• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জনশিমলুত উচ্ছেদ অভিযান চলোৱা ১০ মাহৰ পিছতো নীৰৱ চৰকাৰ; হাহাকাৰ দুৰ্ভগীয়া পৰিয়ালৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 10, 2018 9:16 am
144
VIEWS
Share on FacebookShare on Twitter

২০১৮ চনৰ ২৮ নৱেম্বৰত দিচপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাজহ গাঁও জনশিমলুত খিলঞ্জীয়া লোককে অবৈধ বেদখলকাৰী বুলি অভিযোগ উত্থাপন কৰি ৬০ টা পৰিয়ালৰ বাসগৃহৰ ওপৰত চৰকাৰ তথা প্ৰশাসনে নিৰ্মমভাৱে চলাইছিল উচ্ছেদ অভিযান। যি উচ্ছেদ অভিযানে সমগ্ৰ দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

উল্লেখযোগ্য যে বৰ্বৰোচিত ভাৱে চলোৱা এই উচ্ছেদ অভিযানে ১০ মাহ অতিক্ৰম কৰাৰ পিছতো কিন্তু বৰ্তমানলৈকে চৰাকৰে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে।

ফলত চৰকাৰক এই কথা পুনৰ দৃষ্টিগোচৰ কৰাৰ উদ্দেশ্যৰে জনশিমলুবাসীয়ে দেওবাৰে অৰ্থাৎ ৯ ছেপ্টেম্বৰত  চৰকাৰৰ সুমতি বিচাৰি অদৃশ্যজনৰ ওচৰত প্ৰাৰ্থনা জনাবলৈ এক ধৰ্মসভা আয়োজন কৰে।

লগতে এই সভাতে জনশিমলু সমিতি আৰু জনশিমলু মহিলা জনকল্যাণ সমিতিৰ নেতৃত্বত উপস্থিত প্ৰায় ৪ শতাধিক লোকে জনশিমলু ৰাজহ গাঁৱৰ স্থায়ী সীমা নিৰ্ধাৰণৰ দাবীৰে ৫০ টা শংখ একেলগে বজাই  পৰৱৰ্তী সময়ত জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সংকল্প লয়।

এই সন্দৰ্ভত সমিতিৰ উপদেষ্টা তৰুণ চন্দ্ৰ ডেকাই কয়, ‘আমি শান্তিপ্ৰিয় মানুহ, আৰু সেয়ে যোৱা দহমাহে কাকুতি-মিনতি, ধৰ্মীয় সভাৰ জৰিয়তে প্ৰতিবাদ, আবেদন নিবেদন কৰিলো। আজি শংখনিনাদ অনুষ্ঠানৰ মাজেৰে আমি চৰকাৰক সকীয়াই দিছো যে জনশিমলু ৰাজহ গাওঁ হোৱা সত্ত্বেও যি বৰ্বৰ তথা অবৈধ উচ্ছেদ ইয়াত চলালে, তাৰ ক্ষতিপূৰণ তথা গাওঁৰ স্থায়ী সীমা নিৰ্ধাৰণৰ কাম শীঘ্ৰেই সম্পন্ন কৰক। অন্যথা আমি আৰু এনেদৰে নৰমপন্থাৰে প্ৰতিবাদ নকৰো।’

উল্লেখযোগ্য যে জনশিমলুত উচ্ছেদিত লোকসকলৰ ক্ষতিপূৰণৰ বাবে চৰকাৰে তদানীন্তন বনমন্ত্ৰীৰ অধ্যক্ষতাত এখন সমিতিও গঠন কৰি দিছিল।

প্ৰাপ্ত তথ্য অনুসৰি উক্ত সমিতিখনে প্ৰস্তুত কৰা প্ৰতিবেদনৰ ভিত্তিত ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰা হ’ব বুলি ৰাজহ মন্ত্ৰীজনে জনোৱাৰ পিছতো আজিপৰ্যন্ত কোনো বিভাগীয় লোকে ঠাই পৰিদৰ্শন পৰ্যন্ত কৰিবলৈ নাহিল।

আনকি খোদ স্থানীয় বিধায়কগৰাকীয়ে এইপৰ্যন্ত এবাৰো খবৰ নল’লে গাওঁবাসীৰ, ইয়াক লৈও ক্ষোভিত হৈ পৰিছে জনশিমলুবাসীৰ।

Recent News

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

অসমলৈ অসুস্থ গীৰ গাই অনাৰ বাবে জগৰীয়া কোন? গৰুখুঁটি প্ৰকল্পৰ কেলেংকাৰীৰ চিবিআই তদন্ত বিচাৰিলে কংগ্ৰেছে

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

গুৱাহাটীৰ পানীযোগানৰ দাবীত নাগৰিক ঐক্য মঞ্চ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd