• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

‘ভেন্সাৰ’ক বিদায়ৰ আশা দি ‘পলায়ন’ শিক্ষা মন্ত্ৰীৰ, যুদ্ধংদেহি ৰূপ শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 27, 2018 8:56 pm
Siddhartha-Bhattacharya-1-570x320

মঞ্চৰ সৈতে মন্ত্ৰীৰ বৈঠক। ফাইল ছবি।

1.1k
VIEWS
Share on FacebookShare on Twitter

ভেন্সাৰ বিদ্যালয়ক অসমৰ পৰা ‘চিৰ বিদায়’ দিয়াৰ আশা দি প্ৰতিশ্ৰুতি পালনৰ পৰিৱৰ্তে শিক্ষা মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্য্যই ‘পলায়ন’ কৰা বুলি অভিযোগ তুলি এইবাৰ যুদ্ধংদেহি ৰূপ লৈছে শিক্ষক-কৰ্মচাৰী ঐক্যমঞ্চ, অসম-এ।

শিক্ষা মন্ত্ৰীৰ বিৰুদ্ধে ‘পলায়ন’ৰ অভিযোগেৰে অহা ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনাই ৰাজধানী দিচপুৰ কঁপাবলৈ অসমৰ সকলো শিক্ষক-কৰ্মচাৰীকে দলে-বলে ওলাই আহিবলৈ আহ্বান জনাইছে মঞ্চই।

শিক্ষা মন্ত্ৰীৰ কথা মানি মঞ্চই আন্দোলনৰ পথ পৰিহাৰ কৰিছিল বুলি সদৰী কৰি মঞ্চৰ সাধাৰণ সম্পাদক আনোৱাৰ হুছেইন চৌধুৰীয়ে নৰ্থ ইষ্ট নাও-ক কয়, ‘কিন্তু শিক্ষা মন্ত্ৰীয়ে এতিয়াও যিহেতু কোনো গুৰুত্ব নিদিলে। গতিকে আমি এই কাৰ্য্যসূচী হাতত লৈছো।’

মঞ্চৰ অভিযোগ অনুসৰি যোৱা ১২ ছেপ্তেম্বৰত গুৱাহাটীৰ জনতা ভৱনত শিক্ষা মন্ত্ৰীৰ সৈতে হোৱা বৈঠকত মন্ত্ৰী ভট্টাচাৰ্য্যই শিক্ষকসকলে ‘আৰু আন্দোলন কৰিব নালাগে’ বুলি আশ্বাস দি অসমৰ পৰা সকলো ভেন্সাৰ বিদ্যালয়ক ‘চিৰ বিদায়’ দিয়া হ’ব বুলি ঘোষণা কৰিছিল।

কিন্তু প্ৰতিশ্ৰুতি পালন দূৰৰ কথা বৈঠকখনৰ কাৰ্য্যবিৱৰণীৰ প্ৰতিলিপিয়েই দুসপ্তাহৰ পিছতো সংগঠনটোক নিদি মন্ত্ৰী ভট্টাচাৰ্য্যই ‘পলায়ন কৰা’ বুলি ক্ষোভ প্ৰকাশ কৰিছে মঞ্চৰ সাধাৰণ সম্পাদক চৌধুৰীয়ে।

লগতে পঢ়ক ভেন্সাৰক চিৰ বিদায়! প্ৰাথমিক-মাধ্যমিক, মাদ্ৰাছা-সংস্কৃত টোল ২-৩ মাহৰ ভিতৰত হ’ব প্ৰাদেশীকৰণ : আশ্বাস শিক্ষা মন্ত্ৰীৰ

‘শিক্ষকসকলৰ ভয়ংকৰ সমস্যা এটাক পিঠি দি তেওঁ লণ্ডন ভ্ৰমণত গৈছে। মন্ত্ৰী বিদেশ ভ্ৰমণত আছে, সেই সময়তে তেজপুৰৰ এজন শিক্ষকে আত্মহত্যাৰ পথ বাচি লৈছে,’ ভট্টাচাৰ্য্যই সমস্যাটোৰ পৰা ‘পলায়ন’ কৰা বুলি মন্তব্য কৰি এই অভিযোগ চৌধুৰীৰ।

চৌধুৰীয়ে লগতে কয় যে শিক্ষা বিভাগৰ কাৰ্যালয়ত কাৰ্য্যবিৱৰণীৰ প্ৰতিলিপি বিচাৰিলে মন্ত্ৰী আহিলেহে ‘এই বিষয়ে ক’ব পাৰিম’ বুলি জনাই বিষয়াসকলে।

‘শিক্ষা মন্ত্ৰীৰ সৈতে যোৱা ১২ চেপ্তেম্বৰৰ বৈঠকত মন্ত্ৰীয়ে শিক্ষক-কৰ্মচাৰীসকলৰ দাবীসমূহত সহমত প্ৰকাশ কৰি সমস্যা সমাধানৰ আশ্বাস প্ৰদান কৰাৰ লগতে ১০ দিনৰ ভিতৰত শিক্ষা বিভাগৰ পৰা কাৰ্য্য বিৱৰণী পাব বুলি প্ৰতিশ্ৰুতি দিছিল,‘ নৰ্থ ইষ্ট নাও-ক ক্ষোভেৰে জনালে ঐক্য মঞ্চৰ চৌধুৰীয়ে।

ইফালে নৰ্থ ইষ্ট নাও-এ ফ’নত বহুবাৰ চেষ্টা কৰাৰ পিছতো লণ্ডনত থকা শিক্ষা মন্ত্ৰী ভট্টাচাৰ্য্য আৰু অসমৰ শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ সৈতে বৰ্তমানলৈকে যোগাযোগ সম্ভৱ হোৱা নাই।

Recent News

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় কৰ্মশালা অনুষ্ঠিত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd