• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 16, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাৰাগাৰৰ পৰা ওলাল অখিল : নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে আন্দোলনত নমাৰ অংগিকাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 27, 2017 5:47 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বুধবাৰে গোৱালাপাৰা জেইলৰ পৰা ওলায়েই কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে আক্ৰমণ কৰে। গগৈয়ে গোৱালাপাৰাত সংবাদ মাধ্যমৰ আগত কয়, ‘বৰ্তমান অসমত কোনো গণতন্ত্ৰ নাই। বিজেপি চৰকাৰে মোৰ বিৰুদ্ধে জাপি দিয়া গোচৰ সমূহৰ কোনো ভিত্তি নাই। সৰ্বানন্দ সোণোৱাল আজি দিল্লীৰ পুতলা। সৰ্বানন্দ আৰু হিমন্ত দুয়ো দিল্লীক সন্তুষ্ট কৰাৰ বাবে কাম কৰিছে। ১০৫ দিন জেইলত কটোৱাৰ পিছত আজি গোৱালপাৰা জেইলৰ পৰা ওলাই অহা অখিল গগৈক কৃষক মুক্তিৰ কৰ্মী তথা তেওঁৰ সমৰ্থক সকলে উষ্ণ আদৰণি জনায়। উল্লেখযোগ্য যে মৰাণত এক জনসভাত দিয়া এক ভাষণৰ পিছতে যোৱা ২৩ ছেপ্টেম্বৰত অসম আৰক্ষীয়ে গগৈক দেশদ্ৰোহিতাৰ গোচৰত গ্ৰেপ্তাৰ কৰিছিল আৰু ২৪ ছেপ্টেম্বৰ তাৰিখে তেওঁক ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। গগৈয়ে কয়, ‘জেইলৰ পৰা মুক্তি পাই আনন্দিত হৈছো। বিজেপিয়ে মোৰ বিৰুদ্ধে জাপি দিয়া গোচৰ সমূহ সম্পূৰ্ণৰূপে ভিত্তিহীন আৰু সেয়ে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনৰ অধীনত মোক গ্ৰেপ্তাৰ কৰিব খোজাতো গুৱাহাটী উচ্চ ন্যায়ালয়ে খাৰিজ কৰি দিছে। কৃষক মুক্তিৰ নেতাজনে ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত তেওঁক বন্দী কৰাৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছিল আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ে গগৈৰ অধিবক্তাৰ আবেদন শুনাৰ পিছত তেওঁক মুকলি কৰি দিয়ে। সেই দৰে গোৱালপাৰাৰ মুখ্য ন্যায়িক দণ্ডাধীশে দুধনৈৰ গোচৰটোৰ শুনানিৰ পিছত গগৈক জামিন প্ৰদান কৰে। অখিল গগৈয়ে কয়, ‘অসম চৰকাৰে আলফা আৰু মাওবাদীৰ লগত মোৰ সম্পৰ্ক থকা বুলি অভিযোগ উত্থাপন কৰি মোৰ ওপৰত  ৰাষ্ট্ৰীয় নিৰাপত্তা আইন জাপি দিছিল। কিন্তু চৰকাৰে ন্যায়ালয়ত এটাও সাক্ষ্য প্ৰমাণ দাখিল কৰিব নোৱৰাত ন্যায়ালয়ে মোক মুকলি কৰি দিলে।’ তেওঁ লগতে হিন্দু-বাংলাদেশীক নাগৰিকত্ব প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে পাছ কৰিব খোজা নাগৰিকত্ব (সংশোধনী) বিধেয়ক ২০১৬ ৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদী আন্দোলন গঢ়ি তোলাৰ অংগীকাৰ কৰে। এই সন্দৰ্ভত তেওঁ কয়, ‘নাগৰিকত্ব বিধেয়কখন সংশোধন কৰি বিজেপিয়ে অসমৰ হিন্দু-বাংলাদেশী সংস্থাপিত কৰিব খুজিছে। কিন্তু ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা কোনো ধৰ্মৰে কোনো বিদেশীকে আমি সহ্য নকৰোঁ। আমি নাগৰিকত্ব (সংশোধনী) বিধেয়ক গৃহীত কৰিব খোজাৰ বিৰোধিতা কৰি যাম।’ তেওঁ লগতে কয় যে সৰ্বানন্দ সোণোৱাল নহয়, উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ৰঞ্জন গগৈহে অসমৰ জাতীয় নায়ক। তেওঁ লগতে অভিযোগ কৰে যে আৰক্ষীৰ জিম্মাত থকাৰ সময়ত তেওঁক আৰক্ষীয়ে নৃশংস অত্যাচাৰ চলাইছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

কুনো ৰাষ্ট্ৰীয় উদ্যানত নাহৰফুটুকীৰ আক্ৰমণত মৃত্যু চিতাৰ; তিনি বছৰৰ ভিতৰত প্ৰথম এনে ঘটনা

September 16, 2025 12:48 pm
ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

ৰোহিত ভেমুলা আৰু পায়াল তাদৱী গোচৰত গুৰুত্বপূৰ্ণ ৰায় উচ্চতম ন্যায়ালয়ৰ! শিক্ষা প্ৰতিষ্ঠানত বৰ্ণ বৈষম্যৰ বিৰুদ্ধে ইউজিচিক শক্তিশালী নিয়ম প্ৰৱৰ্তনৰ নিৰ্দেশ

September 16, 2025 12:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

ভোক! এচিএছ বিষয়া নুপুৰ বৰাৰ ঘৰৰ পৰা উদ্ধাৰ প্ৰায় ২ কোটি টকাৰ নগদ ধন আৰু সোণৰ গহনা!

September 16, 2025 1:34 pm
সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

সাম্প্ৰদায়িক বিজেপি…! ১০ বছৰ পিছত সম্বিৎ ঘূৰাই পালে বিনন্দ শইকীয়াই, আকৌ কংগ্ৰেছত শইকীয়া

September 16, 2025 1:19 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd