• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ ১০৮ আৰু ১০২ সেৱা বন্ধ! : কৰ্মবিৰতিত জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰী

এন ই নাও নিউজ by এন ই নাও নিউজ
September 5, 2018 7:39 am
114
VIEWS
Share on FacebookShare on Twitter

জৰুৰীকালীন স্বাস্থ্য সেৱাৰ কৰ্মচাৰীয়েও প্ৰতিবাদত নামিব লগীয়া হ’ল এইখন চৰকাৰৰ দিনত। তাকো খুবেই দক্ষ বুলি প্ৰতিপন্ন কৰিব খোজা স্বাস্থ্য মন্ত্ৰীজনৰ অধীনৰ বিভাগত। ৰাজ্যত জৰুৰীকালীন স্বাস্থ্য সেৱা আগ বঢ়াই অহা ১০৮ আৰু ১০২-ৰ কৰ্মচাৰীসকলে শোষণ-বঞ্চনাৰ অভিযোগ তুলি আজিৰ পৰা অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতিৰে প্ৰতিবাদ সাব্যস্ত কৰিছে।

উল্লেখযোগ্য যে মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীৰ বিৰুদ্ধে তেওঁলোকৰ দাবীৰ প্ৰতি কোনো সঁহাৰি নিদিয়াৰ অভিযোগ আনিছে কৰ্মচাৰীসকলে।

যোৱা ২৩ আগষ্টত গুৱাহাটী প্ৰে’ছ ক্লাবত এই সন্দৰ্ভত এখন সংবাদমেল দি সৰ্বভাৰতীয় শ্ৰমিক সংগঠন নিখিল ভাৰত ট্ৰে’ড ইউনিয়ন কংগ্ৰেছ (AITUC)-এ ‘অসম চৰকাৰৰ পৰা কোনো ধৰণৰ সঁহাৰি নোপোৱা বাবে ৫ চেপ্তেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতি পালন কৰাৰ কথা অৱগত কৰিছিল।

শ্ৰমিক সংগঠনটোৱে ৰাজ্যিক শ্ৰম আয়োগে যোৱা ৩০ জানুৱাৰিত Industrial Employment (Standing Order) Act 1946ৰ অধীনত দিয়া নিৰ্দেশনা অমান্য কৰি কৰ্মচাৰীক হাৰাশাস্তি কৰাৰ অভিযোগ আনিছিল। GVK-EMRI-এ ‘সেৱা বিধি কাৰ্যকৰী নকৰি খেয়াল-খুচিমতে কৰ্মচাৰীসকলক হাৰাশাস্তি কৰি আহিছে বুলি সংগঠনটোৱে সংবাদমেলত অভিযোগ আনিছিল।

মন কৰিব লগীয়া যে ২০০৮ৰ পৰা ২০১৪ চনলৈ কৰ্মচাৰীসকলক প্ৰদান কৰি অহা দৰমহাৰ বাৰ্ষিক বৃদ্ধি (Annual Increment) ২০১৫-১৬ আৰু ২০১৬-১৭ বৰ্ষত নিয়োগকাৰী GVK-EMRI-এই হঠাৎ বন্ধ কৰি দিছিল। ইয়াৰ প্ৰতিবাদ কৰাত এই ধন মুকলি কৰি দিব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল। কিন্তু সেয়া এতিয়ালৈকে এই ধন মুকলি কৰি দিয়া নাই।

এই সন্দৰ্ভত মুখ্য মন্ত্ৰী আৰু স্বাস্থ্য মন্ত্ৰীক অৱগত কৰাৰ পিছতো কোনো সমিধান নাপালে কৰ্মচাৰীসকলে। জৰুৰীকালীন সেৱাত নিয়োজিত কৰ্মচাৰীক আন্দোলনৰ পথ ল’বলৈ বাধ্য কৰি চৰকাৰে জনসাধাৰণক পণবন্দী কৰাৰ দৰে হৈছে কৰ্মচাৰীসকলে।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd