এইবাৰ যৌন নিৰ্যাতনৰ অভিযোগ উঠিল ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে। নলবাৰীৰ পানীগাঁওস্থিত চেইণ্ট মেৰিজ নামৰ ব্যক্তিগত খণ্ডৰ ইংৰাজী মাধ্যমৰ বিদ্যালয়খনৰ ৫০ বছৰীয়া অধ্যক্ষ ফাদাৰ ফিলিপছৰ বিৰুদ্ধে বিদ্যালয়খনত ৰান্ধীন হিচাপে কাম কৰা যুৱতীগৰাকীয়ে যৌন নিৰ্যাতনৰ অভিযোগ আনিছে।
নিৰ্য্যাতিতাৰ ভাষ্যৰ ভিত্তিত আজি বেলশৰ আৰক্ষীয়ে অধ্যক্ষজনক গ্ৰেপ্তাৰ কৰিছে।
বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিপুল বড়োৱে জানিবলৈ দিয়ামতে, আজি পুৱা ৬ বজাত যুৱতীগৰাকীৰ দেউতাক বাহিৰলৈ কিবা কামত ওলাই যোৱাৰ পিছতে ঘটনাটো ঘটে।
আৰক্ষীয়ে কোৱামতে, অধ্যক্ষজনে দেউতাক নথকা অৱস্থাতে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি তেওঁক যৌন নিৰ্য্যাতন চলায়।
“স্থানীয় এজন লোকে ঘটনাটো সন্দৰ্ভত ফোন যোগে আমাক খবৰ দিয়ে। অধ্যক্ষজনে যুৱতীগৰাকীৰ ঘৰত প্ৰৱেশ কৰি এই অপকৰ্ম কৰা বুলি অভিযোগ উঠিছে আমি তদন্ত কৰি আছো।” এইদৰে কয় বড়োৱে।
ভুক্তভোগী ছোৱালীজনীৰ ভাষ্য লোৱাৰ পিছত পুৱা ১১ বজাত আৰক্ষীয়ে অধ্যক্ষজনক বিদ্যালয়ৰ চৌহদৰ পৰাই আটক কৰি থানালৈ আনে।