অসমৰ ফুটবলপ্ৰেমীয়ে নিজ ৰাজ্যতে উপভোগ কৰিব পাৰিব আন্তঃৰাষ্ট্ৰীয় ফুটবল প্ৰতিযোগিতা। পোন প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আয়োজন কৰিবলৈ লোৱা ১০ম সংখ্যক বদৌচা কাপ ফুটবল প্ৰতিযোগিতাৰ খেলসমূহ অসমৰ ৭ খন ঠাইত অনুষ্ঠিত হ’ব।
ফিফা আৰু এছিয়ান ফুটবল সন্থাই ইতিমধ্যে স্বীকৃতি প্ৰদান কৰা প্ৰতিযোগিতাখন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীত অহা ৯ ছেপ্তেম্বৰত মাজুলীত উদ্বোধন কৰিব।
‘মাজুলী আৰু শদিয়াত একেদিনাই আৰম্ভ হ’ব লগা প্ৰতিযোগিতাখনত বাংলাদেশ আৰু নেপালৰ দলকে ধৰি মুঠ ২২টা দলে অংশগ্ৰহণ কৰিব,’ মঙলবাৰে ক’ল ইন্দিয়াৰ প্ৰশিক্ষণ কেন্দ্ৰত অনুষ্ঠিত মাৰ্ঘেৰিটা ক্ৰীড়া সন্থাৰ কাৰ্য্যনিৰ্বাহক সভাত এই কথা ঘোষণা কৰে বদৌচা ক্লাবৰ সম্পাদক অৰুণজ্যোতি মৰাণে।
মৰাণে লগতে জনাই যে এইবাৰৰ প্ৰতিযোগিতাৰ বাবে মুঠ ১কোটি ৬০লাখ টকা ধাৰ্য্য কৰা হৈছে।
মাৰ্ঘেৰিটাৰ বৰগোলাইস্থিত ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পত ১১, ১৩ আৰু ১৫ ছেপ্টেম্বৰত অনুষ্ঠিত হ’ব লগা প্ৰতিযোগিতাৰ গ্ৰুপ বি লিগৰ খেলকেইখনৰ বাবে মঙলবাৰৰ সভাতে এক পৰিচালনা সমিতিও গঠন কৰা হয়।
আনহাতে মাৰ্ঘেৰিটাত অনুষ্ঠিত হ’ব লগা খেলকেইখনত মৰাণ ছাত্ৰ সন্থাই সহযোগিতা কৰাৰ আশ্বাস দিছে বুলিও সভাই সদৰী কৰে।
প্ৰতিযোগিতাখনৰ লগত সংগতি ৰাখি ‘বদৌচা’ নামেৰে এখন বহুভাষিক স্মৃতিগ্ৰন্থ প্ৰকাশৰো ব্যৱস্থা কৰা হৈছে। বদৌচা স্প’ৰ্টছ ক্লাবৰ সভাপতি অৰুণজ্যোতি মৰাণ আৰু স্মৃতিগ্ৰন্থ সম্পাদক সুৰজিৎ বড়াই ৯৯৫৭৭৭৭০১৩ নম্বৰত অথবা [email protected] ত সকলো লেখক-লেখিকাৰ পৰাই ক্ৰীড়া বিষয়ক লেখা আহ্বান কৰিছে।
মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সংস্থাৰ সভাপতি ইন্দুঞ্জন বৰুৱাই আঁত ধৰা সভাখনত আৰম্ভণিতে অৰ্জুন ভোগেশ্বৰ বৰুৱাৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ উপৰিও বিগত সময়ত মৃত্যু হোৱা মাৰ্ঘেৰিটাৰ ক্ৰীড়া জগতৰ বৰেণ্য ব্যক্তি অমৰ সোণ দাস, ভুৱন সন্দিকৈ, প্ৰমথেশ চৰকাৰ, ৰজনী চেতিয়া আৰু প্ৰশান্ত গগৈ(ৰুবু)ৰ মৃত্যুত শোক প্ৰস্তাৱ গ্ৰহণ কৰা হয়।
সভাত জিলা ক্ৰীড়া সংস্থাৰ সম্পাদক অতুল বৰাসহ প্ৰায়সংখ্যক বিষয়ববীয়া উপস্থিত থাকে।