• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ধ্বংসৰ গৰাহত চিৰিয়াখানা ! মন্ত্ৰীৰ নিৰ্লিপ্ততাত ক্ষুব্ধ হৈ পদত্যাগৰ দাবী তুলিলে চিৰিয়াখানা সুৰক্ষা মঞ্চই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 12, 2018 11:01 am
চিৰিয়াখানা

বনমন্ত্ৰীৰ সৈতে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বৈঠক। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দীৰ্ঘদিন ধৰি চিৰিয়াখানাৰ সুৰক্ষাৰ বাবে মাত মাতি অহা চিৰিয়াখানা সুৰক্ষা মঞ্চই শনিবাৰে পুৱা ১১ বজাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক সাক্ষাৎ কৰি পুনৰ বাৰ আলোচনাত বহে।

উল্লেখযোগ্য যে যোৱা ২৯ মে’ৰ দিনা চিৰিয়াখানা সুৰক্ষা মঞ্চই বনমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হৈছিল। কিন্তু তেওঁ চিৰিয়াখানাখনৰ উন্নয়নৰ বাবে বিশেষ ভুমিকা গ্ৰহণ নকৰাৰ বাবে শনিবাৰে পুনৰবাৰ সুৰক্ষা মঞ্চই মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে।

Apply Now

আনহাতে, সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে নিজ মুখে তেওঁ একপ্ৰকাৰে নিৰুপায় বুলি স্বীকাৰ কৰা বুলি ৰাজকুমাৰ বৈশ্যই নৰ্থ ইষ্ট নাওৰ আগত জানিবলৈ দিয়ে। তেওঁ লগতে কয়, ‘মন্ত্ৰীগৰাকীয়ে নিজৰ মুখেৰে চিৰিয়াখানাত চলি থকা আমোলাৰ বেহুটো ভেদ কৰিব পৰা নাই।‘

তদুপৰি, বিগত আঢ়ৈ মাহৰ ভিতৰত হৰিণাকে ধৰি অন্য প্ৰায় ত্ৰিশটা জন্তু মৃত্যুমুখত পৰিল বুলি জানিবলৈ দি বৈশ্যই কয়, ‘দুৰ্নীতিত অভিযুক্ত চিৰিয়াখানা কৰ্তৃপক্ষৰ চাৰিজনৰ নাম দিয়া হৈছিল যদিও তেওঁলোকৰ বিৰুদ্ধে বন মন্ত্ৰীগৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবে তেওঁলোকৰ উৎপাত বৃদ্ধি পাইছে।‘

তেওঁ লগতে কয়, ‘মন্ত্ৰীৰ লগত আলোচনা কৰি তেওঁলোকে নিজৰ সময়খিনি অপব্যয়হে কৰিছে। এটা দুষ্ট চক্ৰই চিৰিয়াখানাখন ধ্বংসৰ বাবে গা কৰি উঠিছে। তেনে অৱস্থাত মন্ত্ৰী গৰাকী যদি নিৰুপায় হয়, তেন্তে তেওঁ পদত্যাগ কৰিব লাগে।‘

অহা ১৯ আগষ্টৰ পৰা পুনৰ চিৰিয়াখানা সুৰক্ষা মঞ্চই চিৰিয়াখানাত সংঘটিত হৈ অহা দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ২৯ মে’ৰ দিনা হোৱা আলোচনাৰ সময়তে বনমন্ত্ৰীগৰাকীয়ে জীৱ-জন্তুৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা অনতিপলমে কৰা হ’ব আৰু চিৰিয়াখানাৰ চিকিৎসালয়খন উন্নত কৰোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ উপৰিও চিৰিয়াখানাত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে তৎকালীনভাৱে উচ্চ পৰ্য্যায়ৰ তদন্ত দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে শনিবাৰে আলোচনাৰ বাবে যোৱা চিৰিয়াখানাৰ সঁজাতি দলটোকো সেই একেখিনি আশ্বাস প্ৰদান কৰিয়ে ক্ষান্ত থাকে বুলি ৰাজকুমাৰ বৈশ্যই নৰ্থ ইষ্ট নাওৰ আগত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে  ‘চিৰিয়াখানা সুৰক্ষা মঞ্চ’ই চিৰিয়াখানাৰ ভিতৰত চিৰিয়াখানাৰ দায়িত্বত থকা লোকে শ শ হৰিণ ভক্ষণ কৰাকে ধৰি আন  কেতবোৰ  দুৰ্নীতিৰ  বিৰুদ্ধে দীৰ্ঘদিন ধৰি মাত মাতি আহিছিল। এই অভিযোগৰ সত্যতা অনুধাৱন কৰিয়ে বৰ্তমানৰ বন মন্ত্ৰী পৰিমল  শুক্লবৈদ্যই  নিজেই  এই  বিষয়ে  বিস্তৃতভাৱে   চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সৈতে আলোচনা কৰিবৰ বাবে যোৱা ২৯ মে’ৰ দিনা আমন্ত্ৰণ জনাইছিল।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

শান্তি চুক্তি নিটিকিল! ইৰাণৰ ড্ৰোন আৰু মিছাইল ঘাটিত আমেৰিকাৰ এয়াৰ ষ্ট্ৰাইক; প্ৰত্যুত্তৰ তেহৰানৰো

June 27, 2026 9:10 am
প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

প্ৰতিদিনে খালী ভৰিৰে শিলগুটিৰ ওপৰত খোজ কাঢ়িলে শৰীৰত কি প্ৰভাৱ পৰে জানেনে?

June 27, 2026 8:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

ইতিহাস ৰচি বিশ্বকাপৰ নকআউটত কেপ ভাৰ্ডে; সপোনৰ দৌৰত সাধু যেন লগা কাহিনীৰ নতুন অধ্যায়

June 27, 2026 10:15 am
বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

বিশ্বকাপৰ মাজতেই জাৰ্মানী আৰু উৰুগুৱে দলত অশান্তি : প্ৰশিক্ষকৰ নিৰ্দেশ মানিবলৈ অস্বীকাৰ খেলুৱৈৰ

June 27, 2026 9:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd