• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এতিয়াও ৰহস্যৰ আৱৰ্তত ৰূপহীহাটৰ ঘটনা : খবৰ পায়ো বিদ্যুৎ বিভাগে সংযোগ কটা নাছিল নে এবাৰ সংযোগ কাটি আকৌ দিছিল?

দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা; নিহত প্ৰতিজনৰ বিপৰীতে আত্মীয়লৈ ২.৫ লাখকৈ টকা

মিণ্টু দাস by মিণ্টু দাস
September 21, 2018 10:12 pm
Nagaon-electrocution-750x375

ৰূপহীহাটৰ ঘটনাৰ দৃশ্য। ছবি- নৰ্থ ইষ্ট নাও।

481
VIEWS
Share on FacebookShare on Twitter

নগাঁৱৰ ৰূপহীহাটত আজি পুৱাই ছিগি থকা বিদ্যুৎ তাঁৰত লাগি ৭জন লোকৰ মৃত্যু হোৱা দুৰ্ভাগ্যজনক ঘটনাটোৱে সমগ্ৰ ৰাজ্যবাসীক এতিয়াও শোকস্তব্ধ কৰি ৰাখিছে।

দুৰ্ভাগ্যজনক ঘটনাটোৰ বাবে মূলতঃ বিদ্যুৎ বিভাগকে দায়ী যদিও ছিগি পৰি থকা উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰডালত প্ৰথম অৱস্থাত বিদ্যুৎ নাছিল নে বিদ্যুৎ বিভাগে সংযোগ কাটি ৰাখিছিল সেই লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

কাৰণ উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাঁৰডাল ছিগি পৰি থকাৰ পিছত স্থানীয় ৰাইজে বিদ্যুৎ বিভাগক খবৰ দিছিল। স্থানীয় ৰাইজে শক্তি বিভাগৰ স্থানীয় কৰ্মচাৰী ফকৰুল ইছলামক জনাইছিল ফোন কৰি। তেওঁ ওলোটাই বিদ্যুৎ সংযোগ বিছিন্ন কৰা বুলি জনাইছিল স্থানীয় ৰাইজক। সেই বিশ্বাসতে ৬জনকৈ লোক তাঁৰডাল পৰি থকা পুখুৰীত নামি মাছ মাৰিছিল।

প্ৰথমে অলপ মাছ ধৰাৰ পিছত লোককেইজন ভাত খাই আগৰ বিশ্বাসেৰে পুনৰ মাছ মাৰিবলৈ পুখুৰীত নামোতেই সংঘটিত হয় হৃদয়বিদাৰক ঘটনাটো। এজনৰ পিছত এজনকৈ মুঠ ৬জন লোক জীয়াই জীয়াই জ্বলি যায়।

অৱশ্যে এতিয়াও স্থানীয় লোকৰ মনত এই প্ৰশ্ন ৰৈ গৈছে- প্ৰথমবাৰ বিদ্যুৎ সংযোগ কৰ্তন যদি কৰিছিলেই, দ্বিতীয়বাৰ ছিগি পৰা তাঁৰডালেৰে কেনেকৈ বিদ্যুৎ প্ৰবাহিত হ’ল? নে প্ৰথমবাৰেই বিদ্যুৎ কৰ্তন কৰা হোৱা নাছিল?

ইপিনে ঘটনাটোৰ খবৰ ৰাষ্ট্ৰ হোৱাৰ লগে লগে গোটেই ৰাজ্যজুৰি চাঞ্চল্য সৃষ্টি হোৱাৰ পিছত মুখ্য মন্ত্ৰীৰ নিৰ্দেশ ক্ৰমে মন্ত্ৰী কেশৱ মহন্ত আৰু শক্তি মন্ত্ৰী তপন গগৈ ঘটনাস্থললৈ যায়। প্ৰাক্তন মুখ্য মন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত, স্থানীয় বিধায়ক নুৰুল হুদায়ো ঘটনাস্থলীলৈ যায়।

মন্ত্ৰী কেশৱ মহন্তই চৰকাৰৰ হৈ ঘটনাত নিহত প্ৰতিজনৰ বিপৰীতে তেওঁলোকৰ আত্মীয়লৈ ২.৫০ লাখ টকাকৈ ক্ষতিপূৰণ দিব বুলি ঘোষণা কৰিছে। আনহাতে, ঘটনা সন্দৰ্ভত বিদ্যুৎ বিভাগে তিনিজন বিষয়া-কৰ্মচাৰী ক্ৰমে বিভাগটোৰ এছ ডি অ’ পল্লৱ দাস, কৰ্মচাৰী ফকৰুল ইছলাম আৰু এগৰাকী কনিষ্ঠ অভিযন্তাক নিলম্বন কৰিছে।

আনহাতে দণ্ডাধীশ পৰ্যায়ৰ তদন্তও ঘোষণা কৰিছে নগাঁও জিলাৰ উপায়ুক্তই। আনহাতে এই কাণ্ডক লৈ ক্ষোভত ফাটি পৰিছে অঞ্চলবাসী। ক্ষুভিত জনতাই গৈ শক্তি বিভাগৰ কৰ্মচাৰীৰ ঘৰ-গাড়ী ভাঙি চূৰমাৰ কৰে। তেওঁলোক প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে দোষীক বিহিত ব্যৱস্থা ল’বলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক দাবী জনাইছে।

Recent News

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

মানৱ দৰদী চিকিৎসক তথা জনপ্ৰিয় ইউটিউবাৰ ডাঃ ৰূপলীন ৰংপিপীৰ অকাল বিয়োগ

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd