• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কয়দীও হ’ব পাৰে বিশ্ববিদ্যালয়ৰ ট’পাৰ : প্ৰমাণ কৰিলে মঙলদৈ আৰু শিলচৰ কাৰাগাৰৰ আৱাসীয়ে

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
September 17, 2018 9:56 pm
কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ দহজনৰ ভিতৰত স্থান লাভ কৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীক সম্বৰ্ধনাৰ দৃশ্য। ফটো : অপৰ্ণা লস্কৰ।

কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ দহজনৰ ভিতৰত স্থান লাভ কৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীক সম্বৰ্ধনাৰ দৃশ্য। ফটো : অপৰ্ণা লস্কৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ষণিকৰ ভুলৰ বাবে বহুতেই কাৰাগাৰত জীৱন কটাব লগীয়া হয়। কিন্তু তাৰ মাজতো অদম্য শক্তিৰ বাবে কম সংখ্যকে নিজৰ বিদ্যানুৰাগ আৰু সৃজনশীলতাক জীয়াই ৰাখিব পাৰে।

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কেইজনমান কয়দীয়ে এই দৃষ্টান্ত দাঙি ধৰি অঞ্চলটোৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ সাফল্যই সহ কাৰাবাসীসকলৰ মুখতো সন্তুষ্টিৰ হাঁহি বিৰিঙাই তুলিছে।

Apply Now

কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে যে কাৰাগাৰখনৰ ৩জন কয়দী, ক্ৰমে প্ৰেমজিৎ সিং, সন্তোষ কালিন্দী আৰু মুটুম বাবু সিঙে দেওবাৰে ঘোষিত কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম বেচেলৰছ প্ৰিপেৰেটৰি প্ৰগ্ৰাম (বি পি পি)ৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ দহজনৰ ভিতৰত স্থান লাভ কৰিছে।

প্ৰেমজিৎ সিং তৃতীয় হোৱাৰ বিপৰীতে সন্তোষ কালিন্দীয়ে সপ্তম আৰু মুটুম বাবু সিঙে অষ্টম স্থান লাভ কৰে। তেওঁলোকৰ উপৰি আন তিনিজনেও পৰীক্ষাটোত সফল হয়। মুঠ ৮জনে এই পাঠ্যক্ৰম লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ৬জন সফল হয়।

কাৰাগাৰৰ দৰে পৰিৱেশতো অধ্যয়নৰ দৰে কামত মনোনিৱেশ কৰিব পৰা বাবে কয়দীকেইজনক প্ৰশংসা কৰিছে কাছাৰ জিলা প্ৰশাসনে। আনসকলো যাতে তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হয় তাৰ বাবে জিলা প্ৰশাসন আৰু শিলচৰ ৰটাৰি ক্লাবে লগ লাগি তেওঁলোককেইজনক সম্বৰ্ধনা জনায়।

জানিব পৰামতে, ২০০৯ চনত যেতিয়া শিলচৰস্থিত কাছাৰ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কেন্দ্ৰ খোলা হৈছিল, তেতিয়াই শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষয়ো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এখন বুজাবুজিৰ চুক্তি কৰি কাৰাগাৰখনতো এটা অধ্যয়ন কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিছিল। ইয়াৰ ভিত্তিতে ২০১৬ চনত এই কেন্দ্ৰটো মুকলি কৰা হয়। তাৰ পিছত ৮জনে এডমিশ্যন লয় আৰু প্ৰথমটো প্ৰয়াসতে তাৰে ৬জন সফল হয়। এই কথা জানিবলৈ দিয়ে কেন্দ্ৰটোৰ সমন্বয়ক হেমন্ত বৰা।

“এইটো এটা বৃহৎ সফলতা, যিটোৰ কথা কেৱল কল্পনা কৰিবহে পাৰি। তেওঁলোক আনসকল কয়দীৰ বাবে আদৰ্শ হ’ব পাৰে। এইটো আমাৰ মুক্ত বিশ্ববিদ্যালয় আৰু কাৰাগাৰ কৰ্তৃপক্ষ, উভয়ৰ বাবেই এটা শুভ লক্ষণ।” হেমন্ত বৰাই কয়।

আনহাতে জানিব পৰামতে, মঙলদৈ কাৰাগাৰৰ অৰূপজ্যোতি ডেকা হ’ল এই বি পি পি পাঠ্যক্ৰমৰ শীৰ্ষস্থান পোৱা পৰীক্ষাৰ্থী।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

যুৱ গল্পকাৰ, অধ্যাপক পঞ্চানন হাজৰিকালৈ পাৰ্থবিজয় দত্ত সাহিত্য বঁটা

July 6, 2026 8:23 pm
কিয় সফল নহ’ল চুপা চুপি?

কিয় সফল নহ’ল চুপা চুপি?

July 6, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

মানৱ-জীৱনৰ ওপৰত কৃত্ৰিম  বুদ্ধিমত্তাৰ  প্ৰভাৱ

July 6, 2026 9:01 pm
মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

মণিপুৰত পুনৰ উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণ! অসম ৰাইফলছৰ কনভয়লৈ গুলীচালনা, দুজন জোৱানৰ প্ৰাণহানি

July 6, 2026 8:49 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd