গোৱালপাৰা মাণ্ডলিক বন বিষয়া কাৰ্যালয়ৰ গাণনিক মহদেৱ দাসক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ গোৱালপাৰ কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে বান্ধি দিয়া সময়সীমা উকলি যোৱাত পুনৰ সংগঠনটোৱে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী।
উল্লেখ্য যে তথ্য বিচাৰি যোৱা ছাত্ৰ নেতাক আক্ৰমণ কৰা বিষয়া দাসক চাকৰিৰ পৰা নিলম্বন কৰিবলৈ সংগঠনটোৱে ১৫ আগষ্টলৈ বান্ধি দিছিল সমসসীমা। কিন্তু আজিলৈ বিষয়াগৰাকীক নিলম্বন নকৰাত ক্ষুন্ন হৈয়ে সংগঠনটোৱে অহা ১৮ আগষ্টত গোৱালপাৰা জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাওৰ জৰিয়তে প্ৰতিবাদ সাব্যস্ত কৰিব।
গোৱালপাৰা জিলা কৃষক মুক্তিৰ সভাপতি পৰমা ৰাভা আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি আমিনুল হকে পৰৱৰ্তী কাৰ্যসূচীৰ বিষয়ে বৃহস্পতিবাৰে এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে।
আক্ৰমণকাৰী কৰ্মচাৰী দাসক নিলম্বন, গোৱালপাৰাৰ দুধনৈ আৰু কৃষ্ণাই বালি মহলৰ নামত চলি থকা ছিণ্ডিকেটৰ উচ্চ পৰ্যায়ৰ তদন্ত আৰু গোৱালপাৰা মাণ্ডলিক বন বিষয়া ঐশ্বৰ্যময় গোস্বামীৰ তত্বাৱধানত চলি থকা দুৰ্নীতিৰ তদন্ত কৰাৰ দাবীত এনেধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব হোৱা বুলি বিবৃতিটোৰ জৰিয়তে জানিবলৈ দিয়ে।
উল্লেখ্য যে পৰৱৰ্তী কাৰ্যসূচীৰ পিছতো যদি চৰকাৰ তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পৰৱৰ্তী পৰ্যায়ত জিলাখনত ধাৰাবাহিক আন্দোলন গঢ়ি তুলিব বুলি সংগঠন দুটাৰ নেতৃবৃন্দই হুংকাৰ প্ৰদান কৰে।