সমাজত একাংশ লোক এতিয়াও আছে যি নিজৰ স্বাৰ্থৰ বাবে নতুবা ৰাজনীতিৰ বাবে নহয় সমাজৰ হিতৰ বাবে , উন্নতি সাধনৰ বাবে, সুন্দৰ প্ৰয়াসেৰে নিজৰ সমাজখন তথা আপোন গাওঁখন অথবা অঞ্চলটো গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা হাতত লয়। তাৰেই এক সুন্দৰ নিদৰ্শন দেখা পোৱা গৈছে গুপ্তকাশী বিশ্বনাথ ঘাটত।
বিশ্বনাথ ঘাটৰ বিশ্বনাথ হাইস্কুলত দীৰ্ঘদিন ধৰি এখন প্ৰৱেশদ্বাৰৰ অভাৱ অনুভৱ কৰি অহা হৈছিল। কিন্তু অৰ্থাভাৱত সেয়া নিৰ্মাণ হৈ উঠা নাছিল।
সাম্প্ৰতি এই প্ৰৱেশদ্বাৰখন নিৰ্মাণ কৰিবলৈ আগবাঢ়ি আহিছে এসময়ত বিশ্বনাথ হাইস্কুলত শিক্ষা গ্ৰহণ কৰা বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ তথা বতৰ্মানৰ প্ৰতিষ্ঠিত উদ্যোগপতি, সমাজসেৱক অকণ শইকীয়া।
অকণ শইকীয়া ইতিমধ্যে সমগ্ৰ অসমত উজলি উঠিবলৈ সক্ষম হৈছে তেওঁৰ কৰ্ম সংস্কৃতিৰ বাবে। দান-বৰঙণি আৰু সমাজৰ প্ৰতিটো ধৰ্মীয় অনুষ্ঠানত ধৰ্ম-নিৰপেক্ষভাৱে সহায় কৰি আহিছে অকণ শইকীয়াই । ১৯৬১ চনত স্থাপন হোৱা বিশ্বনাথ হাইস্কুলত শিক্ষা গ্ৰহণ কৰিছিল অকণ শইকীয়াই | ৫০ বছৰ গৰকা এই বিশ্বনাথ হাইস্কুলৰ এখন প্ৰৱেশদ্বাৰৰ বাবে ভিন্নজনে ৰাজ্য চৰকাৰৰ ওচৰত আবেদন নিবেদন কৰি অহা পিছতো কোনো সমাধান নোপোৱাত অৱশেষত এই সমস্যাৰ কথা অকণ শইকীয়াই গম পোৱাত তেখেতে আজি সম্পুৰ্ণ নিজৰ খৰছেৰে এখন সুন্দৰ প্ৰৱেশদ্বাৰ নিৰ্মাণৰ বাবে প্ৰচেষ্টা হাতত লয় আৰু সেই অনুসৰি আজি পুৱা ভাগত বিশ্বনাথ হাইস্কুল পথছোৱাত নতুন প্ৰৱেশদ্বাৰৰ ‘আধাৰশিলা’ স্থাপন কৰে|
কোনো ৰাজনৈতিক দলৰ সৈতে জড়িত নাথাকিও যি কাম বিভাগীয় কৰ্ত্তৃপক্ষই কৰিব লাগিছিল সেই সময়ত তেখেতৰ এই নিদৰ্শন আৰু সমাজৰ প্ৰতি থকা আন্তৰিকতাৰ উদাৰণ এতিয়া সমগ্ৰ বিশ্বনাথৰ লগতে অসমত উজলি উঠিছে| উক্ত অনুস্থানত বিদ্যালয়খনৰ শিক্ষক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।