• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এবছৰত দুখনকৈ বিয়া! বিজেপি নেতা শান্তনু ওজাৰ বিৰুদ্ধে প্ৰথম পত্নীৰ এজাহাৰ দাখিল

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 26, 2018 9:41 pm
Marriage Final Photo
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এবছৰতে দুখনকৈ বিয়া কৰোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত  হৈছে বিজেপি যুৱ মৰ্চাৰ নেতা শান্তনু ওজাৰ বিৰুদ্ধে। এই গুৰুতৰ অভিযোগ আনিছে শান্তনু ওজাৰ প্ৰথমা পত্নী অলিপ্ৰভা লাহনে। শান্তনু লাহনে আদালতত অলিপ্ৰভাৰ সৈতে চলিত বৰ্ষতে বিবাহ পাশত আবদ্ধ হৈছিল আৰু তেওঁৰ সৈতে বিবাহ বিচ্ছেদ নকৰাকৈ অন্য এগৰাকীৰ সৈতে বিবাহপাশত আবদ্ধ হোৱা বুলি অভিযোগ আনে অলিপ্ৰভাই। জানিব পৰা মতে বিজেপি নেতা শান্তনুৰ ঘৰ হেঙেৰাবাৰীৰ নিজৰাপাৰ পথত।

উল্লেখ্য যে, কালি বশিষ্ঠ আৰক্ষী থানাত অলিপ্ৰভা লাহনে নিজৰ স্বামীৰ বিৰুদ্ধে দ্বিতীয় বিবাহ কৰোৱাৰ গুৰুতৰ অভিযোগ তুলি এখন এজাহাৰ দাখিল কৰে। বশিষ্ঠ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ১২৩৩/১৮ নম্বৰত এক গোচৰ ৰুজু কৰে।

Apply Now

আনহাতে, ভুক্তভুগী মহিলাগৰাকীয়ে অভিযোগ কৰে যে বশিষ্ঠ আৰক্ষীয়ে তেওঁৰ স্বামীক সোধ-পোচৰ বাবে বৰ্তমানলৈকে থানালৈ অনা নাই । বশিষ্ঠ থানাৰ দায়িত্বত থকা এচিপি নন্দিনী কাকতিয়ে তেওঁক থানালৈ অনাৰ বাবে আৰক্ষী পঠোৱা হৈছে বুলি নৰ্থ ইষ্ট নাওৰ সৈতে হোৱা কথা-বতৰাত জানিবলৈ দিয়ে।

উল্লেখ্য যে, অলিভিলা লাহনৰ সৈতে বিজেপিৰ নেতা শান্তনু ওজাৰ চলিত বৰ্ষৰ ২২ ফেব্ৰুৱাৰীত কামৰূপ(মেট্ৰ’) ৰ আদালতত দুয়োৰে বিবাহ হৈছিল আৰু শান্তনু ভুক্তভোগী মহিলাগৰাকীৰ সৈতে স্বামী-স্ত্ৰীৰ নিচিনাকৈ ভেটাপাৰাৰ সোণালী পথৰ ঘৰ নং ০৯ ত বসবাস কৰিছিল বুলিও গুৰুতৰ অভিযোগ আনে। লগতে তেওঁ উক্ত আইনী বিবাহৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপিও সংবাদ মাধ্যম তথা আৰক্ষীক দাখিল কৰে।

Biya

আনহাতে, মহিলাগৰাকীয়ে এজাহাৰৰ প্ৰতিলিপিত উল্লেখ কৰা অনুসৰি তেওঁৰ পূৰ্বৰ স্বামী পংকজ দত্তৰ ১৩ ডিচেম্বৰ ২০০৭ ত মৃত্যু হৈছিল। তাৰ পাছৰে পৰা তেওঁ আৰু তেওঁৰ পুত্ৰ ইভৰাজ দত্ত অকলশৰীয়া হৈ পৰিছিল বুলিও এজাহাৰ প্ৰতিলিপিটোত স্পষ্টকৈ  উল্লেখ কৰিছে।

২০১৫ চনৰ ২৪ চেপ্তেম্বৰত তেওঁৰ শান্তনুৰ সৈতে চিনাকি হয় আৰু প্ৰথমতে বন্ধুত্ব তাৰ পাছত দুয়োৰে মাজত এক প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল বুলি ভুক্তভুগী মহিলাগৰাকীয়ে জানিবলৈ দিয়ে। কিন্তু শান্তনুৰ ঘৰৰ পৰিয়ালে শান্তনুৰ এই প্ৰেমক স্বীকৃতি দিয়া নাছিল আৰু তেওঁলোক সুখী নাছিল।

যোৱা ২২ চেপ্তেম্বৰৰ দিনা এগৰাকী অন্য ছোৱালীৰ সৈতে শান্তনুৰ বিয়া হৈ যায় অথচ ভুক্তভুগী মহিলাগৰাকীয়ে এই কথা গম পোৱা নাছিল। কালি তেওঁ ফেচবুকৰ টাইমলাইত শান্তনুৰ বন্ধু এজনে শান্তনুৰ বিয়াৰ ফটো আপলোড দিয়াত মহিলাগৰাকীয়ে এই কথা গম পায়। তেতিয়াই তেওঁ শান্তনুৰ সৈতে যোগাযোগ কৰাত শান্তনুৱে বিয়া পতাৰ কথা স্বীকাৰ কৰে। এই কথা এজাহাৰখনত ভুক্তভুগী মহিলাগৰাকীয়ে স্পষ্টকৈ উল্লেখ কৰিছে।

আনহাতে, শান্তনুৱে মহিলাগৰাকীৰ পৰা দামী ছেমছাং মোবাইল আৰু মহিলাগৰাকীৰ ভাতৃৰ পৰা ১ লাখ টকা লোৱা বুলি গুৰুতৰ অভিযোগ তোলে।

মহিলাগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে সমগ্ৰ বিষয়টো তন্ন তন্নকৈ লক্ষ্য কৰে আৰু বিবাহৰ প্ৰমাণপত্ৰখন সঁচা বুলি গণ্য কৰে। এচিপি নন্দিনী কাকতিৰ সৈতে নৰ্থ ইষ্ট নাওৰ সাংবাদিকে যোগাযোগ কৰাত তেওঁ জনাইছে যে শান্তনু ওজাক আটক কৰিবৰ বাবে আৰক্ষীৰ এটা দল ইতিমধ্যে প্ৰেৰণ কৰা হৈছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

চলন্ত গাড়ীত বিস্ফোৰণ, বোমা ফুটাই প্ৰেমিকাক হত্যা কৰাৰ চেষ্টা? প্ৰেমিকৰ চৰম পৰিণতি

June 28, 2026 1:32 pm
আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

আইনী জটিলতাত আৱদ্ধ! আদানীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিবলৈ অস্বীকাৰ নিউয়ৰ্কৰ আদালতৰ

June 28, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd