• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কয়দীও হ’ব পাৰে বিশ্ববিদ্যালয়ৰ ট’পাৰ : প্ৰমাণ কৰিলে মঙলদৈ আৰু শিলচৰ কাৰাগাৰৰ আৱাসীয়ে

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
September 17, 2018 9:56 pm
কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ দহজনৰ ভিতৰত স্থান লাভ কৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীক সম্বৰ্ধনাৰ দৃশ্য। ফটো : অপৰ্ণা লস্কৰ।

কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ দহজনৰ ভিতৰত স্থান লাভ কৰা শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কয়দীক সম্বৰ্ধনাৰ দৃশ্য। ফটো : অপৰ্ণা লস্কৰ।

355
VIEWS
Share on FacebookShare on Twitter

ক্ষণিকৰ ভুলৰ বাবে বহুতেই কাৰাগাৰত জীৱন কটাব লগীয়া হয়। কিন্তু তাৰ মাজতো অদম্য শক্তিৰ বাবে কম সংখ্যকে নিজৰ বিদ্যানুৰাগ আৰু সৃজনশীলতাক জীয়াই ৰাখিব পাৰে।

শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কেইজনমান কয়দীয়ে এই দৃষ্টান্ত দাঙি ধৰি অঞ্চলটোৰ সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱাৰ লগতে তেওঁলোকৰ সাফল্যই সহ কাৰাবাসীসকলৰ মুখতো সন্তুষ্টিৰ হাঁহি বিৰিঙাই তুলিছে।

কাৰাগাৰ কৰ্তৃপক্ষই জানিবলৈ দিছে যে কাৰাগাৰখনৰ ৩জন কয়দী, ক্ৰমে প্ৰেমজিৎ সিং, সন্তোষ কালিন্দী আৰু মুটুম বাবু সিঙে দেওবাৰে ঘোষিত কৃষ্ণকান্ত ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম বেচেলৰছ প্ৰিপেৰেটৰি প্ৰগ্ৰাম (বি পি পি)ৰ পৰীক্ষাত ৰাজ্যৰ ভিতৰতে শীৰ্ষ দহজনৰ ভিতৰত স্থান লাভ কৰিছে।

প্ৰেমজিৎ সিং তৃতীয় হোৱাৰ বিপৰীতে সন্তোষ কালিন্দীয়ে সপ্তম আৰু মুটুম বাবু সিঙে অষ্টম স্থান লাভ কৰে। তেওঁলোকৰ উপৰি আন তিনিজনেও পৰীক্ষাটোত সফল হয়। মুঠ ৮জনে এই পাঠ্যক্ৰম লৈ পৰীক্ষাত অৱতীৰ্ণ হৈছিল। তাৰে ৬জন সফল হয়।

কাৰাগাৰৰ দৰে পৰিৱেশতো অধ্যয়নৰ দৰে কামত মনোনিৱেশ কৰিব পৰা বাবে কয়দীকেইজনক প্ৰশংসা কৰিছে কাছাৰ জিলা প্ৰশাসনে। আনসকলো যাতে তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হয় তাৰ বাবে জিলা প্ৰশাসন আৰু শিলচৰ ৰটাৰি ক্লাবে লগ লাগি তেওঁলোককেইজনক সম্বৰ্ধনা জনায়।

জানিব পৰামতে, ২০০৯ চনত যেতিয়া শিলচৰস্থিত কাছাৰ মহাবিদ্যালয়ত কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত অধ্যয়ন কেন্দ্ৰ খোলা হৈছিল, তেতিয়াই শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ কৰ্তৃপক্ষয়ো কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ সৈতে এখন বুজাবুজিৰ চুক্তি কৰি কাৰাগাৰখনতো এটা অধ্যয়ন কেন্দ্ৰ স্থাপনৰ ব্যৱস্থা কৰিছিল। ইয়াৰ ভিত্তিতে ২০১৬ চনত এই কেন্দ্ৰটো মুকলি কৰা হয়। তাৰ পিছত ৮জনে এডমিশ্যন লয় আৰু প্ৰথমটো প্ৰয়াসতে তাৰে ৬জন সফল হয়। এই কথা জানিবলৈ দিয়ে কেন্দ্ৰটোৰ সমন্বয়ক হেমন্ত বৰা।

“এইটো এটা বৃহৎ সফলতা, যিটোৰ কথা কেৱল কল্পনা কৰিবহে পাৰি। তেওঁলোক আনসকল কয়দীৰ বাবে আদৰ্শ হ’ব পাৰে। এইটো আমাৰ মুক্ত বিশ্ববিদ্যালয় আৰু কাৰাগাৰ কৰ্তৃপক্ষ, উভয়ৰ বাবেই এটা শুভ লক্ষণ।” হেমন্ত বৰাই কয়।

আনহাতে জানিব পৰামতে, মঙলদৈ কাৰাগাৰৰ অৰূপজ্যোতি ডেকা হ’ল এই বি পি পি পাঠ্যক্ৰমৰ শীৰ্ষস্থান পোৱা পৰীক্ষাৰ্থী।

Recent News

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

ভাৰ্চুৱেল শুনানিৰ সময়ত বিয়েৰত চুমুক! অধিবক্তাৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

জলবায়ু পৰিৱৰ্তনৰ বাবে স্থানান্তৰিত হ’বলৈ বাধ্য হ’ল প্ৰাচীন হিমালয়ৰ গাঁও ছামজুং

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘পেছাৰ বাবে প্ৰস্তুতি’ শীৰ্ষক অনুষ্ঠানৰ সামৰণি

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ পূৰ্বে বিৰোধী দলবোৰক একত্ৰিত কৰিবলৈ উদ্যোগী ছোনিয়া গান্ধী

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd