• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ডিঙি কটা মানুহ”ৰ আতংক : উৰাবাতৰিয়ে নিদ্ৰাহৰণ কৰিছে গোৱালপাৰাৰ গাৰো গাঁৱত

নীলমনি শর্মা by নীলমনি শর্মা
August 31, 2018 8:45 am
গাৰো গাঁৱত উৰাবাতৰি

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ গাৰো গাঁৱসমূহত 'ডিঙি কটা মানুহৰ' উৰাবাতৰিত সন্ত্ৰস্ত গাঁৱবাসী। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলত এতিয়া আতংকৰ অন্য এটা নাম “ডিঙি কটা মানুহ” ৷ সন্ধিয়া এন্ধাৰ নামি অহাৰ লগে লগে হাতত চোকা অস্ত্ৰ লৈ সীমান্তবৰ্তী গাঁৱসমূহত প্ৰৱেশ কৰে ডিঙি কটা মানুহৰ এটি দলে (গলা কটা মানুহ)৷ ঘৰৰ দৰ্জাত টুকুৰিয়াই দি দৰ্জা খোলা মাত্ৰেই গৰাকীৰ ডিঙি কাটি দিয়ে দলটোৱে ৷

হয়, অসম মেঘালয় সীমান্তত ডিঙি কটা মানুহৰ এই উৰাবাতৰিয়ে ব্যাপক আতংকৰ সৃষ্টি কৰিছে ৷ একংবিশ শতিকাতো এনে উৰাবাতৰিৰ বশৱৰ্তী হৈ কোনো কোনো গাঁৱত ৰাইজে নিশা পহৰা দিয়াৰো ব্যৱস্থা কৰিছে ৷ এই ডিঙি কটা মানুহৰ ভয়ত এতিয়া ইপাৰ সিপাৰ নেদেখা হৈছে অসম-মেঘালয় সীমান্তৱৰ্তী গাৰো অধ্যষিত অঞ্চল সমূহৰ লোকে ৷

উৰাবাতৰিত ভোল গৈ বহু লোকে ঘৰ বাৰী এৰি মেঘালয়ৰ সম্পৰ্কীয় লোকৰ ঘৰত আশ্ৰয় লোৱাৰো খবৰ লাভ কৰিব পৰা গৈছে ৷ একাংশ লোকৰ মতে, মেঘালয়ৰ পাহাৰৰ পৰা নামি আহে ডিঙি কটা দলটি ৷ চোকা অস্ত্ৰৰে সজ্জিত দলটি ঘৰত প্ৰবেশ কৰি শৰীৰৰ আন কোনো ঠাইত আঘাত নকৰি কেৱল ডিঙিটোহে লক্ষ্য কৰে ৷ ডিঙি কাটি মূৰটো লৈ যায় দলটিয়ে ৷

একাংশ অশিক্ষিত লোকৰ মতে কাটি নিয়া মূৰটো কোনো দেৱতাৰ ওচৰত অৰ্পণ কৰে। আন একাংশৰ মতে শিৰচ্ছেদ কৰা মুৰটোৰে ব্যৱসায় কৰে ৷ মূঠৰ ওপৰত ডিঙি কটা মানুহৰ উৰা বাতৰিয়ে গ্ৰাস কৰিছে সীমান্তবৰ্তী গাৰো গাঁৱ সমূহ ৷ কেৱল গাৰো গাঁৱসমূহতহে প্ৰৱেশ কৰে ডিঙি কটা দলটি ৷ লক্ষ্য কেৱল গাৰো অধ্যষিত গাঁৱসমূহ ৷ এনেধৰণৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এতিয়া সীমান্তৱৰ্তী কেতবোৰ গাঁৱত তীব্ৰ আতংকই বিৰাজ কৰিছে ৷

অৱশ্যে অশিক্ষিত একাংশ লোকে এই উৰাবাতৰিত ভোল গৈ নিজৰ নিৰাপত্তাৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে যদিও শিক্ষিত লোকসকলে এই উৰাবাতৰি বিৰুদ্ধে সচেতন হৈছে ৷ সীমান্তৱৰ্তী কাছুমাৰী গাঁৱৰ গাঁওবূঢ়া ট্ৰুমেন মাৰাকে এই উৰাবাতৰিৰ সন্দৰ্ভত কয় যে বৃহত্তৰ কাছুমাৰী,বায়দা,নোৱাপাৰা,কাছীঘাগ্ৰা,ডেকৰী, হুদাকনা,কালাইটুলী,ঝাৰীখান্দী, খংখাল আদি গাঁৱসমূহত এই উৰাবাতৰি বিয়পিছে ৷ প্ৰতিদিনে অনুষ্ঠিত হৈছে সজাগতা সভা ৷

উৰাবাতৰিয়ে যাতে কোনো কাৰণতে প্ৰশ্ৰয় নাপায় তাৰ বাবে সজাগ হৈছে সকলো ৷ নিশা আৰক্ষীৰ সহযোগত গাঁৱসমূহত নৈশ পহৰাৰ ব্যৱস্থা কৰা হৈছে ৷ ইফালে গাৰো গাঁৱসমূহক লক্ষ্য কৰি কোনো দুষ্ট চক্ৰই যে উৰাবাতৰি বিয়পাইছে সেয়া নিশ্চিত ৷ কোনে কি কাৰণত এনেধৰণৰ উৰাবাতৰি বিয়পাইছে তাক লৈয়ো চিন্তিত গোৱালপাৰা প্ৰশাসন কিম্বা সচেতন মহল ৷

জানিব পৰা মতে, কৃষ্ণাই থানাৰ আৰক্ষীয়ে এই উৰাবাতৰিৰ বিৰুদ্ধে যথেষ্ট তৎপৰ হৈছে ৷ আৰক্ষীয়ে প্ৰতিনিশা গঞা ৰাইজৰ সহোযোগত নৈশ তালাচী বহুৱাইছে স্পৰ্শকাতৰ কেতবোৰ এলেকাত ৷ এতিয়া কোনে কি কাৰণে কি উদ্যেশ্যৰে সীমান্তৱৰ্তী সাধাৰণ খাটি খোৱা মানুহক আতংকৰ বীজ বিয়পাইছে সেয়া চিন্তনীয় বিষয় ৷

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

উগ্ৰ সোঁপন্থীসকলৰ ওচৰত কেতিয়াও শিৰ অৱনত নকৰে ব্ৰিটেইনে! স্পষ্ট জনালে প্ৰধানমন্ত্ৰী কেইৰ ষ্টাৰ্মাৰে

September 15, 2025 10:59 am
মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

মোডী ওভতাৰ পিছতে পুনৰ উত্তপ্ত মণিপুৰ; চুৰাচান্দপুৰত বন্দীক উলিয়াই নিয়াৰ চেষ্টা, থানাত আক্ৰমণ

September 15, 2025 10:14 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

ঝাৰখণ্ডৰ জংঘলত নিহত শীৰ্ষ মাওবাদী নেতাসহ ৩জন; মূৰৰ দাম আছিল ১ কোটি টকা

September 15, 2025 1:14 pm
ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

ৱাকফ আইনত স্থগিতাদেশ নিদিলে উচ্চতম ন্যায়ালয়ে; নিয়ন্ত্ৰণ কৰিলে জিলা দণ্ডাধীশৰ ক্ষমতা

September 15, 2025 12:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd