• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 8, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাজ্যৰ ৫৫৩খন হাইস্কুলত প্ৰধান শিক্ষক নিযুক্তি; নিযুক্তি প্ৰক্ৰিয়াৰ পৰা বঞ্চিত সহ শিক্ষকৰ চৰকাৰলৈ আৱেদন

এন ই নাও নিউজ by এন ই নাও নিউজ
September 26, 2018 11:09 am
Siddhartha-Bhattacharya-768x882

শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্য। ফাইল ফটো।

347
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত মুঠ ৫৫৩খন হাইস্কুলত খালী হৈ থকা প্ৰধান শিক্ষকৰ পদত অভিজ্ঞ আৰু উপযুক্ত শিক্ষকক নিযুক্তি দিয়াৰ যো-জা চলাইছে। এই সকলোবোৰ পদ নতুনকৈ চৰকাৰে অলপতে ঘোষণা কৰা নীতিৰ আধাৰত পূৰণ কৰা হ’ব। অৰ্থাৎ এইবোৰ পদত সংশ্লিষ্ট বিদ্যালয়খনৰে কোনো জ্যেষ্ঠ শিক্ষকক নিযুক্তি দিয়াৰ পৰিৱৰ্তে আন বিদ্যালয়ৰ যোগ্য শিক্ষকক নিযুক্তি দিয়া হ’ব।

ইয়াৰ বাবে ইতিমধ্যে চৰকাৰৰ শিক্ষা বিভাগে বাছনি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। যোৱা ১৩ জুলাইৰ পৰা চলি থকা এই প্ৰক্ৰিয়াটো অহা ২৯ ছেপ্তেম্বৰলৈকে চলিব। ইয়াৰ বাবে মাধ্যমিক শিক্ষাৰ যুটীয়া সচিব এছ এন চৌধুৰীক অধ্যক্ষ হিচাপে প্ৰধান শিক্ষক বাছনিৰ বাবে এখন কমিটী গঠন কৰি লোৱা হৈছে। প্ৰধান শিক্ষকৰ পদৰ বাবে নিম্নতম যোগ্যতা ১০ বছৰ সহ শিক্ষক হিচাপে থকা অভিজ্ঞতা আৰু বি এড ডিগ্ৰী নিৰ্ধাৰণ কৰিছে কমিটিয়ে।

এইখিনিতে চৰকাৰে প্ৰধান শিক্ষক নিযুক্তিৰ বাবে লোৱা সময়ক লৈ আপত্তি দৰ্শাইছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা বি এড ডিগ্ৰীৰ বাবে অধ্যয়ন কৰি ইতিপূৰ্বে পৰীক্ষাত অৱতীৰ্ণ হোৱা এচাম সহ শিক্ষকে। এওঁলোকে চৰকাৰক এই প্ৰক্ৰিয়াটো বিশ্ববিদ্যালয়খনে পৰীক্ষাৰ ফল ঘোষণা কৰালৈকে পিছুৱাই দিবলৈ অনুৰোধ জনাইছে। অথবা তেওঁলোককো এই বাছনি প্ৰক্ৰিয়াত প্ৰাৰ্থী হিচাপে অৱতীৰ্ণ হ’বলৈ অনুমতি দিয়াৰ আহ্বান জনাইছে।

এই সহ শিক্ষকসকলে নিজৰ যুক্তি দাঙি ধৰি কয় যে তেওঁলোকেও প্ৰধান শিক্ষক হোৱাৰ মানসেৰে বি এড পৰীক্ষাত অৱতীৰ্ণ হৈছে। কিন্তু তেওঁলোকৰ সৈতে একে শিক্ষাবৰ্ষতে (২০১৬-১৮) ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা বি এড পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষকসকলে এই বাছনি প্ৰক্ৰিয়াত প্ৰাৰ্থিত্ব আগ বঢ়োৱাৰ সুযোগ পালে। কাৰণ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত হোৱা এই পৰীক্ষাৰ ফল আজিৰ পৰা প্ৰায় দুমাহ পূৰ্বেই দিলে। কিন্তু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনৰ পৰীক্ষাৰ ফলাফল দিয়া নাই।

এনেস্থলত একেটা শিক্ষাবৰ্ষতে অধ্যয়ন কৰা একাংশ গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক সূচীৰ ইফাল-সিফাল হোৱা বাবেই বঞ্চিত হ’ব। গতিকে তেওঁলোকে চৰকাৰক উপৰোক্ত দুটা বিকল্পৰ মাজত কোনো এটাৰ জৰিয়তে তেওঁলোকক সুযোগ দিবলৈ অনুৰোধ কৰিছে।

Recent News

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

ধ্বংশৰ গৰাহলৈ গতি কৰিছে মানৱ জীৱন! ডিম্বাণু আৰু শুক্ৰাণুতো পোৱা গৈছে মাইক্ৰ’প্লাষ্টিকৰ উপস্থিতি

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd