• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাগুনত আলফা (স্বা)ৰ বিৰুদ্ধে সেনাৰ অভিযান অব্যাহত; উদ্ধাৰ বহু মাৰণাস্ত্ৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 25, 2018 5:28 pm
Jagun Army-ULFA
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ জাগুনৰ কথা কাষৰণি গাঁৱত ২৪ ছেপ্তেম্বৰৰ নিশা ভাৰতীয় সেনা বাহিনী আৰু সন্দেহযুক্ত আলফা স্বাধীন উগ্ৰপন্থীৰ মাজত সংঘটিত সংঘৰ্ষৰ পিছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি আজি পুৱাৰে পৰা অঞ্চলটোত সেনা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে।

সেনাৰ ৯ নং ৰাজপুটানা ৰাইফলছ আৰু অসম ৰাইফলছৰ দলে চলোৱা এই অভিযানৰ সময়ত সেনাই আলফা স্বাধীনে কথা সংৰক্ষিত বনাঞ্চলৰ মাজত পেলাই যোৱা এটা বেগ উদ্ধাৰ কৰে। বেগটোৰ পৰা এটা শক্তিশালী আই এ ডি, গুলী, ডিটেনেটৰ, আন বিস্ফোৰক সামগ্ৰী, দৰৱ আৰু এজোৰ জুটা উদ্ধাৰ কৰে।

Apply Now

উল্লেখযোগ্য যে কালি নিশা প্ৰায় ৮ বজাত সূত্ৰপাত হোৱা উক্ত সংঘৰ্ষত আলফা (স্বা)ৰ টাইগাৰ অসম নামৰ এজন কেডাৰ আঘাতপ্ৰাপ্ত হোৱা বুলি সেনাৰ এক প্ৰেছ বাৰ্তা প্ৰকাশ যদিও আলফা (স্বা)ৰ ফালৰ পৰা এই সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

ঘটনা সম্পৰ্কে জানিব পৰা মতে, সন্দেহযুক্ত আলফা (স্বা)ৰ এটা সশস্ত্ৰ দলে ৰুপম অসম আৰু জান অসমৰ নেতৃত্বত অঞ্চলটোত বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰি সেনা-আৰক্ষীৰ দলে কালি পুৱাৰ ভাগত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰে যদিও সেই সময়ছোৱাত কোনো সংঘৰ্ষ ঘটা নাছিল।

কিন্তু নিশা প্ৰায় ৮ বজাত স্থানীয় ৰাইজে প্ৰচণ্ড গুলীয়াগুলীৰ শব্দ শুনিবলৈ পায়। নিশা ৯ বজালৈকে অব্যাহত থকা উক্ত গুলীয়াগুলীত গাওঁখনৰ দুই এক ঘৰৰ টিনপাত গুলীয়ে ফুটা কৰে বুলিও জানিব পৰা গৈছে।

এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আলফা (স্বা)ৰ ২২ জনীয়া এটা দলে ম্যানমাৰ সীমান্ত পাৰ হৈ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দুৰ্গম অঞ্চল অতিক্ৰম কৰি জাগুনৰ এই অঞ্চলৰে সুৰক্ষিত এলেকালৈ যাবৰ বাবে কুচকাৱাজ চলাওঁতেই সেনাৰে কালি নিশা সংঘৰ্ষৰ সূত্ৰপাত হয়।

উল্লেখযোগ্য যে পূৰ্বেও উক্ত অঞ্চলটোত সেনা আৰু আলফা (স্বা)ৰ মাজত গুলীয়াগুলী হৈছিল। তদুপৰি এই অঞ্চলসমূহত আলফা উগ্ৰপন্থী বিচৰাৰ নামত ভাৰতীয় সেনাই পূৰ্বতেও গাঁওবাসীৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ আছে।

মানস প্ৰতিম গগৈ

মানস প্ৰতিম গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

ব্ৰিকছ সন্মিলনৰ খাদ্য তালিকাক লৈ ৰাজনীতি! কেন্দ্ৰীয় চৰকাৰক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

September 13, 2026 8:10 pm
সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

সুৰা নিষিদ্ধ ৰাজ্য নাগালেণ্ডত ভয়ংকৰ অঘটন! বিষাক্ত সুৰাপানৰ ফলত ৯ জনৰ প্ৰাণহানি

September 13, 2026 6:53 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

ধ্বংসৰ গৰাহত মানাহ ৰাষ্ট্ৰীয় উদ্যান! এনটিচিএৰ নিৰ্দেশৰ পাছতো নিমাত চৰকাৰ

September 13, 2026 9:48 pm
মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

মাদ্ৰাছা শিক্ষা বনাম দেশবিৰোধী কাৰ্যকলাপৰ অভিযোগ: পশ্চিমবংগ চৰকাৰৰ শেহতীয়া পদক্ষেপে কিহৰ ইংগিত দিছে?

September 13, 2026 8:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd