• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, May 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজেপি চৰকাৰে হিন্দুৰ স্বাৰ্থ আৰু অধিকাৰ ৰক্ষা কৰিব পৰা নাই : আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
August 19, 2018 9:15 pm
Aanta Rashtriya Hindu Parishad
142
VIEWS
Share on FacebookShare on Twitter

বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণকে ধৰি নিৰ্বাচনৰ পূৰ্বে আগবঢ়োৱা  প্ৰতিশ্ৰুতি সমূহ আজিও ৰক্ষা কৰিব পৰা নাই। শাসনাধীস্থিত চৰকাৰে বিশ্ব হিন্দু পৰিষদৰ দাবীসমূহ আওকান কৰাৰ লগতে বি এইছ পিৰ একাংশ নেতাক সংগঠনটোৰ পৰা বহিস্কাৰ কৰাৰ বাবেই বিশ্ব হিন্দু পৰিষদ বাদ দি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ নামৰ সংগঠন জন্ম দিব লগা হয়। এই ভাষ্য আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাজ্যিক সভাপতি দীনেশ কলিতাৰ।

বাক্সা জিলাৰ তামুলপুৰ মহকুমা সদৰৰ দুৰ্গা মন্দিৰ প্ৰাঙ্গণত আজি আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাক্সা জিলা সমিতি গঠনৰ উদ্দেশ্যে অনুষ্ঠিত এখন ৰাজহুৱা সভাৰ উদ্দেশ্যে বাখ্যা কৰি দীনেশ কলিতাই লগতে কয় যে হিন্দু সকলৰ স্বাৰ্থ আৰু অধিকাৰ বিজেপি চৰকাৰে ৰক্ষা কৰিব পৰা নাই। সেয়ে ভাৰতত এখন হিন্দু ৰাষ্ট্ৰ গঠন কৰাৰ লক্ষ্য আৰু উদ্দেশ্যে আগত ৰাখি আগবাঢ়ি আহিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদ।

তামুলপুৰৰ স্থানীয় যুৱকৰ্মী চন্দন শৰ্মাৰ সভাপতিত্ত্বত অনুষ্ঠিত সভাখনত কলিতাই আৰু কয় যে বাংলাদেশীক অসমৰ পৰা খেদাৰ প্ৰতিশ্ৰুতি দিয়া অসম চৰকাৰে সেই প্ৰতিশ্ৰুতিও পালন কৰিব পৰা নাই।

আনহাতে সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি সংগঠনটোৰ ৰাজ্যিক সমিতিৰ উপ-সভাপতি অভিজিৎ ডেকাই কয় যে বিজেপি চৰকাৰে ৰাম মন্দিৰ নিৰ্মাণ নকৰি নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাত ব্যৰ্থ হৈছে। তেওঁ সংসদত আইন প্ৰনয়ন কৰি হিন্দু ধৰ্মৰ পবিত্ৰ তীৰ্থস্থান কাশী, মথুৰা আৰু অযোধ্যা হিন্দুসকলক উভতাই দিয়াৰ দাবী জনায়।

তদুপৰি গো হত্যা বন্ধ কৰাৰ বাবেও সংসদত ৰাষ্ট্ৰীয় আইন প্ৰনয়নৰ দাবী তোলা ডেকাই বিজেপি চৰকাৰক ক্ষুৰধাৰ সমালোচনা কৰি পুনৰ কয় যে  ভাৰতত এজনো বাংলাদেশী মুছলিম থাকিব নোৱাৰে। আনহাতে, জীৱনৰ সংশয়ৰ বাবে যিসকল হিন্দু বঙালী লোক ভাৰতলৈ আহিছে তেওঁলোকক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত সংস্থাপন দিয়াৰ পোষকতা কৰি তেওঁ কয় যে তেওঁলোকক কৰ্মসংস্থাপন দিয়াৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে দায়িত্ব লব।

সভাত বাক্সা জিলা বজৰংগ দলৰ সভাপতি জিতেন তালুকদাৰ, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাক্সা জিলা সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ডেকা, আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ ৰাজ্যিক উপ সভাপতি মহেশ্বৰ স্বৰ্গীয়াৰী, সদস্য দয়াল দাসকে ধৰি কেবাজনো লোকে অংশগ্ৰহণ কৰে।

আজিৰ এই সভাতে চন্দন শৰ্মাক সভাপতি, প্ৰদীপ ডেকাক কাৰ্যকৰী সভাপতি আৰু নৰেশ্বৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ বাক্সা জিলা সমিতিখন গঠন কৰা হয়। তদুপৰি জীতেন তালুকদাৰক সভাপতি আৰু দীনেশ ৰাজবংশীক সাধাৰণ সম্পাদক হিচাপে লৈ ৰাষ্ট্ৰীয় বজৰংগ দলৰ বাক্সা জিলা সমিতিখন গঠন কৰা হয়।

উল্লেখযোগ্য যে ২০১৮ চনৰ ২৪ জুনত ড০ প্ৰবীনভাই টোগড়িয়াৰ নেতৃত্বত নতুন দিল্লীত আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ প্ৰতিষ্ঠা হৈছিল।

Recent News

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

যুদ্ধ বিৰতিৰ প্ৰস্তাৱক আদৰণি জনালেও ট্ৰাম্পৰ ঘোষণাক লৈ প্ৰশ্ন কংগ্ৰেছৰ

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

আমেৰিকাৰ চোৰাংচোৱাই লাভ কৰা গোপন তথ্যৰ বাবেই আসন্ন কূটাঘাটত বাধা! তাৰপাছতেই সক্ৰিয় হৈছিল ট্ৰাম্প প্ৰশাসন, CNN-ৰ প্ৰতিবেদনে কি কয়?

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

‘দুয়োখন দেশৰ সৈতে বাণিজ্যিক সম্পৰ্ক সুদৃঢ় কৰিম’, ভাৰত-পাক যুদ্ধবিৰতিৰ পিছত দাবী ট্ৰাম্পৰ

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

পেহেলগামত সন্ত্ৰাসবাদী আক্ৰমণৰ পৰা যুদ্ধবিৰতিলৈকে; এই সময়ছোৱাত কি কি ঘটিল চাই লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd