• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নৱেম্বৰত পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ পক্ষত বিজেপি

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
September 27, 2018 7:00 pm
20180927_120626

বৃহস্পতিবাৰে হাফলঙত অনুষ্ঠিত বিজেপিৰ কৰ্মী সভাত ৰাজ্যিক সভাপতি ৰঞ্জিত দাস। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ সাধাৰণ নিৰ্বাচন অহা নৱেম্বৰ মাহত অনুষ্ঠিত হ’ব। নিৰ্বাচন অনুষ্ঠিত কৰাৰ কাৰণে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে ৰাজ্যিক নিৰ্বাচন আয়োগক আহ্বান জনাইছে। বৃহস্পতিবাৰে হাফলং এন এল ডি ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত দলীয় কৰ্মী সভাত  ভাগ লৈ ৰাজ্যিক সভাপতিগৰাকীয়ে দলীয় নেতাকৰ্মী সকলকো নিৰ্বাচনৰ কাৰণে সাজু হোৱাৰ আহ্বান জনায়।

সভাপতি দাসে  কয় যে পাৰ্বত্য পৰিষদৰ ২৮ খন আসনৰ ২৮ খনেই বিজেপি দলৰ দখলত থাকিব। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত যেনেকৈ কংগ্ৰেছ দলৰ নাম-ঠিকনা নাইকিয়া হৈছে ঠিক তেনে ধৰণে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনতো কংগ্ৰেছ দলৰ অস্তিত্ব সংকটত পৰিব।

Apply Now

বৃহস্পতিবাৰে  কৰ্মী সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ কাৰণে পৃষ্ঠা প্ৰমুখ নিযুক্তি দিয়া হয়। এজন পৃষ্ঠা প্ৰমুখৰ দায়িত্ব হ’ব ভোটাৰ তালিকাৰ এটা পৃষ্ঠাত যিমান জন ভোটাৰ থাকিব তেওঁলোকৰ ঘৰে ঘৰে উপস্থিত হৈ বিজেপি দলৰ বিভিন্ন উন্নয়নমূলক আঁচনিৰ বিষয়ে ভোটাৰসকলক অৱগত কৰা হ’ব। সভাত জিলাৰ মুঠ দশটা মণ্ডলৰ সভাপতি সকলক পৃষ্ঠা প্ৰমুখ হিচাপে নিযুক্তি দিয়া হয়।

বিজেপি সভাপতিগৰাকীয়ে কয় যে ডিমা হাচাওত গণতান্ত্ৰিক ব্যৱস্থা অটুট ৰখাৰ কাৰণে নৱেম্বৰৰ ভিতৰত নিৰ্বাচন হোৱাটো বিজেপি দলে বিচাৰে। কৰ্মী সভাত জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা সহস্ৰাধিক নেতাকৰ্মী উপস্থিত থাকে।

আনহাতে, সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত ৰাজ্যিক সভাপতিগৰাকীয়ে কয় যে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনত অগপ দলৰ সৈতে বিজেপিৰ মিত্ৰতা প্ৰসংগটো পৃথক বিষয়। এই বিষয়ে ডিমা হাচাও জিলা বিজেপিয়ে সিদ্ধান্ত ল’ব। অবশ্যে লোকসভা নিৰ্বাচনত অগপ-বিজেপিৰ মিত্ৰতা থাকিব।

দাসে লগতে কয় যে নিৰ্বাচনত বিজেপি দলৰ প্ৰধান ইছ্যু হ’ব উন্নয়ন। কাৰণ বিজেপি দলে উন্নয়নত অধিক গুৰুত্ব দিছে। আনহাতে প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়েও পাহাৰৰ উন্নয়ন বিচাৰে। উন্নয়নৰ প্ৰসংগত তেওঁ কয় যে কংগ্ৰেছ চৰকাৰে আঁচনি প্ৰদানৰ ক্ষেত্ৰত বিভিন্ন শ্ৰেণীক গুৰুত্ব দিছিল। কিন্তু বিজেপি চৰকাৰে সমাজৰ প্ৰতিটো শ্ৰেণীক এনে আঁচনিত সামৰি লোৱাৰ ব্যৱস্থা লৈছে। অহা ২ অক্টোবৰৰ পৰা দেশৰ মুঠ ষাঠি লাখ বৃদ্ধ-বৃদ্ধাক বৃদ্ধ পেনশ্যন দিয়া হ’ব।

বৃহস্পতিবাৰৰ কৰ্মী সভাত ৰাজ্যিক বিজেপিৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ফনীন্দ্ৰনাথ শৰ্মা, ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ তথা ডিমা হাচাও বিজেপিৰ তত্ত্বাৱধায়ক ৰামকৃষ্ণ ঘোষ, ৰাজ্যিক উপ সভাপতি লংকি ফাংচু, পাৰ্বত্য পৰিষদৰ চিইএম দেবলাল গাৰ্লচা, ডিমা হাচাও জিলা বিজেপি সভাপতি নিপোলাল হোজাই আদি উপস্থিত থাকে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

১৩ বছৰৰ আইনী যুঁজৰ অন্ত! উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত আদালতত আত্মসমৰ্পণ তৰুণ তেজপালৰ

September 14, 2026 3:12 pm
যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

যোৰহাট-শিৱসাগৰত ১২২ কোটি টকাৰ উন্নয়নমূলক আঁচনিৰ শুভাৰম্ভ, চিনামৰাত নতুন উপায়ুক্ত কাৰ্যালয় আৰু ৰে’ল অভাৰব্ৰীজ উদ্বোধন হিমন্ত বিশ্ব শৰ্মাৰ

September 14, 2026 2:50 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd