• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লক্ষ্য লোকসভা নিৰ্বাচন : নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে বিজেপিক ৰুধিব ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সে

এন ই নাও নিউজ by এন ই নাও নিউজ
September 22, 2018 11:54 am
d8015bdd-002f-4669-94c1-08703c7144b7

শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত ৰিজ'নেল ডেমক্ৰেটিক এলায়েন্সৰ নেতৃবৃন্দ। ফটো : নৰ্থইষ্ট নাও

299
VIEWS
Share on FacebookShare on Twitter

পোন্ধৰ বছৰীয়া কংগ্ৰেছৰ শাসনত অতিষ্ঠ ৰাইজৰ মৌলিক সমস্যা সমাধানৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে লাখ-লাখ হিন্দু বাংলাদেশীক অসমত জাপি দিব বিচৰা বুলি শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত এখন সংবাদমেলৰ জৰিয়তে গুৰুতৰ অভিযোগ তোলে ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সৰ নেতা তথা এলডিপিৰ অধ্যক্ষ প্ৰদ্যুৎ বৰা, সভাপতি গুণ গগৈ আৰু অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰে।

খিলঞ্জীয়াৰ অস্তিত্বত আঘাত হনা নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা তথা অসমৰ আৰ্থ সামাজিক বুনিয়াদ শক্তিশালী কৰাটো মূল লক্ষ্য হিচাপে লৈ ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সে আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ কাষ চপাৰ চেষ্টা চলাব বুলি সদৰী কৰে।

উক্ত সংবাদমেলতে এলডিপিৰ অধ্যক্ষ প্ৰদ্যুত বৰাই সাংবাদিকক উদ্দেশ্যি কয়, ‘’যদি দিল্লীৱালা মানুহে এনডিএ আৰু য়ুপিএ চৰকাৰ সৃষ্টি কৰিব পাৰে, অসমৰ মানুহে নিজৰ এক আঞ্চলিক মঞ্চ কিয় গঠন কৰিব নোৱাৰিব?’’

তেওঁ লগতে কয়, ‘’ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সৰ জৰিয়তে সৰু-বৰ সকলো আঞ্চলিকতাবাদী দল একত্ৰিত হৈ অসমত ফেডাৰেলিজিম গঢ় দিয়াৰ বাবে চেষ্টা কৰা হৈছে।‘’

উক্ত সংবাদমেলতে বৰাই অগপ দলে আঞ্চলিকতাবাদ হেৰুৱাই পেলোৱা বুলি অগপ দলক কঠোৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয়, ‘’১৯৮৫ চনৰ পৰা অৰ্থ্যাৎ জন্ম হোৱাৰে পৰা অসম গণ পৰিষদে ফেডাৰেলিজিমৰ বিৰুদ্ধে গান গাই আছে। কিন্তু আজি তেওঁলোক বিজেপিৰ বোকোচাত উঠিছেগৈ আৰু ফেডাৰেলিজিমৰ কথা তেওঁলোকে পাহৰি গৈছে।‘’

আনহাতে, আঞ্চলিকতাবাদৰ ভাষণ দিলে অসমত ফেডাৰেলিজিম ঘুৰি নাহে বুলিও সংবাদমেলত মন্তব্য কৰে নেতাগৰাকীয়ে।

যৌথভাৱে আয়োজিত একেখন সংবাদমেলতে উপস্থিত থাকি অসম সংগ্ৰামী মঞ্চৰ সভাপতি দিগন্ত কোঁৱৰে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬’ ৰ জৰিয়তে হিন্দু বাংলাদেশীক সংস্থাপন দিয়াৰ ষড়যন্ত্ৰ কৰাৰ লগতে বিজেপিয়ে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰে অসমৰ ৰাইজক অতিষ্ঠ কৰি তুলিছে।‘’

তেওঁ লগতে কয়, ‘পৰিৱৰ্তন বিচাৰি বিজেপিক ভোট দিয়া ৰাইজে পুনৰ এক পৰিবৰ্তন বিচাৰিবলৈ আৰম্ভ কৰিছে। তেওঁলোকে বিজেপি অথবা কংগ্ৰেছৰ মিত্ৰজোঁটক বিকল্প হিচাপে গ্ৰহণ নকৰে। এইবাৰ অসমৰ ৰাইজে ভাবিছে সৰু-বৰ আঞ্চলিক দলসমূহ একত্ৰিত হৈ এক বিকল্প দল হিচাপে থিয় হওঁক।‘’

তদুপৰি তেওঁ কয়, ‘’যিসমূহ আঞ্চলিক দল বৰ্তমান বাদ পৰি ৰৈছে, তেওঁলোকৰ বাবেও ৰাস্তা খোলা আছে। তেওঁলোকে অনুগত্য প্ৰকাশ কৰিলে নিশ্চয় ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সৰ অংশীদাৰ হ’ব পাৰিব।‘’

উল্লেখ্য যে আগন্তুক লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনতে ৰিজ’নেল ডেম’ক্ৰেটিক এলাইয়েন্সৰ ফালৰ পৰা প্ৰাৰ্থীত্ব দিব বুলিও উক্ত সংবাদমেলতে দিগন্ত কোঁৱৰে ঘোষণা কৰে।

Recent News

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

মৰ্মান্তিক! কৰ্ণাটকত বান্দীপুৰ ব্ৰঘ্য সংৰক্ষিত বনাঞ্চলত ২০টা বান্দৰৰ মৃত্যু

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

উচ্ছেদিত কৃষক কন্যাই প্ৰত্যাখান কৰিলে বিধায়ক মানৱ ডেকাই দিয়া কঠীয়া! নিচুকনিতকৈ স্বাভিমানক আগস্থান গুণগুণৰ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ ড্ৰোন আক্ৰমণ

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

ধৰ্মৰ বিষয়ত চৰকাৰে মন্তব্য নকৰে: দালাই লামাৰ উত্তৰাধিকাৰী সন্দৰ্ভত ভাৰতৰ স্থিতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd