• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নতুন নিয়ম : কাজিৰঙাত জীপ ছাফাৰিৰ চালকৰ য়ুনিফ’ৰ্ম, আই কাৰ্ড থাকিব লাগিব

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2018 8:26 am
jeep-safari
181
VIEWS
Share on FacebookShare on Twitter

কাজিৰঙা অভয়াৰণ্যত বিভিন্ন পৰ্য্যটকক জীপত তুলি বন্যপ্ৰাণী দেখুৱাবলৈ নিয়া জীপ ছাফাৰিৰ চালকসকলৰ বাবে বন বিভাগে কেইটামান নতুন নিয়ম বান্ধি দিছে। অহা ছিজনৰ পৰা এই নতুন নিয়মকেইটা প্ৰজোয্য হ’ব।

নতুন নিয়মৰ ভিতৰত প্ৰধান দুটা নিয়ম হ’ল, চালকসকলে নিৰ্ধাৰিত পোচাক পিন্ধিব লাগিব। দ্বিতীয়তে, তেওঁলোকে নিজৰ পৰিচয় পত্ৰ লগত ৰাখিব লাগিব আৰু সেয়া ডিঙিত আঁৰি ল’ব লাগিব।

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক আকাশদীপ বৰুৱাই জানিবলৈ দিয়ে যে  পৰ্যটন ব্যৱস্থাপনা কিছু উন্নত তথা এক শৃংখলাবদ্ধ কৰি তুলিবৰ কাৰণে এইবাৰ ব্যৱস্থা হাতত লোৱা হৈছে।

তেওঁ কয় যে, নতুন পৰ্যটন বৰ্ষৰ পৰা কাজিৰঙাৰ সকলো জীপ ছাফাৰিৰ চালকে এই নিয়মবোৰ মানি চলিব লাগিব।

য়ুনিফ’ৰ্ম আৰু আই কাৰ্ডৰ উপৰি গাড়ীৰ কাগজ-পত্ৰৰ ক্ষেত্ৰতো কঠোৰ নীতি-নিয়ম মানি চলা হ’ব। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত গাড়ী চলাবলৈ ইচ্ছা কৰা সকলো জীপ ছাফাৰিৰ গৰাকীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ কাৰ্যালয়ত গাড়ীখনৰ সকলো যাৱতীয় কাগজ-পত্ৰ জমা দি আগতীয়াকৈ পঞ্জীয়ন কৰিব লাগিব। তাৰোপৰি উদ্যান কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰা উদ্যানৰ ভিতৰত গাড়ী চলোৱাৰ নীতি-নিৰ্দেশনা মানি চলিব লাগিব।

সঞ্চালকজনে জনোৱামতে, চলিত পৰ্যটন বৰ্ষ মুকলি হোৱাৰ পূৰ্বেই জীপ ছাফাৰিৰ চালকসকলক এইবোৰ দিশ সামৰি আৰু লগতে পৰ্য্যটক সকলৰ সৈতে কৰিব লগীয়া ব্যৱহাৰ আৰু কথোপকথন সন্দৰ্ভত এটা প্ৰশিক্ষণ কাৰ্য্যসূচী লোৱা হ’ব। এই প্ৰশিক্ষণৰ কালছোৱাত বনৰীয়া জন্তুৰ আচৰণ, গতি-বিধি পৰ্যৱেক্ষণ, পৰ্যটকৰ সৈতে ব্যৱহাৰ, কথোপকথনৰ কলা আদি সম্পৰ্কে জ্ঞান দিয়া হ’ব।

উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় অভয়াৰণ্যলৈ প্ৰতি বছৰে দেশ-বিদেশৰ বহু সংখ্যক পৰ্যটকৰ আগমন ঘটে।  ইয়াৰ পৰা চৰকাৰে বছৰি যথেষ্ট পৰিমাণৰ ৰাজহ পোৱাৰ লগতে স্থানীয় বহু নিবনুৱাই পৰ্য্যটনৰ ফলত সংস্থাপন লাভ কৰিছে।

Recent News

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

ষষ্ঠ অনুসূচীৰ অধীনত হিমন্ত চৰকাৰে জনজাতীয় স্বায়ত্তশাসন হৰণ কৰাৰ অভিযোগ গৌৰৱ গগৈৰ

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

শীঘ্ৰেই ডি ৱাই চন্দ্ৰচুড়ৰ বাংলো খালী কৰক; কেন্দ্ৰলৈ চিঠি উচ্চতম ন্যায়ালয়ৰ! ঘটনাটো কি?

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

ট্ৰাম্পক লক্ষ্য কৰিয়েই এইবাৰ ৰাজনৈতিক যুঁজত প্ৰৱেশ ইলন মাস্ক; ঘোষণা ‘আমেৰিকা পাৰ্টি’ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd