মিছা আৰক্ষীয়ে অতি তৎপৰতাৰে আজি উদ্ধাৰ কৰে যোৱা ১৭ আগষ্টৰ ৰাতি কলিয়াবৰৰ পৰা দুৰ্বৃত্তই অপহৰণ কৰি লৈ যোৱা টাটা ম’বাইল বাহনখন। গাড়ীখন উদ্ধাৰৰ বাবে অভিযান চলোৱা মিছা আৰক্ষীয়ে নগাৱঁৰ মধ্য শিয়ালমাৰিৰ পৰা পৰিত্যক্ত অৱস্থাত গাড়ীখন উদ্ধাৰ কৰিছে।
আৰক্ষীয়ে জনোৱামতে, গাড়ীখন এডৰা হাবিৰ মাজত লুকুৱাই ৰখা হৈছিল। আৰক্ষীৰ দলটো উক্ত স্থানত উপস্থিত হোৱাৰ উমান লাভ কৰি দুৰ্বৃত্তৰ দলটোৱে তাৰ পৰা পলায়ন কৰে।
উল্লেখযোগ্য যে উক্ত দিনা নিশা কলিয়াবৰৰ বৰভগীয়া চাৰিআলিৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুৰ্বৃত্তই ড্ৰাইভাৰ আৰু হেণ্ডিমেনক মাৰপিট কৰি অপহৰণ কৰি নিছিল গাড়ীখন (AS 03 BC 6300)। সেই সময়ত গাড়ীখন তিতাবৰৰ পৰা ৪৫ বেগ চাহপাত লৈ গুৱাহাটীলৈ আহি আছিল। কিন্তু মাজপথতে পিষ্টল দেখুৱাই ৬-৭জনীয়া এটা দলে গাড়ীখন লৈ উধাও হৈছিল।
পিছদিনা ৰূপহী আৰক্ষী চকীৰ আৰক্ষীয়ে অনুসন্ধানৰ সময়ত ৰূপহী আৰক্ষী চকীৰ অন্তৰ্গত ৰাস্তাৰ দাঁতিৰ এখন পথাৰত পৰি থকা অৱস্থাত ২৪ বেগ চাহপাত উদ্ধাৰ কৰিছিল।
আজি মিছা আৰক্ষীৰ এই অভিযানত দলটোক নেতৃত্ব প্ৰদান কৰিছিল উপ-পৰিদৰ্শক আব্দুল হানান লস্কৰে। জানিব পৰামতে, মিছা আৰক্ষীৰ ভূমিকাক স্থানীয় ৰাইজে শলাগ লৈছে।