• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাষ্টগেইটত হিন্দু বাঙালী সংগঠনৰ প্ৰতিবাদস্থলত ৰঞ্জিত দাসৰ উদাত্ত ভাষণ; হাজেলাক সকীয়নি

প্ৰতীক হাজেলা অসমৰ ভাগ্য নিয়ন্ত্ৰক হ’ব নোৱাৰিব : ৰঞ্জিত দাস

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 25, 2018 9:28 pm
সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ প্ৰতিবাদ, দিচপুৰ লাষ্টগেইটত।

সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনৰ প্ৰতিবাদ, দিচপুৰ লাষ্টগেইটত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে দিচপুৰ লাষ্টগেইটত হিন্দু বাঙালী সংগঠনে কৰি থকাৰ প্ৰতিবাদস্থললৈ সোঁত বোৱা দেখা গৈছে বিজেপি দলৰ নেতা-বিধায়কৰ। আজি লাষ্টগেইটত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনে কৰি থকা প্ৰতিবাদস্থলত উপস্থিত হ’ল বিজেপিৰ সভাপতি ৰঞ্জিত দাস। দাসে তেওঁৰ ভাষণত প্ৰতীক হাজেলাক এক প্ৰকাৰ সকীয়নি দিয়ে।

উল্লেখযোগ্য যে এন আৰ চিৰ খচৰাৰ পৰা বাদপৰাসকলে দাবী-আপত্তি প্ৰক্ৰিয়াত দাখিল কৰিব লগা নথিৰ তালিকাৰ পৰা ৫বিধ নথিক অগ্ৰাহ্য কৰাৰ যি পৰামৰ্শ প্ৰতীক হাজেলাই আগ বঢ়াইছে তাক লৈ সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠন। ৰাজ্যৰ ৰাজনীতিও ইয়াক লৈ তোলপাৰ হৈ আছে। কংগ্ৰেছ, বিজেপি, এ আই য়ু ডি এফ প্ৰায় সকলো ৰাজনৈতিক দলেই প্ৰতীক হাজেলাৰ এই সিদ্ধান্তৰ বৈধতাত প্ৰশ্ন তুলিছে।

Apply Now

হাজেলাৰ এই সিদ্ধান্তৰ আটাইতকৈ বেছি প্ৰতিবাদ কৰিছে হিন্দু বাঙালী দল-সংগঠনে। ২৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে একাধিক বাঙালী সংগঠন প্ৰতিবাদত নামিছে ৫বিধ নথি অগ্ৰাহ্যৰ সিদ্ধান্তৰ বিৰুদ্ধে। কালি বঙালী যৌথ সমন্বয়ৰক্ষী সমিতিৰ পিছত আজি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেইশ্যনে প্ৰতিবাদত বহে।

আনহাতে আজিৰ প্ৰতিবাদস্থলত উপস্থিত হৈ ৰঞ্জিত দাস আৰু বিধায়ক শিলাদিত্য দেবে কেইবাটাও বিতৰ্কিত মন্তব্য কৰে ৰঞ্জিত দাসে বঙালী সম্প্ৰদায়ৰ লোকসকলৰ সমৰ্থন আদায় কৰিবলৈ গৈ বাৰেপতি প্ৰতীক হাজেলাক আক্ৰমণ কৰা দেখা গ’ল। হাস্যকৰভাৱে ‘অসম আন্দোলনৰ সময়ত বঙালী লোকসকলৰ গুৰুত্ব অধিক’ আছিল বুলি দাসে উল্লেখ কৰে।

প্ৰতিবাদকাৰীসকলৰ আগত উদাত্ত ভাষণ দি ৰঞ্জিত দাসে কয়, “প্ৰতীক হাজেলা অসমৰ ভাগ্য নিয়ন্ত্ৰক হ’ব নোৱাৰে। তেওঁ অসমৰ ৰাইজৰ কাৰণে ভগৱান নহয়। তেওঁৰ কি অধিকাৰ আছে, কি যুক্তিত তেওঁ ৫খন নথি অগ্ৰাহ্য কৰাৰ অধিকাৰ পালে?”

তেওঁ লগতে কয়, “এন আৰ চিৰ ক্ষেত্ৰত ৫খন নথি অগ্ৰাহ্য কৰিলে মানুহৰ মাজত বৈষম্যৰ সৃষ্টি হ’ব।”

‘হিন্দু বঙালী লোকসকলৰ কথা কেৱল ভাৰতীয় জনতা পাৰ্টীয়েহে চিন্তা কৰে’ বুলিও তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰে।

বৈধ নথিৰ তালিকা সম্বন্ধে তেওঁ কয়, “আমি চূড়ান্ত খচৰা প্ৰকাশ পোৱাৰ পাছতেই সংবাদ মাধ্যমত কৈছিলো, প্ৰব্ৰজনৰ প্ৰমাণ পত্ৰ আৰু শৰণাৰ্থীৰ প্ৰমাণ পত্ৰ যদি গ্ৰাহ্য কৰা নহয়, তেন্তে বহু ভাৰতীয়ৰ নাম বাদ পৰিব বুলি সেই দিনটোতে উল্লেখ কৰিছিলো।”

আনহাতে, মুচলমানসকলৰ নাম নোলোৱাকৈ তেওঁ কয়, “অসমীয়া, বাংলা, হিন্দীভাষী, নেপালী অথবা কোচ ৰাজবংশীয়েই হওক, সকলো লোকক লৈ আমি ভাৰতীয়। এই ভাৰতীয় বৈধ নাগৰিকসকলক বাদ কৰি যদি অন্যায়ভাৱে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰা হয়, তেনেক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিবাদ কৰিব।”

প্ৰতীক হাজেলাই উচিত কাম কৰিছেনে বে-আইনী কাম কৰিছে তাক লৈ উচ্চতম ন্যায়ালয়ক তদন্ত কৰিবলৈ দাবী জনায় বিজেপিৰ ৰাজ্যিক সভাপতিগৰাকীয়ে।

“ৰঞ্জন গগৈলৈ এটাই আহ্বান তেওঁ ৩ অক্টোবৰত মুখ্য ন্যায়াধীশ হ’ব, তেওঁলৈ শুভেচ্ছা জনোৱাৰ লগতে এটা আহ্বানো জনাইছো, ৫খন নথি অগ্ৰাহ্য কৰাৰ প্ৰকৃত কাৰণ কি এইটো বিচাৰ কৰক।” দাসে এইদৰে কয়।

আনহাতে, দাসে হাস্যকৰ দাবীৰে কয়, “অসম আন্দোলনৰ ৮৬০জন চহিদৰ ভিতৰত ১৪জন বঙালী চহিদ আছিল।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd