এন চি ই আৰ টি-ৰ ৰাষ্ট্ৰীয় পাঠ্যক্ৰমত জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জীৱনাদৰ্শ অন্তৰ্ভুক্ত কৰি দেশৰ নৱ প্ৰজন্মক গুৰুজনাৰ বিশাল ব্যক্তিত্ব সম্বন্ধে জানিবলৈ সুবিধা দিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰিছে সাংসদ গৌৰৱ গগৈয়ে। কেন্দ্ৰীয় মানৱ সম্পদ উন্নয়ন দপ্তৰৰ মন্ত্ৰীগৰাকীক লিখিতভাৱে অসমবাসীৰ হৈ এই দাবী কৰা বুলি জানিবলৈ দিয়ে সাংসদ গৰাকীয়ে৷
পবিত্ৰ ভাদ মাহতে জন্ম হোৱা গুৰুজনাৰ একান্ত ভক্ত সাংসদ গৌৰৱ গগৈয়ে ৰাজনীতিৰ ব্যস্ততাৰ মাজতে পবিত্ৰ ভাদমাহত ঐতিহ্যমণ্ডিত কোচবিহাৰৰ মধুপুৰ সত্ৰ, ঢেকীয়াখোৱা বৰনামঘৰ, আঠখেলিয়া বৰনামঘৰ, ভৰালী নামঘৰ আদিত সেৱা নিবেদন কৰাৰ পিছত সোমবাৰে ভাদ মাহৰ শেষৰ দিনটোত গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰী বটদ্ৰৱা থানত সেৱা লৈ সমষ্টিবাসীৰ লগতে নিজৰ কুশল মংগল কামনাৰে আশিস গ্ৰহণ কৰে ৷
ইয়াৰ পিছতে সাংসদগৰাকী শ্ৰীশ্ৰী বটদ্ৰৱা থানৰ কীৰ্তন ঘৰৰ মনিকূটৰ কাষতে থকা হাটিপুখুৰীৰ পাৰত সাংসদ উন্নয়ন পুঁজিৰ ১০ লাখ টকা ব্যয়ৰে ভকতসকলৰ বাবে দুটা অত্যাধুনিক হাটিবহাৰ নিৰ্মাণকাৰ্যৰ আধাৰশিলা স্থাপন কৰে।
এই অনুষ্ঠানত শ্ৰীশ্ৰী নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ তথা পৰিচালনা সমিতিৰ সভাপতি দেবানন্দ দেৱ গোস্বামী, থান পৰিচালনা সমিতি সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সহকাৰী সম্পাদকদ্বয় ইন্দ্ৰ মোহন বৰুৱা, যোগেন শইকীয়া প্ৰমুখ্যে সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকি ধৰ্মবস্ত্ৰ, কুহিলা কঠ, থান বৰ্ণনাৰ গীত, শৰাই, গ্ৰন্থৰ টোপোলা আদিৰে সাংসদ গৌৰৱ গগৈক সম্বৰ্ধনা জ্ঞাপন কৰে।
ইয়াৰ পূৰ্বে সাংসদগৰাকীয়ে বৰচিলা গাঁও পঞ্চায়তৰ অন্তৰ্গত নৰোৱা কুঁজি সত্ৰ বৈষ্ণৱপুৰ থানৰ সন্মুখভাগত সাংসদ উন্নয়ন পুঁজিৰ ৫ লাখ টকা ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া এটি আটকধুনীয়া প্ৰৱেশদ্বাৰৰ আধাৰশিলা স্থাপন কৰি ইতিহাস প্ৰসিদ্ধ থানখনত সেৱা লয় লগতে সত্ৰাধিকাৰ, ভকত বৈষ্ণৱ আইসকলৰ স’তে মত বিনিময় কৰে।
সত্ৰাধিকাৰ নিত্যানন্দ দেৱ গোস্বামী প্ৰমুখ্যে ভকতসৱে থান প্ৰাংগণত আয়োজন কৰা অনুষ্ঠানত যুৱ সাংসদগৰাকীক উষ্ম আদৰণি জনায়। উক্ত অনুষ্ঠানত বিশিষ্ট সমাজকমী ৰমেশ বৰদলৈ, সমাজসেৱিকা শিবামনি বৰা, বটদ্ৰৱাৰ প্ৰাক্তন বিধায়ক তথা মন্ত্ৰী গৌতম বৰা উপস্থিত থাকে।
বিয়লি কদমনি টাইটেল মাদ্ৰাছাত এটি ছাত্ৰাবাসৰ লগতে বাটমাৰী ছোবাহী মাদ্ৰাছাৰ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি শিক্ষক ছাত্ৰসমাজৰ লগত মত-বিনিময় কৰে সাংসদ গৌৰৱ গগৈয়ে।