চাহ শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবীত আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ ডিমৌতো ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত সদৌ অসম আদিবাসী ছাত্র সন্থাৰ ডিমৌৰ বিষয়ববীয়া সকলে অসম চৰকাৰৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ প্ৰতিমূৰ্তি দাহ কৰে।
উল্লেখযোগ্য যে যোৱা বিধানসভা নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনত জয়ী হৈ চৰকাৰ গঠন কৰিলে ৰাজ্যৰ চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰাৰ আশ্বাস প্ৰদান কৰিছিল। কিন্তু বৰ্তমান সময়ত কেন্দ্ৰ আৰু ৰাজ্যত বিজেপি চৰকাৰ থকাৰ পাছতো শ্ৰমিকসকলৰ ন্যায্য দাবী সমূহ পূৰণ কৰাত চৰম অৱহেলা কৰাৰ অভিযোগ উত্থাপন কৰিছে।
ছাত্ৰ সংগঠনটোৱে অভিযোগ উত্থাপন কৰি কয় যে চৰকাৰে প্ৰতিশ্ৰুতিৰ বিপৰীতে চাহ শ্ৰমিক সকলৰ মৌলিক অধিকাৰ যেনে- স্বাস্থ্য, শিক্ষা আৰু খাদ্যবস্তুক লৈ নিকৃষ্ট ৰাজনীতি কৰিছে। সেয়ে আজি সদৌ আদিবাসী ছাত্ৰ সন্থাই এই কার্সূচীৰ জৰিয়তে চৰকাৰ আৰু মন্ত্ৰী পাটোৱাৰীক চাহ শ্ৰমিকসকলৰ মৌলিক অধিকাৰক লৈ ৰাজনীতি নকৰি শ্ৰমিক সকলৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধি কৰিবলৈ আহ্বান জনায়।
তদুপৰি আছাই ২০ চেপ্তেম্বৰৰ ভিতৰত চৰকাৰে চাহ মালিক পক্ষৰ লগত আলোচনা কৰি দৈনিক মজুৰি বৃদ্ধি কৰিবৰ বাবে শেষ সময়সীমাও বান্ধি দিছে।
আনহাতে যদি চৰকাৰে উক্ত সময়সীমাৰ ভিতৰত শ্ৰমিকৰ দৈনিক মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত উচিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে তেতিয়া সংগঠনটোৱে চৰকাৰ আৰু চাহ কোম্পানীৰ বিৰুদ্ধে অধিক গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি জানিবলৈ দিয়ে।
আজিৰ এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীত আছাৰ জিলা সভাপতি নৰেন তাঁতী, সাংগঠনিক সম্পাদক মহেন্দ্ৰ মানকী আৰু ডিমৌ আঞ্চলিকৰ সভাপতি প্ৰদীপ মুণ্ডা আৰু সম্পাদক ললিত তাঁতীৰ লগতে বহুতো লোক উপস্থিত থাকে।