দেশৰ অপৰাধী সাংসদ-বিধায়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলি থকা এক গোচৰে ৰাজনৈতিক নেতাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে বিভিন্ন অপৰাধমূলক গোচৰ থকা সাংসদ-বিধায়কৰ তালিকা দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক জৰুৰী নিৰ্দেশ দিয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰো অস্বস্তিত পৰিছে।
উল্লেখযোগ্য যে বিভিন ৰাজনৈতিক দলৰ লগতে শাসক দলৰো বহু সাংসদ-বিধায়কৰ নাম এনে অপৰাধৰ গোচৰত সন্নিৱিষ্ট হৈ আছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ দাগী সাংসদ-বিধায়কৰ তালিকা বিচাৰি জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। কিয়নো কেন্দ্ৰীয় চৰকাৰে অহা ১২ অক্টোবৰৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত এই তালিকাসমূহ দাখিল কৰিব।
জানিব পৰা মতে এই পত্ৰক লৈ দিচপুৰতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে আৰু অচিৰেই গৃহ মন্ত্ৰালয়লৈ উক্ততালিকা প্ৰেৰণ কৰা হ’ব। তাৎপৰ্যপূৰ্ণভাৱে এই তালিকাত আটাইতকৈ বেছি বিধায়ক আছে শাসকীয় বিজেপি দলৰ। বিজেপি দলৰেই সাতজনকৈ বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। ইয়াৰ লগতে কংগ্ৰেছৰ পাঁচগৰাকী, এআইইউডিএফৰ এগৰাকী আৰু গণশক্তিৰ এজন বিধায়ককে ধৰি ১৪ জন বিধায়কৰ নাম তালিকাখনত সন্নিৱিষ্ট হৈছে।
সূত্ৰসমূহে জনোৱা মতে এই তালিকাত বিজেপিৰ সাতজন বিধায়ক হৈছে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ, ঢকুৱাখানা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলে, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা আৰু হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ।
বিজেপি বিধায়ক কুশল দুৱৰীৰ বিৰুদ্ধে তিনিটা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। ইয়াৰ ভিতৰত এটা হত্যাৰ, এটা হত্যাৰ অপচেষ্টা আৰু আনটো মাৰণাস্ত্ৰ লৈ আক্ৰমণ কৰাৰ গোচৰ। তদুপৰি, আমিনুল হক লস্কৰৰ বিৰুদ্ধে তিনিটা, মন্ত্ৰী নৱ কুমাৰ দলেৰ বিৰুদ্ধে এটা, ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এটা, দীপক কুমাৰ ৰাভাৰ বিৰুদ্ধে এটা, নাৰায়ণ ডেকাৰ বিৰুদ্ধে এটা গোচৰ আৰু শিলাদিত্য দেৱৰ বিৰুদ্ধে দুটাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে।
সেইদৰে অপৰাধমূলক গোচৰ ৰুজু হৈ থকা কংগ্ৰেছৰ বিধায়কসকল হ’ল- বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থ, গোৱালপাৰাৰ বিধায়ক আব্দুল কালাম ৰছিদ আলম, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা আৰু বদৰপুৰৰ বিধায়ক জামালউদ্দিন আহমেদ। এই আটাইকেইজন বিধায়কৰ ভিতৰত নুৰুল হুদাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হোৱাৰ বিপৰীতে বাকীকেইগৰাকীৰ বিৰুদ্ধে এটাকৈ গোচৰ ৰুজু হৈ আছে।
অপৰাধৰ গোচৰত নাম সন্নিৱিষ্ট এআইইউডিএফৰ একমাত্ৰ বিধায়কজন হৈছে উত্তৰ শালমাৰাৰ বিধায়ক অনন্ত কুমাৰ মালো। আনহাতে, নিৰ্দলীয় বিধায়কজন হৈছে জোনাই সমষ্টিৰ গণশক্তি দলৰ ভূবন পেগু। দুয়োজনৰ বিৰুদ্ধে এটাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে।
১৪ গৰাকী জনপ্ৰতিনিধিৰ নাম সন্নিৱিষ্ট কৰি দিচপুৰে প্ৰস্তুত কৰা তালিকাৰ ১০গৰাকীৰ বিৰুদ্ধে ভয়াৱহ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। বৰ্তমানেও এই গোচৰসমূহ বিচাৰাধীন হৈ আছে।
অচিৰেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিবলগীয়া এই তালিকাত থকা জনপ্ৰতিনিধিসকলৰ ৰাজনৈতিক ভৱিষ্যতো ইতি পৰাৰ সম্ভাৱনাই দেখা দিছে।