্ল’চা ওৰফে ড্যানিয়াল ডিমাচায় কাৰ্যবাহী সদস্য নিন্দু লাংথাচাক হত্যা কৰিছিল। আনহাতে, গালামলা নামৰ ডিএইচডি কেডাৰে হত্যা কৰে পূৰ্ণেন্দুক। ইয়াৰ প্ৰত্যক্ষদৰ্শী আছিলে একশ্যন। আদালতত একশ্যনৰ এই সাক্ষ্যৰ প্ৰতিলিপি ৰাজহুৱা হোৱাৰ লগে লগে পাৰ্বত্য জিলাৰ ৰাজনীতি উত্তপ্ত হৈ পৰিছে।
শুকুৰবাৰে হাফলংত ডিমা হাচাও জিলা কংগ্ৰেছে এক সংবাদ মেল পাতি বিজেপি শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী দেবলাল গাৰ্লচাক গ্ৰেপ্তাৰ কৰাৰ লগতে পৰিষদখন ভংগ কৰাৰ দাবী জনায় কংগ্ৰেছ নেতা কালিজয় চেংগুইনৰ লগতে হামজানন লাংথাচায়।
কালিজয় চেংগুইনে কয় যে একশ্যন ডিমাচা ওৰফে মুপিট ৰাজিয়ুঙ পূৰ্ণেন্দু-নিন্দু হত্যাকাণ্ডৰ প্ৰত্যক্ষদৰ্শী আছিল বুলি আদালতত স্বীকাৰোক্তি দিছে। একশ্যনৰ সাক্ষ্য মতে নিন্দুক ড্যানিয়াল ডিমাচা ওৰফে দেবলাল গাৰ্লচায় হত্যা কৰিছে। চেংগুইনে অনতিপলমে বিজেপি শাসিত পৰিষদ ভংগ কৰি নিৰ্বাচন নোহোৱালৈকে ৰাজ্যপালৰ শাসনৰ দাবী জনায়।
সংবাদমেলত কালিজয় চেংগুইনৰ লগতে নিন্দু লাংথাচাৰ পুত্ৰ বৰ্তমান যুব কংগ্ৰেছৰ নেতা ড্যানিয়াল লাংছাচাই ২০০৭ চনৰ অভিশপ্ত ৪ জুনৰ কথা উল্লেখ কৰি কয় যে এঘাৰ বছৰ ধৰি আমাৰ পৰিয়ালে ন্যায়ৰ বাবে বাট চাই আছিলো। ইমান দিন আমি ন্যায়ৰ কথা ভাবিব পৰা নাছিলো। কিন্তু এতিয়া ন্যায় পাম বুলি আমি আশাবাদী।
তেওঁ লগতে কয়, ‘ ২০০৭ চনৰ ৪ জুন দেহাঙ্গীৰ লাঙলাই হাছনু গাঁওত মোৰ দেউতা নিন্দু আৰু তেতিয়াৰ মুখ্য কাৰ্যবাহী পূৰ্ণেন্দু লাঙঠাচাক ডিএইচডি জুৱেল গোটে হত্যা কৰিছিল। একশ্যন ডিমাচা ওৰফে মুপিট ৰাজিয়ুঙ সেই হত্যাকাণ্ডৰ সময়ত তাত উপস্থিত আছিল। তেওঁৰ নিজ চকুৰ সমুখতে গোটেই ঘটনা সংঘটিত হৈছিল। তেতিয়া ড্যানিয়াল ডিমাচা ওৰফে দেবলাল গাৰ্লচা সংগঠনটোৰ উমৰাঙচু জোনৰ কমাণ্ডিং অফিচাৰ আছিল।‘
নিন্দুৰ পুত্ৰ ড্যানিয়াল লাংথাচাই কয় যে মই আৰু মোৰ পৰিয়ালৰ লোকে দেবলালক ক্ষমা কৰি দিছো। কিন্তু তেওঁ নিজে নিজৰ অপৰাধ স্বীকাৰ কৰিব পাৰিবনে ? ড্যানিয়ালে কয়, ‘’মই মোৰ দেউতাৰ কাৰনে অকলে ন্যায় বিচৰা নাই। মই সকলোৰে কাৰণে ন্যায় বিচাৰিছো।‘’
কংগ্ৰেছ নেতা হামজানন লাংথাচাই পৰিষদ ভংগৰ দাবী উপৰি হত্যাকাণ্ডৰ লগত জড়িত সকলোক গ্ৰেপ্তাৰৰ দাবী জনায়। হামজাননে কয়, ‘’তেতিয়াৰ পৰিষদৰ সদস্য প্ৰফুল্ল ফংলোয় নিজৰ ব্যক্তিগত দেহৰক্ষীৰে নগদ পঞ্চাশ লাখ টকা লৈ গেৰা গাঁওত উপস্থিত হৈছিল। কিন্তু টকা লৈও কিয় ফংলোৰ দেহৰক্ষীৰ বাহিৰে পাছত নিন্দু-পূৰ্ণেন্দুক হত্যা কৰা হ’ল? কাৰণ একশ্যনে তাৰ জবানবন্দীত উল্লেখ কৰে যে দুই কোটি টকা বিচৰা হৈছিল।‘’
হামজাননে চিবিআই তদন্তৰ দাবী উত্থাপন কৰে। তেওঁ লগতে কয় যে বিজেপি দলে নিকা ভাবমুৰ্তিৰ চৰকাৰৰ কথা ক’লেও বাস্তৱত কিন্তু বিজেপি দলে এনে হত্যাৰ অভিযোগ থকা ব্যক্তিক কিয় ক্ষমতাত বহুৱাইছে সেয়া এক কোটি টকীয়া প্ৰশ্ন।
উল্লেখ যোগ্য যে ২০০৭ চনৰ ৪ জুন তাৰিখে পূৰ্ণেন্দু লাংথাচা আৰু নিন্দু লাংথাচাক দেহাঙ্গীৰ লাঙলাই হাছনু গাওঁত এখন নিৰ্বাচনী সভাৰ পৰা মাতি আনি উগ্ৰপন্থী গোটে হত্যা কৰিছিল।