• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“ডিঙি কটা মানুহ”ৰ আতংক : উৰাবাতৰিয়ে নিদ্ৰাহৰণ কৰিছে গোৱালপাৰাৰ গাৰো গাঁৱত

নীলমনি শর্মা by নীলমনি শর্মা
August 31, 2018 8:45 am
গাৰো গাঁৱত উৰাবাতৰি

গোৱালপাৰাৰ অসম-মেঘালয় সীমান্তৰ গাৰো গাঁৱসমূহত 'ডিঙি কটা মানুহৰ' উৰাবাতৰিত সন্ত্ৰস্ত গাঁৱবাসী। ফটো : নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তবৰ্তী অঞ্চলত এতিয়া আতংকৰ অন্য এটা নাম “ডিঙি কটা মানুহ” ৷ সন্ধিয়া এন্ধাৰ নামি অহাৰ লগে লগে হাতত চোকা অস্ত্ৰ লৈ সীমান্তবৰ্তী গাঁৱসমূহত প্ৰৱেশ কৰে ডিঙি কটা মানুহৰ এটি দলে (গলা কটা মানুহ)৷ ঘৰৰ দৰ্জাত টুকুৰিয়াই দি দৰ্জা খোলা মাত্ৰেই গৰাকীৰ ডিঙি কাটি দিয়ে দলটোৱে ৷

হয়, অসম মেঘালয় সীমান্তত ডিঙি কটা মানুহৰ এই উৰাবাতৰিয়ে ব্যাপক আতংকৰ সৃষ্টি কৰিছে ৷ একংবিশ শতিকাতো এনে উৰাবাতৰিৰ বশৱৰ্তী হৈ কোনো কোনো গাঁৱত ৰাইজে নিশা পহৰা দিয়াৰো ব্যৱস্থা কৰিছে ৷ এই ডিঙি কটা মানুহৰ ভয়ত এতিয়া ইপাৰ সিপাৰ নেদেখা হৈছে অসম-মেঘালয় সীমান্তৱৰ্তী গাৰো অধ্যষিত অঞ্চল সমূহৰ লোকে ৷

Apply Now

উৰাবাতৰিত ভোল গৈ বহু লোকে ঘৰ বাৰী এৰি মেঘালয়ৰ সম্পৰ্কীয় লোকৰ ঘৰত আশ্ৰয় লোৱাৰো খবৰ লাভ কৰিব পৰা গৈছে ৷ একাংশ লোকৰ মতে, মেঘালয়ৰ পাহাৰৰ পৰা নামি আহে ডিঙি কটা দলটি ৷ চোকা অস্ত্ৰৰে সজ্জিত দলটি ঘৰত প্ৰবেশ কৰি শৰীৰৰ আন কোনো ঠাইত আঘাত নকৰি কেৱল ডিঙিটোহে লক্ষ্য কৰে ৷ ডিঙি কাটি মূৰটো লৈ যায় দলটিয়ে ৷

একাংশ অশিক্ষিত লোকৰ মতে কাটি নিয়া মূৰটো কোনো দেৱতাৰ ওচৰত অৰ্পণ কৰে। আন একাংশৰ মতে শিৰচ্ছেদ কৰা মুৰটোৰে ব্যৱসায় কৰে ৷ মূঠৰ ওপৰত ডিঙি কটা মানুহৰ উৰা বাতৰিয়ে গ্ৰাস কৰিছে সীমান্তবৰ্তী গাৰো গাঁৱ সমূহ ৷ কেৱল গাৰো গাঁৱসমূহতহে প্ৰৱেশ কৰে ডিঙি কটা দলটি ৷ লক্ষ্য কেৱল গাৰো অধ্যষিত গাঁৱসমূহ ৷ এনেধৰণৰ অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ এতিয়া সীমান্তৱৰ্তী কেতবোৰ গাঁৱত তীব্ৰ আতংকই বিৰাজ কৰিছে ৷

অৱশ্যে অশিক্ষিত একাংশ লোকে এই উৰাবাতৰিত ভোল গৈ নিজৰ নিৰাপত্তাৰ বাবে বিভিন্ন কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে যদিও শিক্ষিত লোকসকলে এই উৰাবাতৰি বিৰুদ্ধে সচেতন হৈছে ৷ সীমান্তৱৰ্তী কাছুমাৰী গাঁৱৰ গাঁওবূঢ়া ট্ৰুমেন মাৰাকে এই উৰাবাতৰিৰ সন্দৰ্ভত কয় যে বৃহত্তৰ কাছুমাৰী,বায়দা,নোৱাপাৰা,কাছীঘাগ্ৰা,ডেকৰী, হুদাকনা,কালাইটুলী,ঝাৰীখান্দী, খংখাল আদি গাঁৱসমূহত এই উৰাবাতৰি বিয়পিছে ৷ প্ৰতিদিনে অনুষ্ঠিত হৈছে সজাগতা সভা ৷

উৰাবাতৰিয়ে যাতে কোনো কাৰণতে প্ৰশ্ৰয় নাপায় তাৰ বাবে সজাগ হৈছে সকলো ৷ নিশা আৰক্ষীৰ সহযোগত গাঁৱসমূহত নৈশ পহৰাৰ ব্যৱস্থা কৰা হৈছে ৷ ইফালে গাৰো গাঁৱসমূহক লক্ষ্য কৰি কোনো দুষ্ট চক্ৰই যে উৰাবাতৰি বিয়পাইছে সেয়া নিশ্চিত ৷ কোনে কি কাৰণত এনেধৰণৰ উৰাবাতৰি বিয়পাইছে তাক লৈয়ো চিন্তিত গোৱালপাৰা প্ৰশাসন কিম্বা সচেতন মহল ৷

জানিব পৰা মতে, কৃষ্ণাই থানাৰ আৰক্ষীয়ে এই উৰাবাতৰিৰ বিৰুদ্ধে যথেষ্ট তৎপৰ হৈছে ৷ আৰক্ষীয়ে প্ৰতিনিশা গঞা ৰাইজৰ সহোযোগত নৈশ তালাচী বহুৱাইছে স্পৰ্শকাতৰ কেতবোৰ এলেকাত ৷ এতিয়া কোনে কি কাৰণে কি উদ্যেশ্যৰে সীমান্তৱৰ্তী সাধাৰণ খাটি খোৱা মানুহক আতংকৰ বীজ বিয়পাইছে সেয়া চিন্তনীয় বিষয় ৷

নীলমনি শর্মা

নীলমনি শর্মা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

চৰকাৰী বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত এইবাৰ চিকেন বিৰিয়ানি? মুখ্যমন্ত্ৰী বিজয়ৰ ডাঙৰ পৰিকল্পনা

July 30, 2026 1:09 pm
মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

মাত্ৰ এজন শিক্ষকৰে চলিছে দেশৰ ১ লাখৰো অধিক বিদ্যালয়! তালিকাত শীৰ্ষত অন্ধ্ৰপ্ৰদেশ, অসমতো ৩,১৫৯ খন বিদ্যালয়ৰ একেই দুৰ্দশা

July 30, 2026 12:58 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আত্মসমৰ্পণ হানিমুন মাৰ্ডাৰ গোচৰৰ অভিযুক্ত সোণম ৰঘুবংশীৰ

July 30, 2026 3:02 pm
হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

হকী দলৰ পৰা আঁতৰিল পৰিচিত ‘নীলা’ ৰং! ২০২৬ চনৰ বিশ্বকাপৰ পূৰ্বে হকী ইণ্ডিয়াৰ নতুন ‘গেৰুৱা’ জাৰ্চীক লৈ সৰৱ নেটিজেন 

July 30, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd