• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সাহিত্যিক নাহেন্দ্ৰ পাদুনক আনন্দৰাম ঢেকিয়াল ফুকন বঁ‌টা প্ৰদান ৰাজ্যপাল জগদীশ মুখীৰ

মিণ্টু দাস by মিণ্টু দাস
September 21, 2018 7:01 am
2eb3623c-90ce-4d6a-a4a9-ee4f07cbdfc0

ৰাজ্যপালৰ অধ্যাপক জগদীশ মুখীৰ পৰা নাহেন্দ্ৰ পাদুনৰ হৈ আনন্দৰাম ঢেকীয়াল ফুকন বঁটা গ্ৰহণ কৰে তেওঁৰ পুত্ৰ অভিজিৎ পাদুনে। ফটো : নৰ্থইষ্ট নাও

4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৪১ চনত মুৰ্কংচেলেক ৰিগিবি গাঁৱত জন্ম গ্ৰহণ কৰা অসমৰ বৰেণ্য সাহিত্যিক তথা বিগত পাঁচটা দশক জুৰি অসমৰ শিক্ষা, সাহিত্য আৰু সমাজ জীৱনলৈ প্ৰভূত বৰঙণি আগবঢ়োৱা নাহেন্দ্ৰ পাদুনক তেওঁৰৰ জীৱন জোৰা সাধনাৰ বাবে প্ৰদান কৰা হয় আনন্দৰাম ঢেকিয়াল ফুকন বঁ‌টা।

অসমৰ অন্যতম ভূমি পুত্ৰ মিছিং জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতিৰ বিষয়ত গৱেষণা তথা একেসময়তে মাদুৰাই বিশ্ববিদ্যালয়ৰ অধীনত ভাষা বিজ্ঞান চৰ্চালৈ অৰিহণা আগবঢ়োৱা এইগৰাকী সাহিত্যিকে কুৰিখনৰো অধিক মৌলিক গ্ৰন্থ আৰু অসংখ্য সম্পাদিত গ্ৰন্থৰে অসমীয়া সাহিত্য সংস্কৃতিক সমৃদ্ধ কৰাৰ লগতে মিচিং ঐনিতম অনুবাদেৰে অসমীয়া কবিতাৰ জগতক সমৃদ্ধ কৰিছে।

Apply Now

তেনে এগৰাকী সাহিত্যিকলৈ বৃহস্পতিবাৰে নগাঁৱৰ ঐতিহ্যমণ্ডিত আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনন্দৰাম ঢেকিয়াল ফুকন বঁ‌টা প্ৰদান কৰে অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে।

‘সাহিত্য তত্ব আৰু আলোচনা তত্ব’ গ্ৰন্থৰে অসমীয়া আলোচনা সাহিত্যত বিদেশী সাহিত্যৰ অধ্যয়ন সহজসাধ্য কৰি তোলা মিচিং আগাম কাবাঙৰ  প্ৰাক্তন সভাপতি নাহেন্দ্ৰ পাদুনৰ অসুস্থতাৰ বাবে তেওঁৰ হৈ ৰাজ্যপালৰ হাতৰ পৰা বঁটা গ্ৰহণ কৰে সাহিত্যিকগৰাকীৰ পুত্ৰ অভিজিত পাদুনে।

ৰাজ্যপালগৰাকীয়ে বঁ‌টা প্ৰদান কৰি দিয়া ভাষণত সাহিত্যিকগৰাকীক অভিনন্দন জনোৱাৰ লগতে মহাবিদ্যালয়খনৰ গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষত এনে এটা অনুষ্ঠানত  উপস্থিত থাকিবলৈ পাই সুখ অনুভৱ কৰিছে বুলি ব্যক্ত কৰে।

ছাত্র-ছাত্ৰীসকলৰ উদ্দেশ্য দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয়, ‘’আপোনালোকলোক হৈছে ৰাষ্ট্ৰৰ ভৱিষ্যৎ। ৰাষ্ট্ৰখনক আগুৱাই নিয়াৰ দায়িত্ব ছাত্র-ছাত্ৰীসকলৰ। মই ভাবো ছাত্র-ছাত্ৰীসকলৰ কৌশল বৃদ্ধি পাঠ্যক্ৰমৰ ওপৰত মহাবিদ্যালয়সমূহে গুৰুত্ব দিয়া উচিত। উন্নত প্ৰযুক্তি বিদ্যাৰ অবিহনে আমি কেতিয়াও ৰাষ্ট্ৰক আগুৱাই নিব নোৱাৰিম। আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰিব বুলি মই আশাবাদী।‘’

মহাবিদ্যালয়খনৰ অধ্যক্ষ সুৰজিৎ ভাগৱতীয়ে আদৰণি ভাষণ প্ৰদান অনুষ্ঠানটোত মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি সহজানন্দ ওজা সন্মানীয় অতিথিৰূপে উপস্থিত থকাৰ লগতে মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীসকল  উপস্থিত থাকে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

মৃত্যুৰ ১০০ দিন পাৰ হোৱাৰ পিছতো কিয় কবৰ দিয়া হোৱা নাই খামেনেইক? পোহৰলৈ আহিল আচল কাৰণ

June 8, 2026 8:35 pm
মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

মুছলিম প্রধান লক্ষ্যদ্বীপত মদ বিক্ৰীৰ অনুমতি! কিয় সলনি হ’ল ৪৭ বছৰীয়া পুৰণি আইন?

June 8, 2026 8:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

ইতিহাস ৰচিলে তিনিচুকীয়াৰ জীয়ৰীয়ে : অসমৰ প্ৰথমগৰাকী মহিলা ফায়াৰ ইঞ্জিনিয়াৰ হ’ল শিৱাংগী সোণোৱাল

June 8, 2026 9:33 pm
ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

ইণ্ডিয়া’ মিত্ৰজোঁটৰ বৈঠকত বিৰোধীৰ পৰৱৰ্তী ৰণকৌশল প্ৰস্তুত, ডি এম কে আৰু আপৰ অনুপস্থিতিয়ে আউল লগাইছে মৈত্ৰীত!

June 8, 2026 9:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd