• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জাগুনত আলফা (স্বা)ৰ বিৰুদ্ধে সেনাৰ অভিযান অব্যাহত; উদ্ধাৰ বহু মাৰণাস্ত্ৰ

মানস প্ৰতিম গগৈ by মানস প্ৰতিম গগৈ
September 25, 2018 5:28 pm
Jagun Army-ULFA
228
VIEWS
Share on FacebookShare on Twitter

তিনিচুকীয়া জিলাৰ লেখাপানী থানাৰ জাগুনৰ কথা কাষৰণি গাঁৱত ২৪ ছেপ্তেম্বৰৰ নিশা ভাৰতীয় সেনা বাহিনী আৰু সন্দেহযুক্ত আলফা স্বাধীন উগ্ৰপন্থীৰ মাজত সংঘটিত সংঘৰ্ষৰ পিছত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি আজি পুৱাৰে পৰা অঞ্চলটোত সেনা বাহিনীয়ে অভিযান আৰম্ভ কৰিছে।

সেনাৰ ৯ নং ৰাজপুটানা ৰাইফলছ আৰু অসম ৰাইফলছৰ দলে চলোৱা এই অভিযানৰ সময়ত সেনাই আলফা স্বাধীনে কথা সংৰক্ষিত বনাঞ্চলৰ মাজত পেলাই যোৱা এটা বেগ উদ্ধাৰ কৰে। বেগটোৰ পৰা এটা শক্তিশালী আই এ ডি, গুলী, ডিটেনেটৰ, আন বিস্ফোৰক সামগ্ৰী, দৰৱ আৰু এজোৰ জুটা উদ্ধাৰ কৰে।

উল্লেখযোগ্য যে কালি নিশা প্ৰায় ৮ বজাত সূত্ৰপাত হোৱা উক্ত সংঘৰ্ষত আলফা (স্বা)ৰ টাইগাৰ অসম নামৰ এজন কেডাৰ আঘাতপ্ৰাপ্ত হোৱা বুলি সেনাৰ এক প্ৰেছ বাৰ্তা প্ৰকাশ যদিও আলফা (স্বা)ৰ ফালৰ পৰা এই সম্পৰ্কত এতিয়ালৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই।

ঘটনা সম্পৰ্কে জানিব পৰা মতে, সন্দেহযুক্ত আলফা (স্বা)ৰ এটা সশস্ত্ৰ দলে ৰুপম অসম আৰু জান অসমৰ নেতৃত্বত অঞ্চলটোত বাহৰ পাতি থকাৰ সম্ভেদ লাভ কৰি সেনা-আৰক্ষীৰ দলে কালি পুৱাৰ ভাগত সমগ্ৰ অঞ্চলটো ঘেৰাও কৰি অভিযান আৰম্ভ কৰে যদিও সেই সময়ছোৱাত কোনো সংঘৰ্ষ ঘটা নাছিল।

কিন্তু নিশা প্ৰায় ৮ বজাত স্থানীয় ৰাইজে প্ৰচণ্ড গুলীয়াগুলীৰ শব্দ শুনিবলৈ পায়। নিশা ৯ বজালৈকে অব্যাহত থকা উক্ত গুলীয়াগুলীত গাওঁখনৰ দুই এক ঘৰৰ টিনপাত গুলীয়ে ফুটা কৰে বুলিও জানিব পৰা গৈছে।

এক সূত্ৰৰ পৰা পোৱা খবৰ অনুসৰি আলফা (স্বা)ৰ ২২ জনীয়া এটা দলে ম্যানমাৰ সীমান্ত পাৰ হৈ অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ দুৰ্গম অঞ্চল অতিক্ৰম কৰি জাগুনৰ এই অঞ্চলৰে সুৰক্ষিত এলেকালৈ যাবৰ বাবে কুচকাৱাজ চলাওঁতেই সেনাৰে কালি নিশা সংঘৰ্ষৰ সূত্ৰপাত হয়।

উল্লেখযোগ্য যে পূৰ্বেও উক্ত অঞ্চলটোত সেনা আৰু আলফা (স্বা)ৰ মাজত গুলীয়াগুলী হৈছিল। তদুপৰি এই অঞ্চলসমূহত আলফা উগ্ৰপন্থী বিচৰাৰ নামত ভাৰতীয় সেনাই পূৰ্বতেও গাঁওবাসীৰ ওপৰত অত্যাচাৰ চলোৱাৰ অভিযোগ আছে।

Recent News

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

উপলুঙা কৰাৰ কিছুদিন পাছতেই বিশ্বৰ ১ নং স্থানৰ মেগনাছ কাৰ্লছনক পৰাজিত কৰিলে ডি গুকেশে

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ফেটি লিভাৰৰ সমস্যা দূৰ কৰাত ৭ বিধ খাদ্যৰ যাদু !

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd