ঢকুৱাখনা মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ বিজ্ঞান শাখাৰ ছাত্ৰ দুলেন চুতীয়াই বুধবাৰে ভাৰাঘৰত চিপ লৈ আত্মহত্যা কৰাৰ পাছত বৃহস্পতিবাৰে ঢকুৱাখনা চালিআলিত সংঘৰ্ষময় পৰিস্থিতিৰ উদ্ভৱ হয়।
জানিব পৰা মতে বুধবাৰে এগৰাকী ছাত্ৰীক জোকোৱাৰ ঘটনাক কেন্দ্ৰ কৰি দুলেন চুতীয়া আৰু আন এজন সতীৰ্থ ছাত্ৰক খনীন্দ্ৰ দত্ত নামৰ মহাবিদ্যালয়খনৰ এগৰাকী অধ্যাপকে চৰিওৱাৰ লগতে অধ্যক্ষৰ কোঠালৈ লৈ যায়। অধ্যক্ষ ড০ যোগানন্দ সূতে ছাত্ৰজনৰ পৰিচয়পত্ৰ কাঢ়ি লৈ ছাত্ৰ দুজনক ককৰ্থনা কৰাৰ লগতে ছাত্ৰজনক মহাবিদ্যালয়ৰ পৰা বহিস্কাৰ কৰাৰ হুমকি দিয়ে।
ইয়াৰ পাছতেই দুলেন চুতীয়া ভাৰাঘৰলৈ আহি মহাবিদ্যালয়ৰ ইউনিফৰ্ম পৰিধান কৰি থকা অৱস্থাৰেই দুপৰীয়া প্ৰায় এক বজাত চিপ লৈ আত্মহত্যা কৰে। এই ঘটনা বিয়পি পৰাৰ লগে লগে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ বুধবাৰে গধূলিয়েই সমদল কৰি অধ্যক্ষৰ বাসভৱন ঘেৰাও কৰে।
কিন্তু অধ্যক্ষক বিচাৰি নাপাই ছাত্ৰ-ছাত্ৰীৰ দলটোৱে থানা ঘেৰাও কৰে। অৱশ্যে, বুধবাৰে আৰক্ষী আৰু অসামৰিক প্ৰশাসনৰ বিষয়াই দলটোক দোষীক শাস্তি প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰি ঘূৰাই পঠিয়ায়।
কিন্তু বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত ছাত্ৰ-ছাত্ৰীসকলে পুনৰ এক বৃহৎ প্ৰতিবাদী সমদল উলিয়ায়। মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধে শ্ল’গান দি তেওঁলোকে ঢকুৱাখনা থানা ঘেৰাও কৰে। পুৱা প্ৰায় ১০ বজাৰ পৰা মহকুমা প্ৰশাসন আৰু আৰক্ষী-প্ৰশাসনৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ কেইবালানিও আলোচনা হয় যদিও আলোচনা ব্যৰ্থ হয়। ইয়াৰ পাছতে ছাত্ৰ-ছাত্ৰীসকল উত্তেজিত হৈ ঢকুৱাখনা সদৰলৈ অহা পথসমূহ বন্ধ কৰি দিয়াৰ লগতে পথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰ-ছাত্ৰীসকলে অধ্যক্ষক বৰ্খাস্ত কৰা আৰু গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। ইপিনে মহকুমা তথা আৰক্ষী-প্ৰশাসনে ন্যায়িক তদন্ত দিয়াৰ কথা সদৰী কৰে যদিও ছাত্ৰ-ছাত্ৰীসকলে সেয়া মানি নোলোৱাত পৰিস্থিতি জটিল হৈ পৰে।
অৱশেষত আৰক্ষীয়ে প্ৰতিবাদী ছাত্ৰ-ছাত্ৰীৰ ওপৰত কন্দুৱা গেছ প্ৰয়োগ কৰে। ছাত্ৰ-ছাত্ৰীসকলেও আৰক্ষীক উদ্দেশ্যি শিলাবৰ্ষণ আৰম্ভ কৰে। ফলত কেইবাখনো যান-বাহনৰ ব্যাপক ক্ষতিসাধন হয়। বিয়লি জিলা উপায়ুক্ত ডাঃ জীৱন বি, আৰক্ষী অধীক্ষক সুধাকৰ সিং ঢকুৱাখনাত উপস্থিত হৈ সাতিদিনৰ ভিতৰত দোষীক আটক কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পিছত পৰিস্থিতি কিছু শাম কাটিছে।
জানিব পৰা মতে আজি দিনৰ ১০ বজাত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকে মহাবিদ্যালয়ৰ শিক্ষকসকলক লৈ এখনি সভা অনুষ্ঠিত কৰিব আৰু তাৰ পাছতেই ছাত্ৰ-ছাত্ৰীসকলৰ লগতো আলোচনা আন এক আলোচনা অনুষ্ঠিত কৰিব।