• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এতিয়াও ৰহস্যৰ আৱৰ্তত ৰূপহীহাটৰ ঘটনা : খবৰ পায়ো বিদ্যুৎ বিভাগে সংযোগ কটা নাছিল নে এবাৰ সংযোগ কাটি আকৌ দিছিল?

দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা; নিহত প্ৰতিজনৰ বিপৰীতে আত্মীয়লৈ ২.৫ লাখকৈ টকা

মিণ্টু দাস by মিণ্টু দাস
September 21, 2018 10:12 pm
Nagaon-electrocution-750x375

ৰূপহীহাটৰ ঘটনাৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁৱৰ ৰূপহীহাটত আজি পুৱাই ছিগি থকা বিদ্যুৎ তাঁৰত লাগি ৭জন লোকৰ মৃত্যু হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৱে সমগ্ৰ ৰাজ্যবাসীক এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে।

দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে মূলতঃ বিদ্যুৎ বিভাগকে দায়ী যদিও ছিগি পৰি থকা উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰডালত প্ৰথম অৱস্থাত বিদ্যুৎ নাছিল নে বিদ্যুৎ বিভাগে সংযোগ কাটি ৰাখিছিল সেই লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

Apply Now

কাৰণ উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰডাল ছিগি পৰি থকাৰ পিছত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক খবৰ দিছিল। স্থানীয় ৰাইজে শক্তি বিভাগৰ স্থানীয় কৰ্মচাৰী ফকৰুল ইছলামক জনাইছিল ফোন কৰি। তেওঁ ওলোটাই বিদ্যুৎ সংযোগ বিছিন্ন কৰা বুলি জনাইছিল স্থানীয় ৰাইজক। সেই বিশ্বাসতে ৬জনকৈ লোক তাঁৰডাল পৰি থকা পুখুৰীত নামি মাছ মাৰিছিল।

প্ৰথমে অলপ মাছ ধৰাৰ পিছত লোককেইজন ভাত খাই আগৰ বিশ্বাসেৰে পুনৰ মাছ মাৰিবলৈ পুখুৰীত নামোতেই সংঘটিত হয় হৃদয়বিদাৰক ঘটনাটো। এজনৰ পিছত এজনকৈ মুঠ ৬জন লোক জীয়াই জীয়াই জ্বলি যায়।

অৱশ্যে এতিয়াও স্থানীয় লোকৰ মনত এই প্ৰশ্ন ৰৈ গৈছে- প্ৰথমবাৰ বিদ্যুৎ সংযোগ কৰ্তন যদি কৰিছিলেই, দ্বিতীয়বাৰ ছিগি পৰা তাঁৰডালেৰে কেনেকৈ বিদ্যুৎ প্ৰবাহিত হ’ল? নে প্ৰথমবাৰেই বিদ্যুৎ কৰ্তন কৰা হোৱা নাছিল?

ইপিনে ঘটনাটোৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ লগে লগে গোটেই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হোৱাৰ পিছত মুখ্য মন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে মন্ত্ৰী কেশৱ মহন্ত আৰু শক্তি মন্ত্ৰী তপন গগৈ ঘটনাস্থললৈ যায়। প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, স্থানীয় বিধায়ক নুৰুল হুদায়ো ঘটনাস্থলীলৈ যায়।

মন্ত্ৰী কেশৱ মহন্তই চৰকাৰৰ হৈ ঘটনাত নিহত প্ৰতিজনৰ বিপৰীতে তেওঁলোকৰ আত্মীয়লৈ ২.৫০ লাখ টকাকৈ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰিছে। আনহাতে, ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগে তিনিজন বিষয়া-কৰ্মচাৰী ক্ৰমে বিভাগটোৰ এছ ডি অ’ পল্লৱ দাস, কৰ্মচাৰী ফকৰুল ইছলাম আৰু এগৰাকী কনিষ্ঠ অভিযন্তাক নিলম্বন কৰিছে।

আনহাতে দণ্ডাধীশ পৰ্যায়ৰ তদন্তও ঘোষণা কৰিছে নগাঁও জিলাৰ উপায়ুক্তই। আনহাতে এই কাণ্ডক লৈ ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী। ক্ষুভিত জনতাই গৈ শক্তি বিভাগৰ কৰ্মচাৰীৰ ঘৰ-গাড়ী ভাঙি চূৰমাৰ কৰে। তেওঁলোক প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক বিহিত ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd