• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ধ্বংসৰ গৰাহত চিৰিয়াখানা ! মন্ত্ৰীৰ নিৰ্লিপ্ততাত ক্ষুব্ধ হৈ পদত্যাগৰ দাবী তুলিলে চিৰিয়াখানা সুৰক্ষা মঞ্চই

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 12, 2018 11:01 am
চিৰিয়াখানা

বনমন্ত্ৰীৰ সৈতে চিৰিয়াখানা সুৰক্ষা মঞ্চৰ বৈঠক। ফটো : নৰ্থইষ্ট নাও

110
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘদিন ধৰি চিৰিয়াখানাৰ সুৰক্ষাৰ বাবে মাত মাতি অহা চিৰিয়াখানা সুৰক্ষা মঞ্চই শনিবাৰে পুৱা ১১ বজাত বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক সাক্ষাৎ কৰি পুনৰ বাৰ আলোচনাত বহে।

উল্লেখযোগ্য যে যোৱা ২৯ মে’ৰ দিনা চিৰিয়াখানা সুৰক্ষা মঞ্চই বনমন্ত্ৰীগৰাকীৰ সৈতে আলোচনাত মিলিত হৈছিল। কিন্তু তেওঁ চিৰিয়াখানাখনৰ উন্নয়নৰ বাবে বিশেষ ভুমিকা গ্ৰহণ নকৰাৰ বাবে শনিবাৰে পুনৰবাৰ সুৰক্ষা মঞ্চই মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰে।

আনহাতে, সাক্ষাতৰ সময়ত মন্ত্ৰীগৰাকীয়ে নিজ মুখে তেওঁ একপ্ৰকাৰে নিৰুপায় বুলি স্বীকাৰ কৰা বুলি ৰাজকুমাৰ বৈশ্যই নৰ্থ ইষ্ট নাওৰ আগত জানিবলৈ দিয়ে। তেওঁ লগতে কয়, ‘মন্ত্ৰীগৰাকীয়ে নিজৰ মুখেৰে চিৰিয়াখানাত চলি থকা আমোলাৰ বেহুটো ভেদ কৰিব পৰা নাই।‘

তদুপৰি, বিগত আঢ়ৈ মাহৰ ভিতৰত হৰিণাকে ধৰি অন্য প্ৰায় ত্ৰিশটা জন্তু মৃত্যুমুখত পৰিল বুলি জানিবলৈ দি বৈশ্যই কয়, ‘দুৰ্নীতিত অভিযুক্ত চিৰিয়াখানা কৰ্তৃপক্ষৰ চাৰিজনৰ নাম দিয়া হৈছিল যদিও তেওঁলোকৰ বিৰুদ্ধে বন মন্ত্ৰীগৰাকীয়ে কোনোধৰণৰ ব্যৱস্থা নোলোৱাৰ বাবে তেওঁলোকৰ উৎপাত বৃদ্ধি পাইছে।‘

তেওঁ লগতে কয়, ‘মন্ত্ৰীৰ লগত আলোচনা কৰি তেওঁলোকে নিজৰ সময়খিনি অপব্যয়হে কৰিছে। এটা দুষ্ট চক্ৰই চিৰিয়াখানাখন ধ্বংসৰ বাবে গা কৰি উঠিছে। তেনে অৱস্থাত মন্ত্ৰী গৰাকী যদি নিৰুপায় হয়, তেন্তে তেওঁ পদত্যাগ কৰিব লাগে।‘

অহা ১৯ আগষ্টৰ পৰা পুনৰ চিৰিয়াখানা সুৰক্ষা মঞ্চই চিৰিয়াখানাত সংঘটিত হৈ অহা দুৰ্নীতিৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও নৰ্থ ইষ্ট নাওক জানিবলৈ দিয়ে।

উল্লেখ্য যে যোৱা ২৯ মে’ৰ দিনা হোৱা আলোচনাৰ সময়তে বনমন্ত্ৰীগৰাকীয়ে জীৱ-জন্তুৰ স্বাস্থ্য পৰীক্ষা কৰোৱাৰ ব্যৱস্থা অনতিপলমে কৰা হ’ব আৰু চিৰিয়াখানাৰ চিকিৎসালয়খন উন্নত কৰোৱা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়াৰ উপৰিও চিৰিয়াখানাত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে তৎকালীনভাৱে উচ্চ পৰ্য্যায়ৰ তদন্ত দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

তাৎপৰ্য্যপূৰ্ণভাৱে শনিবাৰে আলোচনাৰ বাবে যোৱা চিৰিয়াখানাৰ সঁজাতি দলটোকো সেই একেখিনি আশ্বাস প্ৰদান কৰিয়ে ক্ষান্ত থাকে বুলি ৰাজকুমাৰ বৈশ্যই নৰ্থ ইষ্ট নাওৰ আগত জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে  ‘চিৰিয়াখানা সুৰক্ষা মঞ্চ’ই চিৰিয়াখানাৰ ভিতৰত চিৰিয়াখানাৰ দায়িত্বত থকা লোকে শ শ হৰিণ ভক্ষণ কৰাকে ধৰি আন  কেতবোৰ  দুৰ্নীতিৰ  বিৰুদ্ধে দীৰ্ঘদিন ধৰি মাত মাতি আহিছিল। এই অভিযোগৰ সত্যতা অনুধাৱন কৰিয়ে বৰ্তমানৰ বন মন্ত্ৰী পৰিমল  শুক্লবৈদ্যই  নিজেই  এই  বিষয়ে  বিস্তৃতভাৱে   চিৰিয়াখানা সুৰক্ষা মঞ্চৰ সৈতে আলোচনা কৰিবৰ বাবে যোৱা ২৯ মে’ৰ দিনা আমন্ত্ৰণ জনাইছিল।

Recent News

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd