পেট্ৰ’ল-ডিজেলকে ধৰি আন আন অত্যাৱশ্যকীয় সামগ্ৰী সমূহৰ আকাশলংঘী মূল্যই এতিয়া সাধাৰণ নাগৰিকক জ্বলাকলা খুৱাব ধৰিছে। ‘আচ্ছে দিন’ অনাৰ প্ৰতিশ্ৰুতি দি শাসনৰ গাদী দখল কৰা নৰেন্দ্ৰ মোদি নেতৃত্বাধীন বিজেপি চৰকাৰৰ কালত পেট্ৰ’ল-ডিজেলৰ দাম যদি দহ পইচা কমে, বাঢ়ে ২ টকা।
কেন্দ্ৰীয় চৰকাৰৰ কৌশলী নীতিৰ ফলত এইদৰে হৈ থকা পেট্ৰ’ল-ডিজেল জাতীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰোধিতা কৰি আজি সন্ধিয়া শিৱসাগৰ জিলাৰ ডিমৌৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত থাওৰা সমষ্টি যুৱ কংগ্ৰেছৰ সদস্য সকলে প্ৰতিবাদ সাব্যস্ত কৰে।
প্ৰতিবাদকাৰী সকলে পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰাৰ লগতে তেওঁক মন্ত্ৰী পদৰ পৰা পদত্যাগৰ দাবী জনায়। ইয়াৰ উপৰি ‘সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ’, ‘নৰেন্দ্ৰ মোদি হায় হায়’, ‘কামাখ্যা প্ৰসাদ তাচা মূৰ্দাবাদ’, ‘মূল্যবৃদ্ধি ৰোধ কৰক’, ‘বিজেপি চৰকাৰ হায় হায়’ আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
থাওৰা যুৱ কংগ্ৰেছৰ সভাপতি-সম্পাদকৰ লগতে আন আন বিষয়-ববীয়া উপস্থিত থকা আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত সংগঠনটোৱে চৰকাৰে মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে আগন্তুক দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি হুংকাৰ দিয়ে।





