অসমৰ উদীয়মান শ্বুটাৰ হৃদয় হাজৰিকাই দক্ষিণ কোৰিয়াত অনুষ্ঠিত ৫২ সংখ্যক আই এছ এফ বিশ্ব শ্বুটিং চেম্পিয়নশ্বীপত জুনিয়ৰ শাখাৰ ব্যক্তিগত ১০ মিটাৰ এয়াৰ ৰাইফল শাখাত সোণৰ পদক অৰ্জন কৰি অসমৰ লগতে গোটেই দেশৰ বাবে গৌৰৱ কঢ়িয়াই অনাৰ পিছত বৃহস্পতিবাৰে দুপৰীয়া আহি গুৱাহাটীৰ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয়।
বৰঝাৰ বিমানবন্দৰত উপস্থিত হোৱাৰ পিছতে খেলুৱৈগৰাকীক মন্ত্ৰী তপন গগৈৰ লগতে আত্মীয় তথা শুভাকাংখীসকলে আদৰণি জনায়। বৃহস্পতিবাৰে সন্ধিয়া গুৱাহাটীৰ শিল্পগ্ৰামত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে খেলুৱৈগৰাকীক সম্বৰ্দ্ধনা জনাব।
উল্লেখ্যোগ্য যে নাৰায়ণপুৰৰ ঐতিহ্যমণ্ডিত মাধৱদেৱ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ হাজৰিকা আৰু ইভা শইকীয়া হাজৰিকাৰ একমাত্ৰ সন্তান হৃদয় হাজৰিকাৰ এই সফলতাত সমগ্ৰ অসমবাসী গৌৰৱান্বিত হোৱাৰ লগতে খেলুৱৈগৰাকীক শুভেচ্ছাৰে উপচাই পেলাইছে।
আনহাতে, গুৱাহাটীত উপস্থিত হৈ স্বৰ্ণ বিজয়ী হৃদয়ে ভৱিষ্যতে শ্বুটিঙত অধিক মনোনিৱেশ কৰিব বুলি জানিবলৈ দিয়ে।
উল্লেখ্য যে ১০ মিটাৰ এয়াৰ ৰাইফলৰ ফাইনেলত হাজৰিকাক তীব্ৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল ইৰাণৰ শ্বুটাৰ আমিৰ নিউকৌনামে। দুয়োগৰাকী শ্বুটাৰে ২৫০.১ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে যদিও শ্বুট অফৰ জৰিয়তে সোণৰ পদক আজুৰি আনিবলৈ সক্ষম হয় হৃদয় হাজৰিকা।
মন কৰিবলগীয়া যে ফাইনেলত দুয়োগৰাকী শ্বুটাৰে ২৫০.১ পইণ্টেৰে শীৰ্ষস্থান দখল কৰে। মাত্ৰ ০.১ পইণ্টৰ বাবে বিশ্ব ৰেকৰ্ড গঢ়িবলৈ ব্যৰ্থ হ’ল দুয়োগৰাকী শ্বুটাৰ। সোণৰ পদকৰ বাবে হোৱা শ্বুট অফতো দুয়োগৰাকীৰ ব্যৱধান আছিল মাত্ৰ ০.১। শ্বুটঅফত হৃদয়ে স্ক’ৰ কৰিছিল ১০.৩ আৰু ইৰাণৰ আমিৰে স্ক’ৰ কৰিছিল ১০.২।
১০ মিটাৰ এয়াৰ ৰাইফলৰ ইভেণ্টত আৰম্ভণিৰ পৰাই সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা হৃদয়ে ৬২৭.৩ পইণ্টেৰে ফাইনেললৈ অগ্ৰসৰ হৈছিল। এই ইভেণ্টত ফাইনেললৈ অগ্ৰসৰ হোৱা হৃদয়ে হৈছে একমাত্ৰ ভাৰতীয়।
ক্ৰীড়া ক্ষেত্ৰত এজনৰ পাছত আন এজন খেলুৱৈৰ সফলতাই ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তুলিবলৈ সক্ষম হৈছে অসমৰ নাম। হিমাৰ পাছতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ জিলিকি উঠিছে অসম সন্তান হৃদয় হাজৰিকা।