• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঢকুৱাখনা কলেজৰ ছাত্ৰৰ আত্মহত্যাৰ ঘটনা : উত্তেজনা অব্যাহত

এন ই নাও নিউজ by এন ই নাও নিউজ
September 14, 2018 9:52 am
suicide-570x320

প্ৰতিনিধিত্বমূলক ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঢকুৱাখনা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰ দুলেন চুতীয়াই বুধবাৰে ভাৰাঘৰত চিপ লৈ আত্মহত্যা কৰাৰ পাছত বৃহস্পতিবাৰে ঢকুৱাখনা চালিআলিত সংঘৰ্ষময় পৰিস্থিতিৰ উদ্ভৱ হয়।

জানিব পৰা মতে বুধবাৰে এগৰাকী ছাত্ৰীক জোকোৱাৰ ঘটনাক কেন্দ্ৰ কৰি দুলেন চুতীয়া আৰু আন এজন সতীৰ্থ ছাত্ৰক খনীন্দ্ৰ দত্ত নামৰ মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপকে চৰিওৱাৰ লগতে অধ্যক্ষৰ কোঠালৈ লৈ যায়। অধ্যক্ষ ড০ যোগানন্দ সূতে ছাত্ৰজনৰ পৰিচয়পত্ৰ কাঢ়ি লৈ ছাত্ৰ দুজনক ককৰ্থনা কৰাৰ লগতে ছাত্ৰজনক মহাবিদ্যালয়ৰ পৰা বহিস্কাৰ কৰাৰ হুমকি দিয়ে।

Apply Now

ইয়াৰ পাছতেই দুলেন চুতীয়া ভাৰাঘৰলৈ আহি মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি থকা অৱস্থাৰেই দুপৰীয়া প্ৰায় এক বজাত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনা বিয়পি পৰাৰ লগে লগে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ বুধবাৰে গধূলিয়েই সমদল কৰি অধ্যক্ষৰ বাসভৱন ঘেৰাও কৰে।

কিন্তু অধ্যক্ষক বিচাৰি নাপাই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে থানা ঘেৰাও কৰে। অৱশ্যে, বুধবাৰে আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ বিষয়াই দলটোক দোষীক শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি ঘূৰাই পঠিয়ায়।

কিন্তু বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত ছাত্ৰ-ছাত্ৰীসকলে পুনৰ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়। মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে  শ্ল’গান দি তেওঁলোকে ঢকুৱাখনা থানা ঘেৰাও কৰে। পুৱা প্ৰায় ১০ বজাৰ পৰা মহকুমা প্ৰশাসন আৰু আৰক্ষী-প্ৰশাসনৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ কেইবালানিও আলোচনা হয় যদিও আলোচনা ব্যৰ্থ হয়। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ ঢকুৱাখনা সদৰলৈ অহা পথসমূহ বন্ধ কৰি দিয়াৰ লগতে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।

ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষক বৰ্খাস্ত কৰা আৰু গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ইপিনে মহকুমা তথা আৰক্ষী-প্ৰশাসনে ন্যায়িক তদন্ত দিয়াৰ কথা সদৰী কৰে যদিও ছাত্ৰ-ছাত্ৰীসকলে সেয়া মানি নোলোৱাত পৰিস্থিতি জটিল হৈ পৰে।

অৱশেষত আৰক্ষীয়ে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰে।  ছাত্ৰ-ছাত্ৰীসকলেও আৰক্ষীক উদ্দেশ্যি শিলাবৰ্ষণ আৰম্ভ কৰে। ফলত কেইবাখনো যান-বাহনৰ ব্যাপক ক্ষতিসাধন হয়। বিয়লি জিলা উপায়ুক্ত ডাঃ জীৱন বি, আৰক্ষী অধীক্ষক সুধাকৰ সিং ঢকুৱাখনাত উপস্থিত হৈ সাতিদিনৰ ভিতৰত দোষীক আটক কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত পৰিস্থিতি কিছু শাম কাটিছে।

জানিব পৰা মতে আজি দিনৰ ১০ বজাত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে মহাবিদ্যালয়ৰ শিক্ষকসকলক লৈ এখনি সভা অনুষ্ঠিত কৰিব আৰু তাৰ  পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ লগতো আলোচনা আন এক আলোচনা অনুষ্ঠিত কৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am
ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd