• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ অপৰাধী সাংসদ-বিধায়কৰ তালিকা বিচাৰিছে উচ্চতম ন্যায়ালয়ে : অসমৰ ১৪ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে আছে অপৰাধৰ গোচৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2018 8:09 am
law-and-order-759

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ অপৰাধী সাংসদ-বিধায়কৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত চলি থকা এক গোচৰে ৰাজনৈতিক নেতাসকলৰ মাজত আতংকৰ সৃষ্টি কৰিছে। ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত গঠিত এখন বিচাৰপীঠে বিভিন্ন অপৰাধমূলক গোচৰ থকা সাংসদ-বিধায়কৰ তালিকা দাখিল কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক জৰুৰী নিৰ্দেশ দিয়াৰ পাছতে  কেন্দ্ৰীয় চৰকাৰো অস্বস্তিত পৰিছে।

উল্লেখযোগ্য যে বিভিন ৰাজনৈতিক দলৰ লগতে শাসক দলৰো বহু  সাংসদ-বিধায়কৰ নাম এনে অপৰাধৰ গোচৰত সন্নিৱিষ্ট হৈ আছে। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ পাছতে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে সংশ্লিষ্ট ৰাজ্য চৰকাৰসমূহলৈ দাগী সাংসদ-বিধায়কৰ তালিকা বিচাৰি জৰুৰী পত্ৰ প্ৰেৰণ কৰিছে। কিয়নো কেন্দ্ৰীয় চৰকাৰে অহা ১২ অক্টোবৰৰ পূৰ্বে উচ্চতম ন্যায়ালয়ত এই তালিকাসমূহ দাখিল কৰিব।

Apply Now

জানিব পৰা মতে এই পত্ৰক লৈ দিচপুৰতো ব্যাপক তৎপৰতা আৰম্ভ হৈছে। কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসৰি ইতিমধ্যে তালিকা প্ৰস্তুত কৰা হৈছে আৰু অচিৰেই গৃহ মন্ত্ৰালয়লৈ উক্ততালিকা প্ৰেৰণ কৰা হ’ব। তাৎপৰ্যপূৰ্ণভাৱে এই তালিকাত আটাইতকৈ বেছি বিধায়ক আছে শাসকীয় বিজেপি দলৰ। বিজেপি দলৰেই সাতজনকৈ বিধায়কৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। ইয়াৰ লগতে কংগ্ৰেছৰ পাঁচগৰাকী, এআইইউডিএফৰ এগৰাকী আৰু গণশক্তিৰ এজন বিধায়ককে ধৰি  ১৪ জন বিধায়কৰ নাম তালিকাখনত সন্নিৱিষ্ট হৈছে।

সূত্ৰসমূহে জনোৱা মতে এই তালিকাত বিজেপিৰ সাতজন বিধায়ক হৈছে থাওৰা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, সোণাই সমষ্টিৰ বিধায়ক আমিনুল হক লস্কৰ, ঢকুৱাখানা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী নৱ কুমাৰ দলে, মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰী, দুধনৈ সমষ্টিৰ বিধায়ক দীপক কুমাৰ ৰাভা, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা আৰু হোজাই সমষ্টিৰ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱ।

বিজেপি বিধায়ক কুশল দুৱৰীৰ বিৰুদ্ধে তিনিটা অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। ইয়াৰ ভিতৰত এটা হত্যাৰ, এটা হত্যাৰ অপচেষ্টা আৰু আনটো মাৰণাস্ত্ৰ লৈ আক্ৰমণ কৰাৰ গোচৰ। তদুপৰি, আমিনুল হক লস্কৰৰ বিৰুদ্ধে তিনিটা, মন্ত্ৰী নৱ কুমাৰ দলেৰ বিৰুদ্ধে এটা, ৰমাকান্ত দেউৰীৰ বিৰুদ্ধে এটা, দীপক কুমাৰ ৰাভাৰ বিৰুদ্ধে এটা, নাৰায়ণ ডেকাৰ বিৰুদ্ধে এটা গোচৰ আৰু শিলাদিত্য দেৱৰ বিৰুদ্ধে দুটাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে।

সেইদৰে অপৰাধমূলক গোচৰ ৰুজু হৈ থকা কংগ্ৰেছৰ বিধায়কসকল হ’ল- বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থ, গোৱালপাৰাৰ বিধায়ক আব্দুল কালাম ৰছিদ আলম, ৰূপহীহাটৰ বিধায়ক নুৰুল হুদা আৰু বদৰপুৰৰ বিধায়ক জামালউদ্দিন আহমেদ। এই আটাইকেইজন বিধায়কৰ ভিতৰত নুৰুল হুদাৰ বিৰুদ্ধে একাধিক গোচৰ ৰুজু হোৱাৰ বিপৰীতে বাকীকেইগৰাকীৰ বিৰুদ্ধে এটাকৈ গোচৰ ৰুজু হৈ আছে।

অপৰাধৰ গোচৰত নাম সন্নিৱিষ্ট এআইইউডিএফৰ একমাত্ৰ বিধায়কজন হৈছে উত্তৰ শালমাৰাৰ বিধায়ক অনন্ত কুমাৰ মালো। আনহাতে, নিৰ্দলীয় বিধায়কজন হৈছে জোনাই সমষ্টিৰ গণশক্তি দলৰ ভূবন পেগু। দুয়োজনৰ বিৰুদ্ধে এটাকৈ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে।

১৪ গৰাকী জনপ্ৰতিনিধিৰ নাম সন্নিৱিষ্ট কৰি দিচপুৰে প্ৰস্তুত কৰা তালিকাৰ ১০গৰাকীৰ বিৰুদ্ধে ভয়াৱহ অপৰাধমূলক গোচৰ ৰুজু হৈ আছে। বৰ্তমানেও এই গোচৰসমূহ বিচাৰাধীন হৈ আছে।

অচিৰেই কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰিবলগীয়া এই তালিকাত থকা  জনপ্ৰতিনিধিসকলৰ ৰাজনৈতিক ভৱিষ্যতো ইতি পৰাৰ সম্ভাৱনাই দেখা দিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

ভিআইপি সংস্কৃতিত বাধা! ৰাজহুৱা ধনৰ অপচয় ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ‘এক পদ, এখন গাড়ী’ নিয়ম

July 29, 2026 7:28 pm
ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

ৰাজ্যৰ ৪,৮০০ কিলোমিটাৰ মথাউৰিৰ ভিতৰত ৩,০০০ কিলোমিটাৰ মথাউৰিৰে নাই বান প্ৰতিৰোধ ক্ষমতা

July 29, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

মা কামাখ্যাকে ধৰি ২৫০ বছৰ পুৰণি ধৰ্মীয় স্থানৰ আশে-পাশে মাটি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম : অসম বিধানসভাত বিধেয়ক গৃহীত

July 29, 2026 9:25 pm
ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

ভয়ংকৰ খবৰ! মহাবিদ্যালয়ত পঢ়ি থকা ৭ হাজাৰ ছাত্ৰ-ছাত্ৰী এইডছত আক্ৰান্ত, চৰকাৰৰ কঠোৰ নিৰ্দেশনা জাৰি

July 29, 2026 8:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd